ETV Bharat / state

মহানগৰীত গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানত পৰিবহন বিভাগৰ অভিযান

author img

By

Published : Dec 14, 2020, 9:41 PM IST

মহানগৰীৰ একাংশ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানে পুৰণি গাড়ীত ৰং কৰি নতুন গাড়ী হিচাপে বিক্ৰী কৰাৰ লগতে ইঞ্চুৰেঞ্চৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগৰ ভিত্তিত সোমবাৰে গুৱাহাটীত যান-বাহন পৰিদৰ্শকৰ এটা বৃহৎ দলে চলই অভিযান ৷ এই অভিযান নিয়মীয়া ভাৱে চলিব বুলি জনাইছে পৰিবহন বিষয়া গৌতম দাসে ৷

transportation-department-raid-in-various-car-dealer-in-guwahati
মহানগৰীত গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানত পৰিবহন বিভাগৰ অভিযান

গুৱাহাটী, 14 ডিচেম্বৰ : এতিয়াৰে পৰা গাড়ী ক্ৰয় কৰা কোনো গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰিব বাহনৰ ডিলাৰে ৷ এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ ডিলাৰে ডিলাৰে পৰিবহন বিভাগে চলাই বিশেষ অভিযান ৷ পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত যানবাহন পৰিদৰ্শকৰ এটা বৃহৎ দলে মহানগৰীৰ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানত অভিযান চলাই ৷ প্ৰথমে খানাপাৰাস্থিত "পোদ্দাৰ কাৰ ডিলাৰ"ত অভিযান চলাই দলটোৱে ৷ অভিযান কালত ডিলাৰটোত লাভ কৰা কিছু বিসংগতিৰ বাৰে ডিলাৰটো বন্ধ কৰাৰ নিৰ্দেশ দিয়ে কামৰূপ মহানগৰ পৰিবহন বিভাগে ৷ ইয়াৰ পিছতে মালিগাঁৱস্থিত "পাৰামাউন্ট হোণ্ডা" প্ৰতিস্থানত অভিযান চলাই পৰিবহন বিভাগৰ দলটোৱে ৷

মহানগৰীত গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানত পৰিবহন বিভাগৰ অভিযান

উল্লেখ্য যে, একাংশ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানে পুৰণি গাড়ীত ৰং কৰি নতুন গাড়ী হিচাপে বিক্ৰী কৰাৰ লগতে ইঞ্চুৰেঞ্চৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ বহু অভিযোগ লাভ কৰাৰ পাছত সোমবাৰে পৰিবহন বিভাগে চলাইছিল এই অভিযান ৷ পৰিদৰ্শনৰ অন্তত পৰিবহন বিষয়াই বান্ধি দিয়া সময়ত বিক্ৰী প্ৰতিষ্ঠানসমূহক জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰে অভিযানকাৰী দলটোৱে ৷ অন্যথা গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান সমূহে শাস্তিৰ সন্মুখীন হ'ব লাগিব উল্লেখ কৰে পৰিবহন বিষয়া গৌতম দাসে ৷ লগতে গ্ৰাহকক হাৰাশাস্তি কৰা বাহন বিক্ৰেতা প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলিব বুলি জানিবলৈ দিয়ে পৰিবহন বিষয়াগৰাকীয়ে ৷

লগতে পঢ়কঃ মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ "মোমাই তামুলী বৰবৰুৱা বঁটা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.