ETV Bharat / state

দিহানামেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি; পশ্চিম গুৱাহাটীত ১৫ হাজাৰোধিকৰ উপস্থিতিত কৰ্মশালা সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 9:59 PM IST

পশ্চিম গুৱাহাটীত ১৫ হাজাৰোধিকৰ উপস্থিতিত কৰ্মশালা সম্পন্ন
দিহানামেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি

এইবাৰ দিহানামেৰে বিশ্ব অভিলেখ গঢ়াৰ পূৰ্ণ প্ৰস্তুতি চলিছে । তাৰ বাবে ১৫ হাজাৰোধিক আই-মাতৃ, বাপ-বান্ধৱৰ উপস্থিতিত পশ্চিম গুৱাহাটীত এই দিহানামৰ বিশ্ব অভিলেখৰ কৰ্মশালা সম্পন্ন হয় ।

গুৱাহাটী, ৪ ডিচেম্বৰ : সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত চলিছে দিহানামৰ বিশ্ব অভিলেখৰ প্ৰস্তুতি । এইবাৰ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ সৃষ্টি দিহানাম অসমৰ ৬০ হাজাৰ আই-মাতৃ, বাপ-বান্ধৱ তথা দিহানামৰ শিল্পীয়ে একেলগে পৰিবেশন কৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লোৱা হৈছে ।

'আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰে মাত, পালি পহৰীয়া সবে নিদ্রা গৈলে উপজিলে জগন্নাথ' এই দিহানামটি ৬০ হাজাৰ শিল্পীয়ে পৰিবেশন কৰি বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্য লোৱা হৈছে । এই অনুষ্ঠানখনি অনুষ্ঠিত হ'ব পশ্চিম গুৱাহাটীৰ আজাৰা থানাৰ অধীনৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰপাবৰী পথাৰত । তাৰেই অংশস্বৰূপে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে প্রায় ৪-৫ মাহ পূৰ্বৰে পৰাই কৰ্মশালাৰ জৰিয়তে আখৰা চলি আছে ।

এই বিশ্ব অভিলেখ সৃষ্টিৰ দিহানামৰ অনুষ্ঠানটি অনুষ্ঠিত হ'ব অহা ১৭ ডিচেম্বৰত । সেই উদ্দেশ্যে মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত চৰপাবৰী পথাৰত গুৱাহাটী মহানগৰী আৰু দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা অহা ১৫ হাজাৰোধিক আই-মাতৃ, বাপ-বান্ধৱৰ মাজত নির্বাচিত উক্ত দিহানামফাকিৰ এক কর্মশালা অনুষ্ঠিত হয় ।

এগছি বন্তি প্ৰজ্বলনেৰে দিহানামৰ আখৰা তথা কৰ্মশালা উদ্বোধন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে দিহানাম সমিতিৰ কৰ্মশালাৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদিকা সুচিত্রা কলিতাই আঁতধৰা সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিশ্ব অভিলেখৰ দিহানামৰ অনুষ্ঠানটোৱে আশাকৰা ধৰণে 'গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে ।

সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অগপৰ নেতাদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাণী খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক গুণজিৎ ঠাকুৰীয়া, দিহানাম সমিতিৰ কেন্দ্ৰীয় সভাপতি গণেশ দাস, সম্পাদিকা প্রতিভা খনিকৰ, কোষাধ্যক্ষ ৰীমা বড়ো, কাৰ্যকৰী সদস্য অলকামণি ৰায়, চৰপাবৰী পথাৰ দিহানাম পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক পৱিত্ৰ কটকী আদিৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

কেন্দ্রীয় সমিতিৰ সভাপতি গণেশ দাসে আই-মাতৃ আৰু দিহানামৰ শিল্পীসকলক সেইদিনা কেনেদৰে দিহানাম পৰিবেশন কৰিব লাগিব আৰু কি পোছাক পৰিধান কৰিব লাগিব এই সকলো দিশ সামৰি পৰামৰ্শ আগবঢ়ায় । এই কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈকে উপস্থিত ১৫ হাজাৰোধিক আই-মাতৃ আৰু শিল্পীয়ে দিহানামৰ আখৰা সম্পন্ন কৰে ।

এক কথাত ক'বলৈ হ'লে বিশ্ব অভিলেখৰ বাবে মাজত মাত্ৰ ১২ দিন বাকী থকা অৱস্থাত দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মাজিৰগাঁও গাঁও পঞ্চায়তৰ আকাশ-বতাহ ।

লগতে পঢ়ক :এৰী কাপোৰ প্ৰস্তুতেৰে মহিলাক স্বাৱলম্বী কৰাৰ অনন্য প্ৰয়াস এগৰাকী জিলা আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.