ETV Bharat / state

Chief General Manager of SBI : ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত অসমৰ সুৰঞ্জনা দত্ত

author img

By

Published : Jun 14, 2023, 3:01 PM IST

ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত প্ৰথমগৰাকী অসমীয়া মহিলা সুৰঞ্জনা দত্ত ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 14 জুন : অসমবাসীৰ বাবে ভাল খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত নিযুক্তি লাভ কৰিছে এগৰাকী অসমীয়া মহিলাই । পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ এগৰাকী মহিলাই ৰাজ্যলৈ কঢ়িয়াই আনিছে এই সুনাম ৷ মহিলাগৰাকী হ'ল সুৰঞ্জনা দত্ত ।

গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সুৰঞ্জনা দত্তই । ইয়াৰ পিচতে অৰ্থাৎ 1991 চনত সুৰঞ্জনা দত্তই ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে । 1991 চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰা দত্তই দেশৰ বিভিন্ন প্ৰান্তৰ কৰ্ম ক্ষেত্ৰত ইতিমধ্যেই সুখ্যাতি অৰ্জন কৰিছে । জাপানতো কৰ্মজীৱনৰ কিছুসময় পাৰ কৰা সুৰঞ্জনা দত্তই শিক্ষা জীৱনৰ উচ্চতৰ মাধ্যমিক তেতিয়াৰ পি.ইউৰ দেওনা পাৰ কৰিছিল কটন কলেজৰ পৰা । স্নাতক ডিগ্ৰী পৰ্যন্ত কটন কলেজৰ পৰা লাভ কৰাৰ পিচতে সুৰঞ্জনা দত্তই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ।

চিফ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে সুৰঞ্জনা দত্ত এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ জেনেৰেল মেনেজাৰ আছিল আৰু গুৱাহাটীৰ স্থানীয় মুখ্য কাৰ্যালয়ত কাৰ্যনিবাহ কৰি আছিল।

উল্লেখ্য যে, সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা আৰু তেওঁৰ এই সফলতাত স্বাভাৱিকতেই এতিয়া গৌৰান্বিত হৈ পৰিছে সমগ্ৰ অসমবাসী । সামাজিক মাধ্যমতো খবৰটোৱে বিশেষ চৰ্চা লাভ কৰাৰ লগতে বিভিন্নজনে ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰথমগৰাকী অসমীয়া মহিলা চিফ জেনেৰেল মেনেজাৰ সুৰঞ্জনা দত্তক শুভেচ্ছা বাৰ্তা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : Himanta Biswa Militant link: মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.