Har Ghar Tiranga Abhiyan: ত্ৰিৰংগাৰ লগত বিনামূলীয়াকৈ গছপুলি বিতৰণ বোকাখাতৰ মহকুমাধিপতিৰ

By

Published : Aug 4, 2022, 7:14 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱা উপলক্ষে আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশজুৰি আৰম্ভ হৈছে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযান (Har Ghar Tiranga Abhiyan) ৷ সমান্তৰালকৈ অসমতো ক্ষীপ্ৰতৰে চলিছে এই অভিযান ৷ শেহতীয়াকৈ, ঘৰ-ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসনে হাতত লৈছে বিশেষ পদক্ষেপ । মহকুমাটোৰ বিভিন্ন মহিলা আত্মসহায়ক গোটে প্ৰস্তুত কৰা ত্ৰিৰংগা বিক্ৰীৰ বাবে দোকানে দোকানে ঘূৰিছে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ (Bokakhat SDO Neha Yadav)। মহকুমাধিপতিগৰাকীয়ে বোকাখাত নগৰৰ মাজমজিয়াত দোকানীৰ হাতে হাতে তুলি দিছে একোখনকৈ তিনি বৰণীয়া জাতীয় পতাকা ৷ লগতে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰাহকৰূপী দোকানীসকলক বিনামূলীয়াকৈ প্ৰদান কৰিছে একোটা গছপুলি । মহকুমা প্ৰশাসনৰ এই উদ্যোগক বিপুল সঁহাৰি জনাইছে স্থানীয় লোকসকলেও ৷

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.