ETV Bharat / state

Bharat Bandh: দ্বিতীয় দিনাও ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিলক্ষিত হ’ল ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

author img

By

Published : Mar 29, 2022, 9:28 PM IST

Bharat Bandh
দ্বিতীয় দিনাও ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বাতিল কৰাৰ দাবীৰ লগতে শ্ৰমিক কল্যাণ আইন প্ৰণয়নৰ দাবীত 11 টাকৈ ট্ৰেড ইউনিয়ন আৰু ১৪ টা কৰ্মচাৰী ফেডাৰেশ্যনে দেশব্যাপী আহ্বান জনোৱা দুদিনীয়া ধৰ্মঘটৰ লগতে ভাৰত বন্ধৰ প্ৰভাৱ দ্বিতীয় দিনাও পৰিলক্ষিত হ’ল অসমত ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত দেখা গ’ল বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৷ বহু ঠাইত প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ বিপৰীতে বহু প্ৰতিবাদকীক আটক কৰে আৰক্ষীয়ে (Bharat Bandh affects in Assam) ৷

নিউজ ডেস্ক: বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বাতিল কৰাৰ দাবীৰ লগতে শ্ৰমিক কল্যাণ আইন প্ৰণয়নৰ দাবীত 11 টাকৈ ট্ৰেড ইউনিয়ন আৰু ১৪ টা কৰ্মচাৰী ফেডাৰেশ্যনে দেশব্যাপী আহ্বান জনোৱা দুদিনীয়া ধৰ্মঘটৰ লগতে ভাৰত বন্ধৰ প্ৰভাৱ দ্বিতীয় দিনাও পৰিলক্ষিত হ’ল অসমত ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত দেখা গ’ল বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৷ বহু ঠাইত প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ বিপৰীতে বহু প্ৰতিবাদকীক আটক কৰে আৰক্ষীয়ে (Bharat Bandh affects in Assam)৷

ৰঙিয়া: সৰ্বভাৰতীয় বন্ধৰ প্ৰভাৱ ৰঙিয়াতো পৰা পৰিলক্ষিত হয় । বন্ধৰ দ্বিতীয় দিনা ৰঙিয়াত যান-বাহনৰ চলাচল সীমিত হোৱা পৰিলক্ষিত হয় । নগৰখনৰ ভিতৰত কিছু ব্যক্তিগত বাহন আৰু ই-ৰিক্সাসমূহ চলাচল কৰাৰ বিপৰীতে বাছৰ চলাচল কম হোৱাৰ বাবে যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । বহু কৰ্মচাৰীয়ে গাড়ী নাপাই ঘৰলৈ ওভতি যাবলৈ বাধ্য হয় ।

জনীয়া: কলগাছিয়াত দ্বিতীয় দিনাও ভাৰত বন্ধৰ সমৰ্থনত তিনি শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিআইটিইউ, অংগনৱাড়ী কৰ্মী-সহায়িকা, ৰন্ধনকৰ্মী, আশাকৰ্মীয়ে উত্তাল কৰি তুলিলে কলগাছিয়া । প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে ৷

কলগাছিয়া: কলগাছিয়াত প্ৰায় তিনি শতাধিক মহিলা শ্ৰমিকে বেনাৰ পোষ্টাৰ লৈ সমদল উলিয়াই ভাৰত বন্ধৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে । ভাৰত বন্ধৰ অংশ হিচাপে মঙলবাৰে কলগাছিয়াত তিনি শতাধিক চিআইটিইউ, অংগনৱাড়ী কৰ্মী সহায়িকা, আশাকৰ্মী আৰু ৰন্ধনকৰ্মীয়ে প্ৰতিবাদ সাব্যস্থ কৰি পৰিৱেশ উত্তাল কৰি তোলে । আন্দোলনকাৰী মহিলাসকলে মূল্যবৃদ্ধি ৰোধ কৰক, বেংক বিমা ব্যক্তিগতকৰণ কৰা বন্ধ কৰক, মাননীৰ সলনি মজুৰি দিয়ক, আমাৰ দাবী মানি লওক আদি শ্লগানেৰে উত্তাল কৰি তোলে । আন্দোলনকাৰীসকলক কলগাছিয়া আৰক্ষীয়ে আটক কৰে ৷

কৰিমগঞ্জ: দুদিনীয়া সৰ্বভাৰতীয় বন্ধৰ প্ৰভাৱ দ্বিতীয় দিনাও দেখা গ’ল কৰিমগঞ্জৰ পাথাৰকান্দিত । বিনা অনুমতিত সমদল উলিয়াই আটক হ’ল চল্লিছগৰাকী চিআইটিইউ নেতা-কৰ্মী । পাথাৰকান্দি চহৰৰ মাজমজিয়াত সমদল উলিওৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ আটক কৰে ৷

নলবাৰী: কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহে আহ্বান জনোৱা সাধাৰণ ধৰ্মঘটৰ দ্বিতীয় দিনাও মুকালমুৱাত আংশিক প্ৰভাৱ পৰে৷ ধৰ্মঘটৰ আহ্বান জনোৱা সংগঠনসমূহে মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ধৰ্মঘটৰ ফলত মুকালমুৱাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে৷

বোকাখাত: কৃষক শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে বোকাখাতত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী সমদল । সমগ্ৰ দেশৰ লগতে বোকাখাততো মঙলবাৰে কৃষক শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে নিখিল ভাৰত কৃষক সভা, সদৌ গোলাঘাট ই-ৰিক্সা চালক সন্থা আৰু ইউথ ফ’ৰ বোকাখাতে বোকাখাত নগৰৰ মাজেৰে কৃষক নেতা প্ৰণৱ দলে আৰু জয়ন্ত গগৈৰ নেতৃত্বত প্ৰতিবাদী সমদল বাহিৰ কৰে ।

লগতে পঢ়ক: সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত হ’ল চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.