ETV Bharat / state

Narengi murder case : বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল ?

author img

By

Published : Feb 20, 2023, 1:21 PM IST

গুৱাহাটীৰ নাৰেংগীত ভয়ংকৰ ঘটনা (Guwahati murder case)। স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি থৈছিল ফ্ৰীজত । তিনিদিন পাছত দুই সহযোগীৰ সৈতে মৃতদেহৰ টোপোলাবোৰ পেলাই দিলে মেঘালয়ৰ পথৰ দাঁতিত । আৰক্ষীয়ে অভিযুক্ত পত্নীসহ আন দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে ।

Narengi murder case
বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল

বন্দনাই কেনেকৈ স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল

গুৱাহাটী,২০ ফেব্ৰুৱাৰী : দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ কথা হয়টো আপোনাৰ মনত আছে । ভয়ংকৰ আৰু নৃশংস সেই হত্যাকাণ্ডটোৱে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল (Delhi Shraddha case)। সেই চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ গুৱাহাটীত সংঘটিত হৈছে অনুৰূপ ঘটনা । স্বামী আৰু শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি কাটি ভৰাই থলে ফ্ৰীজত এগৰাকী মহিলাই । পাছত মেঘালয়ৰ ডাউকী ৰোডৰ দ খাৱৈত পেলাই দিয়ে মৃতদেহৰ টুকুৰাবোৰ । ঘটনাৰ ৰহস্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে এই হত্যাকাণ্ড ইমানে নৃশংস আছিল যে পত্নীয়ে স্বামী আৰু শাহুৱেকক প্ৰথমে হত্যা কৰি পাছত শৰীৰ দুটা দাৰে টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় ৫০/৬০ ফুট দ খাবৈত পেলাই দিছিল (Woman killed husband and mother in law)। ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৭ মাহ পাছত আৰক্ষীৰ গোপন তদন্তত এই তথ্য পোহৰলৈ আহিছে ।

সূত্ৰৰ মতে মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ কিছুদিনলৈ স্বামী-স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ ধনজিত ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । এই কথাক লৈ স্বামী অমৰজ্যোতি দে আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।

ইফালে অমৰজ্যোতি দে'ৰ মাতৃ শংকৰী দেৰ নামত মহানগৰীৰ চানমাৰিত পাঁচটাকৈ অট্টালিকা আছিল । তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল । ইয়াৰে অন্য চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দেৰ মোমায়েকে । ইয়াক লৈও পত্নী বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল । এনে বিভিন্ন কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দেৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল ।

প্ৰায় ৭ মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে নিৰুদ্দেশ হৈ থকা বুলি নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীনৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে । এই তদন্ত চলি থকাৰ মাজতে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰে । শাহুৱেকৰ পাঁচটা একাউণ্টৰ ধন অমৰজ্যোতি দেৰ মোমায়েকে হৰলুকি কৰাৰ অভিযোগ কৰি বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰে ।

আৰক্ষীয়ে এই পাঁচটা একাউণ্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্মভাৱে তদন্ত কৰি দেখে যে তাৰে এটা একাউণ্টৰ পৰা বন্দনাই এটিএম কাৰ্ড ব্যৱহাৰ কৰি ৫ লাখ টকা উলিয়াইছে । এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে । পাছত আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে । আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দে আৰু শাহুৱেক শংকৰী দে'ক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ।

আৰক্ষীৰ জেৰাত বন্দনাই কোৱা মতে তেওঁ প্ৰথমে শাহুৱেক শংকৰী দে'ক চানমাৰিৰ অট্টালিকাত অৰূপ দাস নামৰ আন এজন যুৱকৰ সহযোগত মুখত সোপা দি হত্যা কৰে । তাৰ পাছত মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত তিনিদিনলৈ ভৰাই ৰাখে । তিনিদিন পাছত বন্দনাই পুনৰ নাৰেংগীস্থিত নিজৰ বাসভৱনত স্বামী অমৰজ্যোতি দে'ক প্ৰেমিক ধনজিত ডেকাৰ সহযোগত ডিঙি চেপি নৃশংসভাৱে হত্যা কৰে । পাছত অমৰজ্যোতি দে'ৰ মৃতদেহটো দাৰে টুকুৰা টুকুৰকৈ কাটি পলিথিনত ভৰাই থয় ।

তাৰ পাছত মাতৃ আৰু পুত্ৰৰ খণ্ড বিখণ্ড মৃতদেহৰ টুকুৰাবোৰ ধনজিত ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয় । ডাউকীত তিনিওটা হত্যাকাৰী মিলি মৃতদেহৰ টোপোলা দুটা পথৰ দাঁতিৰ দ খাৱৈত পেলাই দিয়ে । সূত্ৰৰ পৰা জানিব পৰা মতে এই ভয়ংকৰ কথা স্বীকাৰ কৰি খোদ বন্দনা কলিতাই । বন্দনাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধনজিত ডেকাক দেওবাৰে তিনিচুকীয়াৰ পৰা আৰু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি থানালৈ লৈ আহে (Narengi murder case accused arrested)।

নুনমাটি আৰক্ষীয়ে তিনিও হত্যাকাৰীক লগত লৈ মেঘালয়ৰ ডাউকীত উপস্থিত হয় । আৰক্ষীৰ দলটোৱে দ' খাৱৈত অভিযান চলায় মৃতদেহ দুটাৰ কিছুমান অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে এই হত্যাকাণ্ড দুটাত এক বৃহৎ চক্ৰ জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে । লগতে বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলিও দাবী কৰিছে আৰক্ষীয়ে ।

ইফালে এই হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিযুক্ত হত্যাকাৰী বন্দনা কলিতাৰ পিতৃ কামিনী কলিতাই । যদিহে তেওঁৰ কন্যা সঁচাকৈয়ে দোষী তেন্তে গুলী কৰি হত্যা কৰিবলৈ আৰক্ষীক আহ্বান জনাই পিতৃয়ে । উল্লেখ্য যে প্ৰায় দহ বছৰ পূৰ্বে বিয়া হৈছিল বন্দনা আৰু অমৰজ্যোতিৰ । সম্প্ৰতি এই ঘটনাক লৈ ৰহস্য অব্যাহত আছে । আৰক্ষীৰ তদন্তত আৰু কি কি নতুন তথ্য পোহৰলৈ আহে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Murder in Guwahati: শিলেৰে খুন্দিয়াই ই-ৰিক্সা চালকক হত্যা মহানগৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.