ETV Bharat / bharat

সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত হ’ল চুক্তি

author img

By

Published : Mar 29, 2022, 4:40 PM IST

দিল্লীত স্বাক্ষৰিত হ’ল অসম আৰু মেঘালয়ৰ মাজত বহু দশক ধৰি অমীমাংসিত হৈ থকা সীমা সমস্যা (Assam Meghalaya border dispute) সমাধানৰ বাবে এক বিশেষ চুক্তি ৷ সবিশেষ জানো আহক ৷

agreement-signed-between-assam-and-meghalaya-to-resolve-border-issue
সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মাজত স্বাক্ষৰিত হ’ল চুক্তি

নিউজ ডেস্ক, 29 মাৰ্চ : আজি দেশৰ ৰাজধানী দিল্লীত স্বাক্ষৰিত হ’ল অসম আৰু মেঘালয়ৰ মাজত বহু দশক ধৰি অমীমাংসিত হৈ থকা সীমা সমস্যা (Assam Meghalaya border dispute) সমাধানৰ বাবে এক বিশেষ চুক্তি (Assam Meghalaya signed agreement to solve border dispute)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে চুক্তিখনত ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দুয়োখন ৰাজ্যৰ মুখ্য সচিবৰ লগতে এই ৰাজ্যসমূহৰ অন্যান্য বিষয়া আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ উপস্থিতিত চুক্তিখনত স্বাক্ষৰ কৰা হয় ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত মন্ত্ৰণালয়ৰ পৰীক্ষা আৰু বিবেচনাৰ বাবে এখন খচৰা প্ৰস্তাৱো দাখিল কৰিছিল ৷ অসম আৰু মেঘালয় চৰকাৰে ৮৮৪ কিলোমিটাৰ সীমাৰ ১২ টা 'বিবদমান এলেকা'ৰ (disputed areas in Assam Meghalaya border) ভিতৰত ছটা এলেকাত দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদ সমাধানৰ বাবে এখন খচৰা প্ৰস্তাৱ আনিছিল ।

৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমিৰ বাবে প্ৰস্তাৱিত পৰামৰ্শ অনুসৰি, অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ৰাখিব আৰু বাকী ১৮.২৮ বৰ্গ কিলোমিটাৰ মেঘালয়ক এৰি দিব ৷ অসম আৰু মেঘালয়ৰ মাজত এই চূড়ান্ত চুক্তিখন সম্পন্ন হোৱাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ বহু দিনধৰি অমীমাংসিত হৈ আছে ৷ এই ভূমি বিবাদ ১৯৭২ চনত মেঘালয় অসমৰ পৰা পৃথক হোৱাৰে পৰা চলি আহিছে ।

লগতে পঢ়ক : ৰেল পথেৰে সংযোজিত উত্তৰ-পূৱৰ চতুৰ্থখন ৰাজ্যৰ ৰাজধানী হ’ব আইজল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.