ETV Bharat / state

দেশৰ ভিতৰতে ব্যতিক্ৰমী ৰূপ পাব গুৱাহাটী ৰে’ল ষ্টেচনে; জালুকবাৰীত নিৰ্মাণ হ’ব নতুন ISBT

author img

By

Published : Jun 14, 2023, 5:54 PM IST

Assam Govt signed two MoUs
Assam Govt signed two MoUs

অসম ৰাজ্যিক পৰিবহন নিগম আৰু উত্তৰ পূৱ ৰে’লৱেৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ। ৰে'লৱেক পল্টনবজাৰৰ ৫ বিঘা মাটি দি অসম ৰাজ্যিক পৰিবহন নিগমে পালে জালুকবাৰীত ২০ বিঘা মাটি । আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় আৰু নুমলীগড় শোধনাগাৰৰ মাজত বুজাবুজিৰ চুক্তি । আভ্যন্তৰীণ জল পৰিবহণৰ জাহাজৰ ইন্ধন নুমলীগড় শোধনাগাৰৰ পৰা ক্ৰয় কৰা হ'ব বছৰি হিচাপত ।

অসম ৰাজ্যিক পৰিবহন নিগম আৰু উত্তৰ পূৱ ৰে’লৱেৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

গুৱাহাটী, ১৪ জুন: বিকাশৰ লক্ষ্য আগত ৰাখি বুধবাৰে অসম চৰকাৰৰ দুটাকৈ বিভাগৰ দুখনকৈ চুক্তি স্বাক্ষৰিত হয় । জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম ৰাজ্যিক পৰিবহন নিগম আৰু উত্তৰ-পূব ৰে'লৱেৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । আনহাতে, একেটা অনুষ্ঠানতে আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় আৰু নুমলীগড় শোধনাগাৰৰ মাজত বুজাবুজিৰ আন এখন চুক্তি স্বাক্ষৰিত হয় ।

অসম ৰাজ্যিক পৰিবহন নিগম আৰু উত্তৰ-পূব ৰে'লৱেৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি নিগমৰ পল্টন বজাৰস্থিত প্ৰায় ৫ বিঘা ভূমি উত্তৰ-পূব ৰে'লৱেয়ে লাভ কৰিছে । আনহাতে ইয়াৰ বিনিময়ত পৰিবহন নিগমে ৰে'লৱেৰ পৰা জালুকবাৰীত সমমূল্যৰ ২০ বিঘা ভূমি লাভ কৰিছে । সেইদৰে পৰিবহন নিগমৰ বিল্ডিঙৰ বাবদ নিগমে ৰে'লৱেৰ পৰা লাভ কৰিছে ৫.৯৩ কোটি টকা ।

আনহাতে, আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় আৰু নুমলীগড় শোধনাগাৰৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ যোগেদি আভ্যন্তৰীণ জল পৰিবহনৰ জাহাজৰ ইন্ধন নুমলীগড় শোধনাগাৰৰ পৰা বছৰেকীয়া হিচাপত ক্ৰয় কৰা হয় । ইয়াৰ ফলত কোনো ধৰণৰ দুৰ্নীতি-অনিয়ম হোৱাৰ সুবিধা নাথাকিব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, গুৱাহাটী ৰে'লৱে ষ্টেচনক অত্যাধুনিক ৰেলৱে ষ্টেচনলৈ ৰূপান্তৰিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । গুৱাহাটী ষ্টেচনৰ পৰা দৈনিক ৭৮ খন দূৰণিবটীয়া ৰে'ল অহা-যোৱা কৰে । এটা বছৰত গুৱাহাটী ৰে'লৱে ষ্টেচনত ১ কোটি যাত্ৰীয়ে পদাৰ্পণ কৰে । এই সংখ্যা বছৰি ১৫-২০ শতাংশ বৃদ্ধি পায় । বৰ্তমান সময়ত গুৱাহাটী ষ্টেচনৰ বাবে দ্বিতীয় এখন প্ৰৱেশদ্বাৰৰ প্ৰয়োজন হৈছে । যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: Assam Landslide news:প্ৰচণ্ড বৰষুণৰ ফলত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

তেওঁ লগতে কয় যে, অসম ৰাজ্যিক পৰিবহন নিগম আৰু উত্তৰ-পূব ৰে'লৱেৰ মাজত হোৱা বুজাবুজি চুক্তিৰ জৰিয়তে ৰে'লৱেয়ে নিগমৰ পল্টন বজাৰস্থিত ৫ বিঘা ভূমি লাভ কৰিব । অৱশ্যে ইয়াৰ বিপৰীতে পৰিবহন নিগমে ৰে'লৱেৰ জালুকবাৰীত থকা ২০ বিঘা ভূমি লাভ কৰিব । লগতে লাভ কৰিব ৫.৯৩ কোটি টকা । জালুকবাৰীত লাভ কৰা ভূমিত নিৰ্মাণ কৰা হ’ব নতুন আই এছ বি টি ।

মুখ্যমন্ত্ৰী শৰ্মাই আৰু যে, ৰে'লৱেই গুৱাহাটী ষ্টেচনত ৭০০ কোটি টকা ব্যয় কৰিব । জাপানৰ ৰে'লৱে ষ্টেচনৰ দৰে গঢ়ি তোলা হ'ব গুৱাহাটী ৰে'লৱে ষ্টেচনক । দেশৰ ভিতৰতে ব্যতিক্ৰম হ'ব গুৱাহাটী ৰে'লৱে ষ্টেচন । বিগত ৯ বছৰত উত্তৰ-পূব ৰে'লৱেয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে । ২১২ কিলোমিটাৰ ব্ৰডগজ ৰেল পথ নিৰ্মাণ কৰিছে । আনহাতে, উত্তৰ-পূব ৰে'লৱেয়ে ১৬৭৭ কোটি টকা খৰছ কৰি কামাখ্যাৰ পৰা আগীয়াঠুৰিলৈ ব্ৰডগজ ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আন এখন ৰে’ল দলং ৷ সেইদৰে কলিয়াভোমোৰা দলঙৰ সমান্তৰালকৈ তেজপুৰৰ পৰা শিলঘাট সংযোগী ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ নিৰ্মাণৰো পৰিকল্পনা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে ।

ৰে'লৱেয়ে দৰং আৰু মাজুলীক ৰেল মানচিত্ৰত সংযোজন কৰাৰ বাবেও পৰিকল্পনা কৰিছে । আনহাতে, ১৪০৪ কিলোমিটাৰ বৈদ্যুতিক ৰেলপথৰ কামো কৰি থকা হৈছে । এইবোৰ সম্পূৰ্ণ হ'লে অসমৰ যাতায়াত ব্যৱস্থাটোৱে নতুন গতি লাভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

তেওঁ লগতে কয় যে, অসম চৰকাৰে যি সিদ্ধান্ত ল’ব লাগে সেয়া ক্ষিপ্ৰ গতিত লৈছে । এতিয়াৰে পৰা ৰে'লৱে অভাৰ ব্ৰীজ ৰেল বিভাগৰ নিজৰ খৰচত নিৰ্মাণ হ’ব । ৰেল বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বছৰি ১০ হাজাৰ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আনহাতে, আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় আৰু নুমলীগড় শোধনাগাৰৰ মাজত হোৱা চুক্তি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে, আভ্যন্তৰীণ জল পৰিবহনৰ বাবে প্ৰয়োজনীয় হোৱা ১২ লাখ লিটাৰ ডিজেল এতিয়াৰে পৰা নুমলীগড়ৰ পৰা একেলগে ক্ৰয় কৰা হ’ব । এতিয়াৰে পৰা আভ্যন্তৰীণ জল পৰিবহনৰ তেল ক্ৰয়কলৈ পৰা কোনো প্ৰশ্ন উত্থাপন নহ’ব ।

লগতে পঢ়ক: Chief General Manager of SBI : ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত অসমৰ সুৰঞ্জনা দত্ত

আনহাতে, দুৰ্নীতিৰ অভিযোগ আৰু লিকেজৰ সমস্যা নাথাকিব বুলি তেওঁ কয় । অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্রৱন্ধক চেতন কুমাৰ শ্রীবাস্তৱ, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, পৰিবহন বিভাগৰ সচিব আদিল খানকে ধৰি ভালেসংখ্যক বিষয়া উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.