ETV Bharat / state

Congress leader Sarat Barkataki: কংগ্ৰেছ দলে হেৰুৱালে এগৰাকী অভিভাৱক; বৰ্ষীয়ান নেতা শৰৎ বৰকটকীৰ দেহাৱসান

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:15 PM IST

Congress leader Sarat Barkataki Passes Away
প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান। 88 বছৰত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিক নেতাজনে।

বৰ্ষীয়ান নেতা শৰৎ বৰকটকীৰ দেহাৱসান

গুৱাহাটী, 30 অক্টোবৰ : কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান ৷ নিশা প্ৰায় 1.30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিক নেতাজনে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 88 বছৰ ৷ বিগত 16 অক্টোবৰৰ পৰা গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল নেতাগৰাকী ৷ মৃত্যুৰ পূৰ্বে নেত্ৰ দান কৰি গৈছে শৰৎ বৰকটকীয়ে ৷ সোমবাৰে পুৱা প্ৰায় 10 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গৰ পৰা উলিওৱা হয় তেখেতৰ নশ্বৰদেহ ৷

ইয়াৰ পিছতে পোনে পোনে তেখেতৰ নশ্বৰদেহ নিয়া হয় উলুবাৰীস্থিত বাসগৃহলৈ ৷ তাতেই নেতাজনলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিয়ালৰ লগতে গুণমুগ্ধ সকলে ৷ বাসভৱনৰ পাছত নেতা গৰাকীৰ নশ্বৰ দেহ লৈ অনা হয় ৰাজীৱ ভৱনলৈ ৷ ৰাজীৱ ভৱনত অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কংগ্ৰেছৰ নেতা-কর্মী সকলে ৷ ৰাজীৱ ভৱনৰ পৰা দিছপুৰ আইন মহাবিদ্যালয় আৰু বিয়লি সোণাৰিলৈ লৈ যোৱা হয় শৰৎ বৰকটকীৰ নশ্বৰদেহ ৷ সোণাৰিতেই ৰাজ্যিক মৰ্যদাৰে মঙলবাৰে সম্পন্ন হ’ব প্ৰয়াত নেতাজনৰ শেষকৃত্য ৷

বৰ্ষীয়ান নেতা শৰৎ বৰকটকীৰ দেহাৱসানত শোক প্ৰকাশ কংগ্ৰেছৰ দলৰ নেতা-কর্মী সকলৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কয়,"শৰৎ বৰকটকী ডাঙৰীয়া কংগ্ৰেছৰ বাবে অভিভাৱক আছিল ৷ ৰাইজে নজনা ৰাজীৱ ভৱনৰ আভ্যন্তৰীণ কাম-কাজ সমূহ শৰৎ বৰকটকী ডাঙৰীয়াই কৰিছিল ৷ নিৰ্বাচনত হাৰি ভাঙি যোৱা দলটোক এই পৰ্যায়লৈ লৈ আনিছিল বৰকটকী দেৱে ৷ বৰকটকী ছাৰ গুৱাহাটীত থকাৰ বাবে মই ৰাজীৱ ভৱনৰ ক্ষেত্ৰত চিন্তামুক্ত হৈ আছিলো ৷ সকলো ক্ষেত্ৰতে তেখেতে চকু ৰাখিছিল ৷"

কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে বৰ্ষীয়ান নেতাজনৰ বিয়োগ সন্দৰ্ভত কয়, "ৰাজীৱ ভৱনত প্ৰথম প্ৰৱেশৰ দিনাৰ পৰাই মই শৰৎ বৰকটকী দেৱৰ সান্নিধ্য লাভ কৰিছিলো ৷ কংগ্ৰেছৰ ভাল দিন, বেয়া দিন সকলো সময়তেই তেওঁ দলৰ হৈ কাম কৰি গৈছিল ৷" ইফালে নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰাজীৱ ভৱনত উপস্থিত হয় আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱা ৷ শৰৎ বৰকটকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আলফা নেতাগৰাকীয়ে ৷

শৰৎ বৰকটকীৰ মৃত্যুত ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন দল- সংগঠন সমূহেও শোক প্ৰকাশ কৰে ৷ শৰৎ বৰকটকীৰ মৃত্যুত সমাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে, "জ্যেষ্ঠ ৰাজনীতিবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়াৰ মৃত্যুৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ এগৰাকী দক্ষ ৰাজনীতিবিদ তথা নিকা ব্যক্তিত্বৰ অধিকাৰী বৰকটকী ডাঙৰীয়াক বহু বছৰ সতীৰ্থ হিচাবে পাওঁতে তেখেতৰ পৰা বিভিন্ন কথা শিকিবলৈ পাইছিলোঁ ৷ তেখেতৰ মৃত্যু অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক বৃহৎ ক্ষতি ৷ প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনালোঁ ৷ সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে বৰকটকী ডাঙৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৷"

লগতে পঢ়ক : Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.