ETV Bharat / state

Crime in Guwahati:চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কাঢ়ি নিলে নগদ ধন

author img

By

Published : Jul 1, 2023, 9:25 PM IST

Updated : Jul 1, 2023, 9:41 PM IST

Crime news of Guwahati
মহানগৰীত নগদ ধন কাঢ়ি নিয়া ঘটনা

গুৱাহাটী মহানগৰীৰ নুনমাটিত ধন লুটৰ ঘটনা। মহিলাক আক্ৰমণ কৰি লুটি নিয়ে ধন । বজাৰখনলৈ গৈ থকা অৱস্থাতে আক্ৰমণ কৰিলে মহিলাক ।

মহানগৰীত নগদ ধন কাঢ়ি নিয়া ঘটনা

গুৱাহাটী ১ জুলাই: গুৱাহাটী মহানগৰীত শেহতীয়াকৈ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা । চুৰি-ডকাইতিৰ পৰা আৰম্ভ কৰি হত্যাকাণ্ড, পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা চেইন টানি নিয়া ঘটনা নিতৌ সংঘটিত হৈয়ে আছে । এনে অপৰাধমূলক ঘটনাক লৈ এতিয়া মহানগৰ আৰক্ষী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এনে অপৰাধমূলক ঘটনাবোৰ ৰোধ কৰাৰ বাবে আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আছে যদিও অপৰাধমূক কাৰ্য সদায় সংঘটিত হৈয়ে আছে ৷

এইবাৰ নুনমাটিৰ চূনচালি শিৱ মন্দিৰৰ সমীপত নিশা ৰাজপথত এগৰাকী মহিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰি নগদ ধন কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে মহিলাগৰাকীক আক্ৰমণ কৰা চূনচালিৰ ধৰমবীৰ যাদৱ নামৰ লোকজনক সোধা পোচাৰ বাবে নুনমাটি আৰক্ষীয়ে আটক কৰিছে ।

সুমিত্ৰা দেৱী নামৰ ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি আজি সন্ধিয়া প্ৰায় ৮.৩০ বজাত ঘৰৰ ওচৰত থকা বজাৰখনলৈ গৈ থকা অৱস্থাত ওচৰ চুবুৰীয়া ধৰমবীৰ যাদৱ নামৰ লোকজনে মহিলাগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে । ধৰমবীৰ যাদৱে চোকা অস্ত্ৰৰে মহিলা গৰাকীৰ হাতত আক্ৰমণ কৰি কাঢ়ি লৈ যায় নগদ ধন ২০০০ টকা । এই লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজতে সুযোগ বুজি আক্ৰমণকাৰীয়ে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

পিচত ভুক্তভোগী মহিলাগৰাকীয়ে নুনমাটি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ ইফালে,মহিলাগৰাকীয়ে অনা অভিযোগ খণ্ডন কৰিছে ধৰমবীৰ যাদৱ নামৰ লোকজনে । বৰং সুমিত্ৰা দেৱীৰ পৰিয়ালৰ লোকে ঘৰত গৈ আক্ৰমণ কৰাৰ অভিযোগ তুলি তেওঁলোকেও নুনমাটি থানাত পৃথক কৈ দাখিল কৰিছে এজাহাৰ । পিছে কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। মহানগৰ আৰক্ষীয়ে চোৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিলেও এই প্ৰত্যাহ্বান গ্ৰহণ কৰাত ব্য়ৰ্থ হোৱা বুলি প্ৰায়ে অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Dighalipukhuri: দীঘলীপুুখুৰীক বণিয়াৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব; অসম তৃণমূল কংগ্ৰেছ

Last Updated :Jul 1, 2023, 9:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.