ETV Bharat / state

Dighalipukhuri: দীঘলীপুুখুৰীক বণিয়াৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব; অসম তৃণমূল কংগ্ৰেছ

author img

By

Published : Jul 1, 2023, 6:59 PM IST

গুজৰাটৰ এটা প্ৰতিষ্ঠানৰ হাতত অৰ্পণ কৰা হ’ল দীঘলীপুখুৰী পৰিচালনাৰ দায়িত্ব ৷ অসম পৰ্যটন নিগমৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ ৷

Dighalipukhuri
Dighalipukhuri

গুৱাহাটী, 1 জুলাই: ঐতিহাসিক দীঘলীপুখুৰীক ব্যৱসায়িক উদ্দেশ্যৰে ব্যৱহাৰ কৰাৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমে গতাই দিছে গুজৰাটৰ এটা প্ৰতিষ্ঠানক ৷ 15 বছৰৰ বাবে দীঘলীপুখুৰী পৰিচালনা কৰিব ‘ইচিএইছটি কংল’মেৰাট প্ৰাইভেট কোম্পানী লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৱে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম তৃণমূল কংগ্ৰেছৰ ৷

এক বিবৃতিত কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতাই কয়,‘‘খিলঞ্জীয়াৰ অধিকাৰ আৰু জাতি-মাটি-ভেটিৰ কথা কোৱা ৰাজ্যৰ বিজেপি চৰকাৰে গুজৰাটী পুঁজিপতিৰ কথা মতে যে চলি আছে সেয়া প্ৰমাণিত হৈছে ৷ জাতি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰে ৰাজ্যৰ ঐতিহাসিক সম্পদসমূহ এপদ এপদ কৈ মোদী-শ্বাহৰ আশিষধন্য গুজৰাটী প্ৰতিষ্ঠানক গোটাবলৈ আৰম্ভ কৰিছে ৷’’

তেওঁ আৰু কয়,‘‘ গোপীনাথ বৰদলৈ বিমান বন্দৰ আদানীক হস্তান্তৰ কৰাৰ পিচত ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তু গোপনে আম্বানীক বিক্ৰী কৰা চৰকাৰখনে এইবাৰ অসমৰ ইতিহাস বিক্ৰী কৰিবলৈ ওলাইছে ৷ ৰজা ভগদত্তই খন্দোৱা তথা গুৱাহাটী মহানগৰীৰ প্ৰাণ হিচাবে পৰিচিত ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটৰ কোম্পানীক অৰ্পণ কৰিব ওলাইছে ৷ ইয়ে প্ৰমাণ কৰিছে যে বিজেপিৰ ওচৰত অসমৰ মান-সন্মানৰ কোনো মূল্য নাই ৷’’

‘‘বিজেপিয়ে কেৱল গুজৰাটী পুঁজিপতিৰ হৈ কাম কৰিব ৷ গুৱাহাটীৰ ইতিহাস বিক্ৰী কৰা এই কাৰ্য গুৱাহাটী মহানগৰ তৃণমূল কংগ্ৰেছে কেতিয়াও মানি নলয় ৷ থলুৱা উদ্যোগীক উদ্বুদ্ধ কৰাৰ বিপৰীতে গুজৰাটী পুঁজিপতিৰ পকেটত থকা বিজেপি চৰকাৰে ৰাজ্যৰ এই ঐতিহাসিক অমূল্য ৰত্ন ব্যক্তিগত কোম্পানীক গতোৱা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব ৷’’ কলিতাই লগতে কয় ৷

আনহাতে অসমীয়া উদ্যোগীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰৰ অংশ হিচাবে দীঘলীপুখুৰী ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ সন্দৰ্ভত পৰ্যটন উন্নয়ন নিগমে আহ্বান কৰা নিবিদাৰ বিষয়টো সম্পূৰ্ণ গোপনে ৰখা বুলি কলিতাই লগতে অভিযোগ কৰে । কথাই প্ৰতি জাতি-মাটিৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰখনে অসমীয়াক ভাতে মৰাৰ কুচক্ৰান্ত কৰা বুলি তেওঁ লগতে মন্তব্য কৰে ।

এই অসম তথা অসমীয়া বিৰোধী সিদ্ধান্ত বাতিল নকৰিলে মহানগৰ তৃণমূল কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: Dighalipukhuri: গুজৰাটী বণিয়াক দীঘলীপুখুৰী গতোৱাৰ বিৰুদ্ধে সৰৱ AICCTU-তৃণমূল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.