ETV Bharat / state

গুৱাহাটীৰ সৰ্বনিম্ন তাপমান ১১ ডিগ্রীলৈ হ্ৰাস

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 7:35 PM IST

katabatic winds
মহানগৰী গুৱাহাটীত বৃদ্ধি শীতৰ প্ৰকোপ

Regional Meteorological Centre: কেটাবেটিক উইণ্ড নামৰ এজাক পাতলীয়া বতাহৰ বাবে মহানগৰীত বৃদ্ধি শীতৰ প্ৰকোপ । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এক সূত্ৰই সদৰী কৰা অনুসৰি সন্ধিয়াৰে পৰা শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ।

গুৱাহাটী, ১৩ জানুৱাৰী : অসমৰ শীতকালীন মাহ হিচাপে পৰিচিত পুহৰ অন্তিম দিনকেইটাত যেন অতিপাত শীতে আমনি কৰিছে সৰ্বসাধাৰণ ৰাইজক । উল্লেখ্য যে হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজধানী মহানগৰী গুৱাহাটীত চলি থকা এজাক পাতলীয়া চেঁচা বতাহে নমাই আনিছে শীত । ইপিনে,সন্ধিয়াৰে পৰা শীতৰ প্ৰকোপ এইকেইদিনত যথেষ্ট বৃদ্ধি পাইছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এক সূত্ৰই উল্লেখ কৰা মতে, হিমালয় পৰ্বতৰ উত্তৰ আৰু খাচী পাহাৰৰ দক্ষিণ দিশত শীতকালত সৃষ্টি হোৱা ‘কেটাবেটিক উইণ্ড' (katabatic winds) নামৰ এজাক পাতলীয়া বতাহ অৰুণাচলৰ পাহাৰত খুন্দা খাই পুনৰ উভতি বলাত গুৱাহাটী মহানগৰীলৈ হঠাৎ শীতৰ আগমন ঘটিছে । তেনেস্থলত এজাক পাতলীয়া বতাহে ৰাজ্যখনৰ ভিন্নস্থানৰ লগতে গুৱাহাটী মহানগৰীকো চুই গৈছে । উল্লেখনীয় যে 'কেটাবেটিক উইণ্ড' নামৰ এই বতাহজাকে গছনিৰে পৰিপূৰ্ণ ঠাই, হাবি-জংঘল আদি স্থানত কুঁৱলীৰ সৃষ্টি কৰে । ৰাজ্যখনৰ অন্য স্থানৰ তুলনাত গুৱাহাটী মহানগৰীত যিহেতু গছ-গছনিৰ সংখ্যা কম, তেনেক্ষেত্ৰত গুৱাহাটী মহানগৰীৰ সৰ্বত্ৰে ডাঠ কুঁৱলীৰ সৃষ্টি হোৱা নাই । তথাপি সন্ধিয়াৰে পৰা মহানগৰীৰ ভিন্ন স্থানত কুঁৱলীৰ এক আচ্ছাদনে ঢাকি ধৰি থকা দৃষ্টি গোচৰ হৈছে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰটোৱে জনোৱা মতে, গুৱাহাটী মহানগৰীত নিশাৰ ভাগত ডাঠ কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ বৃদ্ধি পাব । কুঁৱলী আৰু ঠাণ্ডা বতাহ বলি থকা বাবে গুৱাহাটীৰ তাপমান হ্রাস পাইছে । ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ আজিৰ দিনটোৰ সৰ্বনিম্ন তাপমান আছিল ১১ ডিগ্রী চেলছিয়াছ । আগন্তুক মাঘ বিহুৰ সময়লৈ গুৱাহাটীৰ আকাশ পুৱাৰ ভাগত কুঁৱলীৰ আচ্ছাদনে ঢাকি ধৰাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল আৰু শুকান হৈ থাকিব । অৱশ্য়ে বিহুৰ পাছত অতি পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰটোৱে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্রাপ্ত তথ্য অনুসৰি আজিৰে পৰা ১৯ জানুৱাৰীলৈ গুৱাহাটীত পুৱাৰ ভাগত কুঁৱলী পৰিব যদিও পিছৰ ভাগলৈ চৌপাশ মুকলি হ’ব ।

এই বতৰত গুৱাহাটীত যোৱা ৭ জানুৱাৰীত সর্বনিম্ন তাপমান অভিলেখ গঢ়ি ১০.৬ ডিগ্রী চেলচিয়াছ হৈছিল । ৰাজ্যৰ কেইখনমান চহৰৰ আজিৰ সৰ্বনিম্ন তাপমান আছিল এনে ধৰণৰ-ধুবুৰীত ১৪.৪ ডিগ্রী চেলচিয়াছ, ডিব্ৰুগড়ত ৮.৫ ডিগ্রী চেলচিয়াছ, গোৱালপাৰাত ১১ ডিগ্ৰী চেলচিয়াছ, গোলাঘাটত ১৪ ডিগ্রী চেলচিয়াছ, যোৰহাটত ৭.৭ ডিগ্রী চেলচিয়াছ, উত্তৰ লখিমপুৰত ৮.৬ ডিগ্রী চেলচিয়াছ আৰু তেজপুৰত ১২.৭ ডিগ্রী চেলচিয়াছ ।

লগতে পঢ়ক:চৌদিশে ভোগালীৰ আনন্দ, চতিয়াত ব্যতিক্ৰমী ভেলাঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.