ETV Bharat / state

শিক্ষা মন্ত্রণালয়ৰ প্ৰতিবেদনত উন্মোচন অসমৰ ডিজিটেল শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ

author img

By

Published : Jul 5, 2022, 1:39 PM IST

দেশৰ ভিতৰতে সর্বনিম্ন স্থানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা । লাভ কৰিলে মাত্র ১ পইণ্ট । অসমৰ ৩৩খন জিলাৰ ভিতৰত কামৰূপ মহানগৰ সৰ্বোচ্চ ১১ পইণ্ট লাভ । 'পার্ফমেন্স গ্রেডিং ইনডেস্ক ফৰ ডিষ্ট্ৰিকছ’ৰ (Performance Grading Index for Districts 2019-20) ২০১৯-২০ বৰ্ষৰ প্ৰতিবেদনত অসমৰ ডিজিটেল শিক্ষাৰ পুতৌজনক ছবি ।

Digital education
Digital education

গুৱাহাটী, ৫ জুলাই : ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা জটিল পৰিস্থিতিত বিগত দুটা বছৰ ৰাজ্যৰ শিক্ষা খণ্ডতো অচলাৱস্থাৰ সৃষ্টি হৈছিল (Complex situation created in education sector by Covid)। দীৰ্ঘ সময়ৰ বাবে শিক্ষানুষ্ঠানসমূহত নিয়মীয়া পাঠদান বন্ধ হৈ পৰাৰ ফলত শিক্ষার্থীসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় । যাৰ প্ৰভাৱ এতিয়াও শিক্ষা খণ্ডত অব্যাহত আছে । ইয়াৰ মাজতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াৰ বাবে পৰম্পৰাগত পদ্ধতিৰ সলনি ক’ভিডৰ সময়ছোৱাত ডিজিটেল শিক্ষা ব্যৱস্থা বিকল্প হিচাপে বহুলভাৱে ব্যৱহৃত হৈছিল (Digital education system used during covid period) । কিন্তু অসমত এই ডিজিটেল শিক্ষা ব্যৱস্থা প্ৰকৃতাৰ্থত কার্যকৰী হোৱা নাছিল । কিয়নো একবিংশ শতিকাতো ৰাজ্যৰ ডিজিটেল শিক্ষা ব্যৱস্থা শোচনীয় অৱস্থাতে আছে ।

ফলত সুদূৰপৰাহত হৈ পৰিছে এই শিক্ষা ব্যৱস্থা । এই তথ্য উন্মোচিত হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা এখন প্রতিবেদনত । কেইবাটাও বিষয় সামৰি মন্ত্ৰালয়ে প্ৰকাশ কৰা ‘পার্ফমেন্স গ্রেডিং ইনডেস্ক ফৰ ডিষ্ট্ৰিকছ’ (পি জি আই-ডি) ২০১৯-২০ বৰ্ষৰ প্ৰতিবেদনত (Performance Grading Index for Districts 2019-20 Report) ৰাজ্যৰ ডিজিটেল শিক্ষা ব্যৱস্থাৰ শোচনীয় ৰূপ প্ৰকাশ পাইছে । অসমৰ ৩৩ খন জিলাক সামৰি লোৱা এই প্রতিবেদনত প্ৰতিখন জিলাৰ 'ডিজিটেল লাৰ্নিঙ'ৰ ক্ষেত্ৰত প্ৰদৰ্শন অত্যন্ত শোচনীয়।

অসমৰ ডিজিটেল শিক্ষাৰ মান উন্মোচন শিক্ষা মন্ত্ৰালয়ৰ তথ্যত
অসমৰ ডিজিটেল শিক্ষাৰ মান উন্মোচন শিক্ষা মন্ত্ৰালয়ৰ তথ্যত

প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি ডিজিটেল লাৰ্নিঙৰ ক্ষেত্ৰত দেশৰ ভিতৰতে সর্বনিম্ন স্থানত আছে ৰাজ্যৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা (South Shalmara Mankasar district ranks lowest in country digital learning) । এই জিলাখনে ডিজিটেল লার্নিঙৰ ক্ষেত্ৰত প্ৰদান কৰা মুঠ ৫০ পইণ্টৰ ভিতৰত মাত্র এক পইণ্টহে লাভ কৰিবলৈ সক্ষম হৈছে । তদুপৰি, ৰাজ্যৰ আন জিলাসমূহৰ প্ৰদৰ্শনো একেবাৰে আশাব্যঞ্জক নহয় । উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ তথা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কামৰূপ মহানগৰ জিলাই এই সূচাংকত লাভ কৰিছে মাত্র ১১ পইণ্ট । ৰাজ্যৰ ভিতৰতে কামৰূপ মহানগৰেই ডিজিটেল লার্নিং শিতানত সর্বাধিক ১১ পইণ্ট লাভ কৰিছে (Kamrup City secured maximum of 11 points in digital learning)। আন জিলাসমূহে ডিজিটেল লার্নিং শিতানত অধিকাংশই ১০ৰ তলত পইণ্ট লাভ কৰিছে ।

কেৱল মৰিগাঁও আৰু দৰং জিলাই ডিজিটেল লার্নিং শিতানত ১০ নম্বৰকৈ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে তিনিচুকীয়াই ৬, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট জিলাই ৫, চিৰাং, শিৱসাগৰ, শোণিতপুৰে ৪ পইণ্টকৈ ডিজিটেল লার্নিঙত লাভ কৰিছে । আন জিলাসমূহে ডিজিটেল লার্নিং শিতানত ২-৩ পইণ্টকৈহে লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে এই ডিজিটেল লার্নিঙত পইণ্ট প্ৰদানৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰা হৈছিল । বিশেষকৈ কম্পিউটাৰৰ সুবিধা, ইণ্টাৰনেটৰ সুবিধা, বিদ্যালয়সমূহত প্রযুক্তিগত সা-সৰঞ্জাম পৰিচালনা কৰা প্ৰশিক্ষিত শিক্ষকৰ সংখ্যা আদিৰ ওপৰত ভিত্তি কৰি ২০১৯-২০ বৰ্ষৰ পি জি আই-ডি প্রতিবেদন প্রস্তুত কৰা হৈছিল ।

ৰাজ্যত নাই ডিজিটেল শিক্ষাৰ পৰ্যাপ্ত সুবিধা
ৰাজ্যত নাই ডিজিটেল শিক্ষাৰ পৰ্যাপ্ত সুবিধা

এই প্রতিবেদনৰ পাছত ৰাজ্যৰ ডিজিটেল শিক্ষা ব্যৱস্থা যে এতিয়াও অত্যন্ত চালুকীয়া অৱস্থাতে আছে, সেয়া নিশ্চিত হৈ পৰিছে । ইয়াৰ লগে লগে ক’ভিডৰ সময়ছোৱাত অনলাইন ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীক শিক্ষা প্রদান ব্যৱস্থা কিমান ফলপ্ৰসূ আছিল, তাক লৈও সন্দেহ সৃষ্টি হৈছে । অসমৰ বিপৰীতে ডিজিটেল লার্নিঙৰ ক্ষেত্ৰত পঞ্জাব, তামিলনাডু, কেৰালা আদিৰ দৰে ৰাজ্যই উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে (Punjab, Tamil Nadu, Kerala able to perform better in digital learning) । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে পি জি আই-ডি ইনডেস্কৰ জৰিয়তে আন কেইবাটাও গুৰুত্বপূৰ্ণ কাৰক বিবেচনা কৰি বিভিন্ন ৰাজ্যৰ জিলাসমূহৰ তালিকা প্রকাশ কৰা হৈছে ।

ফলাফল, শ্ৰেণীকোঠাত কাৰ্যকৰীভাৱে পাঠদান, আন্তঃগাঁথনি, বিদ্যালয়ত সুৰক্ষা আৰু শিশু সুৰক্ষা, ডিজিটেল লার্নিং আৰু পৰিচালনা ব্যৱস্থাৰ ভিত্তিত শিক্ষানুষ্ঠানসমূহক বিভিন্ন শিতানত অন্তৰ্ভুক্ত কৰা হৈছে । এই আটাইবোৰ কাৰণ বিবেচনা কৰাৰ পাছত ৯০ শতাংশ বা তাতকৈ অধিক পইণ্ট লাভ কৰা বিদ্যালয়সমূহক দক্ষ, ৮১ৰ পৰা ৯০ শতাংশলৈকে পইণ্ট লাভ কৰা বিদ্যালয়সমূহক উৎকর্ষ, ৭১ৰ পৰা ৮০ শতাংশলৈকে পইণ্টপ্রাপ্ত বিদ্যালয়সমূহ অতি উত্তম, ৬১ৰ পৰা ৭০ পইণ্ট লাভ কৰা বিদ্যালয়সমূহক উত্তম, ৫১ৰ পৰা ৬০ শতাংলৈকে পইণ্ট লাভ কৰা বিদ্যালয়সমূহক প্রচেষ্টা-১ হিচাপে অন্তর্ভুক্ত কৰা হৈছে ।

অসমত ডিজিটেল শিক্ষাৰ আন্তঃগাঁথনিৰ অভাৱ
অসমত ডিজিটেল শিক্ষাৰ আন্তঃগাঁথনিৰ অভাৱ

সেইদৰে ৪১ শতাংশৰ পৰা ৫০ শতাংশ পইণ্ট লাভ কৰা বিদ্যালয়সমূহক প্রচেষ্টা-২, ৩১ শতাংশৰ পৰা ৪০ শতাংশ পইণ্ট লাভ কৰা বিদ্যালয়সমূহক প্রচেষ্টা-৩, ২১ৰ পৰা ৩০ শতাংশ পইণ্ট লাভ কৰা বিদ্যালয়সমূহক আকাংক্ষী-১ আৰু ১১ৰ পৰা ২০ শতাংশ পইণ্ট লাভ কৰা বিদ্যালয়সমূহক আকাংক্ষী-২ বুলি অভিহিত কৰা হৈছে । ১০ শতাংশতকৈ কম পইণ্ট লাভ কৰা শিক্ষানুষ্ঠানসমূহক আকাংক্ষী-৩ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । লক্ষণীয়ভাৱে অসমৰ এখনো জিলাই এই সূচাংকত দক্ষ অথবা অতি উত্তম হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

কেৱল মৰিগাঁও আৰু বিশ্বনাথ জিলাই উত্তম শ্রেণীৰ ভিতৰত স্থান লাভ কৰিছে । এই দুয়োখন জিলাই মুঠ পইণ্ট লাভ কৰিছে ক্ৰমে ৩৯২ আৰু ৩৬৩ । ইফালে বঙাইগাঁও, মাজুলী, যোৰহাট, দৰং, চৰাইদেউ, নলবাৰী, ডিব্ৰুগড়, গোৱালপাৰা, কামৰূপ, শিৱসাগৰ, হাইলাকান্দি, কোকৰাঝাৰ, বৰপেটা, কাছাৰ, নগাঁও, শোণিতপুৰ, ধুবুৰী, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, গোলাঘাট, ডিমা হাছাও, ওদালগুৰি, হোজাই আৰু কাৰ্বি আংলঙক প্রচেষ্টা-১ত অন্তর্ভুক্ত কৰা হৈছে । একেদৰে কৰিমগঞ্জ, ধেমাজি, কামৰূপ মহানগৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা মানকাচৰে প্ৰচেষ্টা-২ত স্থান লাভ কৰিছে ।

প্রচেষ্টা-৩ শ্রেণীত অন্তর্ভুক্ত হোৱা অসমৰ একমাত্ৰ জিলাখন হৈছে লখিমপুৰ । অৱশ্যে ডিজিটেল লার্নিঙৰ ক্ষেত্ৰত ২০১৮-১৯ বৰ্ষৰ তুলনাত ৰাজ্যৰ জিলাসমূহে সামান্য উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । ২০১৮-১৯ বৰ্ষত মৰিগাঁও জিলাই ডিজিটেল লার্নিঙৰ ক্ষেত্ৰত সর্বাধিক ১০ পইণ্ট লাভ কৰিছিল । ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি যে ডিজিটেল শিক্ষা ব্যৱস্থাৰ ক্ষেত্রত অসম বহু পিছপৰি আছে । আনহাতে, ক'ভিডৰ সময়ত চলা অনলাইন শিক্ষা ব্যৱস্থা কাৰ্যত নামতহে আছিল ।

লগতে পঢ়ক :নুমলীগড় তেল শোধনাগাৰৰ নামত ভুৱা ৱেবছাইট: চাকৰি প্ৰত্যাশীৰ পৰা ধন লুটাৰ চেষ্টা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.