ETV Bharat / state

APSCৰ কেলেংকাৰীৰ তদন্তক লৈ উদাসীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 7:26 PM IST

এপিএছচিৰ চাকৰিৰ বজাৰখনৰ বাবে সংবাদ মাধ্যমকে জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ অসমত মিডিয়া আৰু বিৰোধীয়ে চাকৰিৰ বজাৰখন দেখুৱাই দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ মুখ্যমন্ত্ৰীৰ মতে সংবাদ মাধ্যমে যিমানে লিখি থাকিব সিমানে বিষয়টো চৰ্চিত হ’ব ৷ নতুন প্ৰজন্ম হতাশ হ’ব, এইবোৰ নেতিবাচক কথা শুনিলে ৷

Himanta biswa APSC scam
লোকসেৱা আয়োগৰ কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী

লোকসেৱা আয়োগৰ কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী

গুৱাহাটী, ৬ ডিচেম্বৰ : অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্তক লৈ এতিয়া আৰু একেবাৰে আগ্ৰহ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই প্ৰসংগত সদ্যহতে একো নকয় মুখ্যমন্ত্ৰীয়ে । যি ক’ব আৰক্ষী সঞ্চালক প্ৰধানেই ক’ব ৷ বুধবাৰে দিছপুৰত এখন সংবাদমেলত এইদৰেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

এপিএছচি কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতি প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্ন নিজস্ব বাকপটুতাৰে এৰাই চলিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে বিৰোধীৰ লগত সংবাদ মাধ্যমক সাঙুৰি কৰিলে এক বিস্ফোৰক অভিযোগ৷

এপিএছচিৰ কেলেংকাৰী প্ৰসংগত ড৹ শৰ্মাই সংবাদমেলত ক’লে, “ অসমত প্ৰৱঞ্চকৰ অভাৱ নাই ৷ এতিয়াও একাংশই টকা ল’বলৈ অপেক্ষা কৰি আছে ৷ প্ৰাৰ্থীসকলেও টকা দিবলৈ সাজু হৈ আছে ৷ কিন্তু এটা কথা স্পষ্ট, এতিয়া সেই দিন নাই ৷”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এপিএছচিৰ চাকৰিৰ বজাৰখনৰ বাবে মুকলিকৈ জগৰীয়া কৰিলে সংবাদ মাধ্যমক ৷ অসমত মিডিয়া আৰু বিৰোধীয়ে চাকৰিৰ বজাৰখন দেখুৱাই দিয়ে বুলি মন্তব্য কৰিলে ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ মতে মিডিয়াই যিমানে লিখি থাকিব সিমানে বিষয়টো চৰ্চিত হ’ব ৷ নতুন প্ৰজন্ম হতাশ হ’ব এইবোৰ নেতিবাচক কথা শুনিলে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আৰক্ষীয়ে নিজৰ কাম কৰি থাকিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া APSCৰ মৌখিক পৰীক্ষা চলি আছে ৷ এই সময়ত লোকসেৱা আয়োগৰ কেলেংকাৰীৰ সন্দৰ্ভত আলোচনা নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

উল্লেখযোগ্য যে, এপিএছচি কেলেংকাৰীত জড়িত ২১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন আৰু ৪ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে । এই প্ৰসংগত মুঠ ৩৪ গৰাকীৰ নাম ন্যায়াধীশ বিপ্লৱ শৰ্মা এজনীয়া আয়োগৰ প্ৰতিবেদনত আছে । তাৰে বহুকেইগৰাকী তদন্তৰ আওতালৈ আহিছে যদিও এতিয়াও আন বহুকেইগৰাকী নিলম্বন অথবা গ্ৰেপ্তাৰ হোৱা নাই ৷ তাকে লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৰ মাজতে APSC কেলেংকাৰীৰ তদন্তক লৈ কৰা মুখ্যমন্ত্ৰীয়ে কৰা উদাসীন মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : স্বাধীন ৰাষ্ট্ৰৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনলৈ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.