ETV Bharat / state

এৰী কাপোৰ প্ৰস্তুতেৰে মহিলাক স্বাৱলম্বী কৰাৰ অনন্য প্ৰয়াস এগৰাকী জিলা আয়ুক্তৰ

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:35 PM IST

সোমবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত হয় এখন কৰ্মশালা ৷ কাৰ্বি মহিলাসকলক এৰী সূতাৰ উৎকৃষ্ট কাপোৰ প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়া হয় এই কৰ্মশালাত ৷

workshop on spinning of eri silkworm
spinning of eri silkworm

এৰী কাপোৰেৰে মহিলাক স্বাৱলম্বী কৰাৰ অনন্য প্ৰয়াস

ডিফু, ৪ নৱেম্বৰ: বিভিন্ন পৰম্পৰাগত সম্পদেৰে সমৃদ্ধ অসমৰ জনগোষ্ঠীসকল ৷ তেওঁলোকৰ খাদ্যসম্ভাৰ, সাজ-পোছাক, আ-অলংকাৰ, লোকাচাৰ, গীত-নৃত্য আদি সঁচাকৈয়ে উপভোগ্য ৷ হাতে বোৱা ৰং-বিৰঙী জনজাতীয় সাজ-পাৰক সকলোৱেই আদৰ কৰে ৷ অসমৰ অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ মহিলাসকলো বোৱা-কটাত পাকৈত ৷ কাৰ্বি মহিলাসকলে নিজে বৈ লয় ৰং-বিৰঙী পৰম্পৰাগত সাজ ৷

তেওঁলোকক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যেই সোমবাৰে কাৰ্বিআংলং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ শিপিনীসকলৰ মাজত এৰী আৰু ৰেচমৰ কাপোৰ বোৱা-কটাৰ এদিনীয়া দক্ষতা উন্নীতকৰণৰ কৰ্মশালা অনুষ্ঠিত হয় ৷ ডিফুৰ ফাৰ্মাৰ্চ এণ্ড গ্ৰ'থ চেণ্টাৰৰ সভাকক্ষত আয়োজিত এদিনীয়া কৰ্মশালাত শিপিনীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

বিভাগীয় সমল ব্যক্তিৰ অংশগ্ৰহণত মুখ্য অতিথি ৰূপে বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী মধুৰাম লেকথে, জিলা আয়ুক্ত মধুমিতা ভাগৱতী আৰু জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে দেশৰ লগতে বিদেশতো এৰী আৰু ৰেচমৰ বস্ত্ৰৰ চাহিদা আছে ৷ সেই বাবে পৰাম্পৰাগতভাৱে জিলাখনৰ ৰেচম আৰু এৰী পলুৰ ওপৰত নিৰ্ভৰশীল মহিলাসকলৰ সুবিধাৰ্থে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ইয়াৰ জৰিয়তে মহিলাসকলক ৰেচম আৰু এৰী পলুৰ সূতাৰে বোৱা-কটা কৰাৰ বাবে উন্নত মানৰ অত্যাধুনিক বিশেষ যন্ত্ৰ প্ৰদান কৰি ৰেচম আৰু এৰীৰ উৎপাদিত বস্ত্ৰৰ চাহিদা পূৰণ কৰা হ’ব ৷

আনহাতে নিজৰ ভাষণ প্ৰসংগত বিধায়ক বিদ্যাছিং ইংলেঙে জিলা আয়ুক্ত মধুমিতা ভাগৱতীক উচ্চ প্ৰশংসা কৰে ৷ জিলা আয়ুক্তগৰাকীয়ে নিজে এগৰাকী মহিলা হৈ মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে উদ্যোগ লোৱাটো প্ৰশংসনীয় বিষয় ৷ জিলা আয়ুক্ত মধুমিতা ভাগৱতী সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া বুলিও মন্তব্য কৰে ইংলেঙে ৷

লগতে পঢ়ক: অচিৰেই অত্যাধুনিক চহৰলৈ পৰিণত হ’ব তিনিচুকীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.