ETV Bharat / state

ULFA leader in Rajiv Bhawan: ৰাজীৱ ভৱনত কিয় উপস্থিত হ’ল আলফা নেতা অৰবিন্দ ৰাজখোৱা ?

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 8:19 PM IST

ULFA leader Arvinda Rajkhowa
আলফা নেতা অৰবিন্দ ৰাজখোৱা

আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ আকস্মিক ৰাজীৱ ভৱনত আগমনক লৈ আৰম্ভ হৈছে চৰ্চা । অৱশ্য়ে তেওঁ কোনো ৰাজনৈতিক উদ্দেশ্য় লৈ ৰাজীৱ ভৱনলৈ অহা নাই বুলি স্থিতি স্পষ্ট কৰিছে ।

আলফা নেতা অৰবিন্দ ৰাজখোৱা

গুৱাহাটী, 30 অক্টোবৰ : অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সোমবাৰে আকস্মিকভাৱে দেখা গ'ল আলফা নেতা অৰবিন্দ ৰাজখোৱাক ৷ ৰাজীৱ ভৱনত অৰবিন্দ ৰাজখোৱাৰ এই পদাৰ্পণক লৈ পৰৱৰ্তী সময়ত দেখা গ'ল ব্যাপক চৰ্চা । যোৱা নিশা দেহাৱসান হোৱা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সোমবাৰে পুৱা গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতা-কৰ্মীৰ প্ৰস্তুতি ৷ তাৰ মাজতে ৰাজীৱ ভৱনত প্ৰৱেশ কৰিলে আলোচনাপন্থী আলফা নেতা সভাপতি অৰবিন্দ ৰাজখোৱাই ৷

আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ এই আকস্মিক ৰাজীৱ ভৱনত আগমনৰ লগে লগে আৰম্ভ হ'ল ব্যাপক চৰ্চা । ব্যস্ততা বৃদ্ধি পায় উপস্থিত সাংবাদিক সকলৰো ৷ কিয়নো শেহতীয়াভাৱে কাজিৰঙাত হোৱা আলোচনাপন্থী আলফাৰ সাধাৰণ পৰিষদৰ বৈঠকত ঘোষিত হৈছিল যে শীঘ্ৰেই লোকসভা নিৰ্বাচনৰ পূৰ্বে স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আলফা-চৰকাৰৰ শান্তি চুক্তি ৷ তাৰ পিছতেই স্বাধীনভাৱে সিধান্ত ল'ব পাৰিব আলফাৰ নেতা-সদস্যই ৷

ইয়াৰ বিপৰীতে চৰ্চা হৈ আছে যে কেইবাগৰাকীও শীৰ্ষ আলফা নেতাই কোনো ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ সম্ভাৱনা আছে । সেয়ে অৰবিন্দ ৰাজখোৱাৰ এই ৰাজীৱ ভৱন আগমন চৰ্চাৰ বিষয় হৈ পৰাটোৱেই স্বাভাৱিক । কোনো ৰাজনৈতিক কাৰণত নহয় আজি মৃত্যু হোৱা কংগ্ৰেছ নেতা তথা সোণাৰিৰ ৫ বাৰৰ বিধায়ক শৰৎ বৰকটকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈহে ৰাজীৱ ভৱনত উপস্থিত হয় অৰবিন্দ ৰাজখোৱা ৷

ইপিনে,ৰাজীৱ ভৱনত আগমন প্ৰসংগত অৰবিন্দ ৰাজখোৱাই কয়, 'মই শৰৎ বৰকটকীদেৱক শ্ৰদ্ধা জনাবলৈহে ৰাজীৱ ভৱনলৈ আহিছো । মই GMCগৈ নাপালো আৰু ঘৰলৈ যাব পৰা অৱস্থাত নাই । গতিকে ৰাজীৱ ভৱনলৈ আহিব লগা হ'ল । ইয়াত অন্য কথা নাই । বেলেগকৈ কথাটো ভাবিব নালাগে ৷ বেলেগ চৰ্চা চলিব নালাগে ।'

উল্লেখযোগ্য যে প্ৰয়াত শৰৎ বৰকটকীৰ সোণাৰি সমষ্টিতে আলফা নেতা অৰবিন্দ ৰিজখোৱাৰ ঘৰ ৷ সেয়ে বৰকটকীৰ সৈতে ঘণিষ্ঠ সম্পৰ্কৰ কথা দোহাৰিলে ৰাজখোৱাই । আনকি আলফাৰ প্ৰতি বিভিন্ন সময়ত প্ৰয়াত বৰকটকীয়ে আগবঢ়োৱা মৰমৰ কথাও সুঁৱৰিলে অৰবিন্দ ৰাজখোৱাই ৷ আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"অৰবিন্দ ৰাজখোৱাৰ ৰাজীৱ ভৱন আগমন সম্পূৰ্ণ অৰাজনৈতিক । কেৱল শৰৎ বৰকটকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈহে ৰাজখোৱা আহিছিল ৰাজীৱ ভৱনলৈ ৷"

লগতে পঢ়ক:Congress leader Sarat Barkataki: কংগ্ৰেছ দলে হেৰুৱালে এগৰাকী অভিভাৱক; বৰ্ষীয়ান নেতা শৰৎ বৰকটকীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.