ETV Bharat / state

বক্ৰপথেৰে APSC উত্তীৰ্ণ অসীমা কলিতা-ফাৰুক আহমেদক আঠ ঘণ্টাজোৰা জেৰা

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 9:54 PM IST

বৃহস্পতিবাৰে এছ আই টিয়ে প্ৰায় চাৰে আঠ ঘণ্টা জেৰা চলালে বক্ৰ পথেৰে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ দুই এ পি এছ বিষয়াক ৷ অসম আৰক্ষীৰ 15 নং বেটেলিয়নৰ দ্বিতীয় অধিনায়ক অসীমা কলিতা আৰু নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদক চলোৱা হয় জেৰা ৷

APSC cash for job scam
Faruk Ahmed Ashima Kalita apsc scam

গুৱাহাটী, ৭ ডিচেম্বৰ : অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হৈ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ পদত অধিস্থিত হৈ থকা অসীমা কলিতা বৃহস্পতিবাৰে হাজিৰ হ’বলগীয়া হ’ল চি আই ডিৰ কাৰ্যালয়ত ৷ নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা মদন কলিতাৰ কন্যা অসীমা কলিতাক জেৰা চলায় বিশেষ তদন্তকাৰী দলে ৷ সম্প্ৰতি অসম আৰক্ষীৰ 15 নং বেটেলিয়নৰ দ্বিতীয় অধিনায়ক হিচাবে বৰাকত কৰ্মৰত অসীমা কলিতাক বৃহস্পতিবাৰে পুৱা 10 বজাৰ পৰা সন্ধিয়া প্ৰায় 6.30 বজালৈকে জেৰা চলায় বিশেষ তদন্তকাৰী দলে ৷

ইফালে অসীমা কলিতাৰ সমান্তৰালকৈ বক্ৰপথেৰে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ফাৰুক আহমেদকো চি আই ডিৰ কাৰ্যালয়ত তদন্তকাৰী দলে জেৰা চলায় ৷ ফাৰুক আহমেদ কৰ্মৰত আছিল দক্ষিণ শালমৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাবে ৷ অৱশ্যে ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ফাৰুক আহমেদক ৷ বৃহস্পতিবাৰে প্ৰায় চাৰে আঠ ঘণ্টাজোৰা জেৰাৰ অন্তত দুয়োকে যাবলৈ দিয়া হয় যদিও তদন্তকাৰী দলে পুনৰ জেৰাৰ বাবে দুয়োকে বিচৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, 2013-14 বৰ্ষৰ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা অসীমা কলিতাই শিক্ষা বিষয়ত লাভ কৰিছিল 98 নম্বৰ ৷ কিন্তু তেওঁক নম্বৰ বঢ়াই কৰি দিয়া হৈছিল 134 নম্বৰ ৷ ইফালে ফাৰুক আহমেদে ইংৰাজী বিষয়ৰ পৰীক্ষাত লাভ কৰিছিল 99 নম্বৰ ৷ কিন্তু নম্বৰ বঢ়াই কৰি দিয়া হৈছিল 199 নম্বৰ ৷ ইয়াৰোপৰি ৰাজনীতি বিজ্ঞান (প্ৰথম কাকত) বিষয়ত মাত্ৰ 55 নম্বৰ লাভ কৰা ফাৰুক আহমেদক নম্বৰ বঢ়াই কৰি দিয়া হৈছিল 105 নম্বৰ ৷ আনহাতে ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় প্ৰশ্ন কাকতত নিজে লিখি ফাৰুকে 71 নম্বৰ লাভ কৰিছিল যদিও নম্বৰ বঢ়াই উত্তৰ বহীত দিয়া হৈছিল 101 নম্বৰ ৷

আনহাতে, বক্ৰ পথেৰে চাকৰি লোৱা নলবাৰীৰ সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক আদালতে বৃহস্পতিবাৰে পুনৰ এছ আই টিৰ জিম্মালৈ ৪ দিনৰ বাবে প্ৰেৰণ কৰিছে । এছ আই টিয়ে বৃহস্পতিবাৰে সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায় ৷ এ পি এছ চিত বক্ৰ পথেৰে চাকৰি লোৱা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক যোৱা ৩০ নৱেম্বৰত ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে ।

উল্লেখ্য যে মহানগৰীৰ বেলতলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল এ চি এছ বিষয়া ৰাকেশ দাসক ৷ এছ আই টিয়ে অভিযান চলাই বেলতলাৰ পৰা যোৱা ২৯ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল বক্ৰপথেৰে ৰাজপত্ৰিত বিষয়া হোৱা পলাতক ৰাকেশ দাসক ৷ ইপিনে এ পি এছ চি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গুৱাহাটী ক্ৰাইম ব্ৰান্সৰ ADCP সুকন্যা দাসক পাণবজাৰ থানাত এছ‌আই টিয়ে জেৰা চলাই আছে । যোৱা ৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা সুকন্যা দাসে জেৰাত এছ‌ আই টিক সহযোগ কৰা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ইতিমধ্যে বক্ৰ পথেৰে চাকৰি লোৱা কোকৰাঝাৰৰ ASP নৱনীতা শৰ্মা আৰু কাছাৰৰ নিলম্বিত অতিৰিক্ত অধীক্ষক কল্যাণ কুমাৰ দাসক যোৱা ৪ ডিচেম্বৰত চি আই ডি কাৰ্যালয়ত এছ আই টিএ জেৰা চলাইছিল । এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰা ন্যায়িক আয়োগে ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ জালিয়াতি তথ্যসহ আঙুলিয়াই দিয়াৰ পিছত ৰাজ্য চৰকাৰে ইয়াৰে ২৩ গৰাকীক চাকৰিৰ পৰা ইতিমধ্যে নিলম্বন কৰিছে ।

বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : APSCৰ কেলেংকাৰীৰ তদন্তক লৈ উদাসীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.