ETV Bharat / state

Har Ghar Tiranga Abhiyan: ৭ আগষ্টৰ পৰা বিজেপিৰ মণ্ডলে মণ্ডলে ত্ৰিৰংগা বিক্ৰীৰ ব্যৱস্থা

author img

By

Published : Aug 4, 2022, 9:22 PM IST

বাজপেয়ী ভৱনত বিজয়া চক্ৰৱৰ্তীয়ে শুভাৰম্ভ কৰিলে ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ (Flag sales center open in Guwahati) । ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ দলৰ কাৰ্যকৰ্তাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাটৰ নাট প্ৰদৰ্শন, চাইকেল ৰেলী, সমদল আৰু পদযাত্ৰা কৰি নৱ প্ৰজন্মৰ মাজত স্বাধীনতা আন্দোলনৰ বিষয়ে সজাগতা অভিযান চলাব । ১২ আগষ্টৰ দিনা বিভিন্ন স্থানত প্ৰভাতফেৰী কৰি দলীয় কার্যকৰ্তাই ৰাজ্যবাসীক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ বাবে অনুপ্ৰাণিত কৰিব ।

Har Ghar Tiranga Abhiyan
৭ আগষ্টৰ পৰা বিজেপিৰ মণ্ডলে মণ্ডলে ত্ৰিৰংগা বিক্ৰীৰ ব্যৱস্থা

গুৱাহাটী, ৪ আগষ্ট : ৰাজ্যবাসীক ঘৰ ঘৰ ত্ৰিৰংগা অভিযানৰ লগত সংযুক্ত কৰাৰ বাবে ৰ‍াজ্যিক বিজেপিয়ে ব্যাপক কাৰ্যসূচী আৰম্ভ কৰিছে । এই কাৰ্যসূচীৰ অংশ হিচাপে দলৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় ‘‘অটল বিহাৰী বাজপয়েী ভৱন’’ৰ চৌহদত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰে (Flag sales center open in Guwahati)।

৭ আগষ্টৰ পৰা বিজেপিৰ মণ্ডলে মণ্ডলে ত্ৰিৰংগা বিক্ৰীৰ ব্যৱস্থা

এনেধৰণৰ বিক্ৰী কেন্দ্ৰ দলৰ প্ৰতিখন সাংগঠনিক জিলা কার্যালয় আৰু মণ্ডল কাৰ্যালয়ত ৭ আগষ্টৰ দিনা আৰম্ভ কৰা হ’ব । বিক্ৰী কেন্দ্ৰ মুকলি কৰি দলৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ত্ৰিৰংগাৰ সৈতে জনগণৰ আত্মীয়তাক আৰু অধিক সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ।

আজিৰ ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কার্যক্ৰমত দলৰ ৰাজ্যিক উপ সভাপতিদ্বয় বিজুলী কলিতা আৰু অশোক ভট্টৰায়, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, উপ মেয়ৰ স্মিতা ৰয় দাস, অ’ বি চি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, এচ চি মৰ্চাৰ সভানেত্ৰী মুন স্বর্ণকাৰ, জ্যেষ্ঠ নেতা প্ৰফুল্ল বৰা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, ৰাজ্যিক মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু ৰঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে দলৰ দুই শতাধিক কার্যকর্তা উপস্থিত আছিল ।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিজন নাগৰিকক স্বাধীনতাৰ অমৃত উৎসৱৰ কাৰ্যসূচীৰ সৈতে জড়িত কৰোৱাৰ উদ্দেশ্যেৰে দলে ইতিমধ্যে ব্যাপক কাৰ্যসূচী হাতত লৈছে । ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ দলৰ কাৰ্যকৰ্তাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাটৰ নাট প্ৰদৰ্শন, চাইকেল ৰেলী, সমদল আৰু পদযাত্ৰা আদি বাহিৰ কৰি নৱ প্ৰজন্মৰ মাজত স্বাধীনতা আন্দোলনৰ বিষয়ে সজাগতা অভিযান চলাব ।

একেদৰে ১২ আগষ্টৰ দিনা বিভিন্ন স্থানত প্ৰভাতফেৰী কৰি দলীয় কার্যকৰ্তাই ৰাজ্যবাসীক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ বাবে অনুপ্ৰাণিত কৰিব বুলি দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Har Ghar Tiranga Abhiyan: ত্ৰিৰংগাৰ লগত বিনামূলীয়াকৈ গছপুলি বিতৰণ বোকাখাতৰ মহকুমাধিপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.