ETV Bharat / state

মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

author img

By

Published : Oct 18, 2020, 4:27 PM IST

বিগত প্ৰায় এমাহেই খালি হৈ আছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ গুৰুত্বপূৰ্ণ আসনখন । পৰৱৰ্তী প্ৰধান সচিব পদৰ বাবে চৰ্চিত হৈছে কেইবাজনো শীৰ্ষ আমোলাৰ নাম । ৰাজধানী দিছপুৰত এতিয়া সবাটোকৈ চৰ্চাৰ বিষয়টো হ'ল কোন হ’ব মুখ্যমন্ত্ৰীৰ পৰবৰ্তী প্ৰধান সচিব ৷

principal secretary
principal secretary

গুৱাহাটী, ১৮ অক্টোবৰ : সুদীৰ্ঘ সময় মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত অধিষ্ঠিত হৈ থকা সঞ্জয় লোহিয়াই ইতিমধ্যে ডেপুটেশ্বনত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত যোগদান কৰিছে । ফলত বিগত প্ৰায় এমাহেই খালি হৈ আছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এই সন্মানীয় আৰু গুৰুত্বপূৰ্ণ আসনখন । ৰাজধানী দিছপুৰত এতিয়া সবাটোকৈ চৰ্চাৰ বিষয়টো হ'ল কোন হ’ব মুখ্যমন্ত্ৰীৰ পৰবৰ্তী প্ৰধান সচিব ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে যিহেতু ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহহে বাকী আছে, গতিকে এই সময়ত প্ৰশাসনিক কাম-কাজতকৈ দলীয় কাম-কাজতহে অধিক ব্যস্ত থাকিব লগীয়া হ’ব মুখ্যমন্ত্ৰী । সেয়েহে প্ৰধান সচিবৰ পদটোত সদ্যহতে মুখ্যমন্ত্ৰীয়ে কাকো নিযুক্তি নিদিলেও আচৰিত হ’বলগীয়া একো নাথাকিব ।

অৱশ্যে একে সময়তে কিন্তু পৰৱৰ্তী প্ৰধান সচিব পদৰ বাবে চৰ্চিত হৈছে কেইবাজনো শীৰ্ষ আমোলাৰ নাম । এইসকলৰ ভিতৰত অন্যতম হৈছে অবিনাশ যোশী, বি কল্যাণ চক্ৰৱৰ্তী, জি ডি ত্ৰিপাঠী আৰু ৰাজেশ প্ৰসাদ ।

লগতে পঢ়ক : ন্যায়ৰ অপেক্ষাত 15 বছৰ অতিক্ৰম কৰিলে কাৰ্বি-ডিমাছা সংঘাতৰ ভুক্তভোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.