ETV Bharat / bharat

ৰেল পথেৰে সংযোজিত উত্তৰ-পূৱৰ চতুৰ্থখন ৰাজ্যৰ ৰাজধানী হ’ব আইজল

author img

By

Published : Mar 29, 2022, 11:46 AM IST

উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ অধীনত নিৰ্মাণ হ’ব লগীয়া ব্ৰডগজ ৰেলপথ আইজলৰ চাইৰাং চহৰলৈকে স্থাপন কৰা হ’ব (Train line from Bairabi to Sairang)৷ চাইৰাং চহৰৰ পৰা আইজললৈ দূৰত্ব প্ৰায় 20 কিলোমিটাৰ ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ কৰ্তৃপক্ষই জনোৱা অনুসৰি অসমৰ হাইলাকান্দি জিলাৰ ভৈৰৱীৰ পৰা আইজলৰ চাইৰাঙলৈ মুঠ 52 কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰডগজ ৰেলপথ স্থাপন কৰা হ’ব ৷

Aizawl To Become 4th State Capital In North East to have Rail Connectivity
Aizawl To Become 4th State Capital In North East to have Rail Connectivity

নিউজ ডেস্ক, 29 মাৰ্চ: উত্তৰ-পূৰ্বাঞ্চলত ৰেলৱে’ খণ্ডৰ শেহতীয়া বিকাশ হিচাপে আগন্তুক বৰ্ষত ৰেলপথেৰে সংযোজিত হ’ব মিজোৰামৰ ৰাজধানী আইজল (Train connectivity to Aizwal)৷ এই বৃহৎ ৰেলৱে’ প্ৰকল্পৰ জৰিয়তে আইজল ৰেলপথৰে সংযোজিত উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থখন ৰাজধানী চহৰ হিচাপে পৰিগণিত হ’ব ৷ ইতিমধ্যে আইজললৈ ৰেল পথ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে ৷

ৰেল বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ অধীনত নিৰ্মাণ হ’ব লগীয়া ব্ৰডগজ ৰেলপথ আইজলৰ চাইৰাং চহৰলৈকে স্থাপন কৰা হ’ব (Train line from Bairabi to Sairang)৷ চাইৰাং চহৰৰ পৰা আইজললৈ দূৰত্ব প্ৰায় 20 কিলোমিটাৰ ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ কৰ্তৃপক্ষই জনোৱা অনুসৰি অসমৰ হাইলাকান্দি জিলাৰ ভৈৰৱীৰ পৰা আইজলৰ চাইৰাঙলৈ মুঠ 52 কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰডগজ ৰেলপথ স্থাপন কৰা হ’ব ৷

অহা বৰ্ষৰ পৰা ৰেল চলাচল আৰম্ভ কৰিবলৈ ঠিৰাং কৰা এই ৰেলপথ প্ৰকল্পৰ মুঠ নিৰ্ধাৰিত পুঁজি হৈছে 6,547 কোটি টকা ৷

এই ৰেলপথৰ নিৰ্মাণ 2023 চনৰ নৱেম্বৰ মাহত সম্পূৰ্ণ হ’ব ৷ ভৈৰৱী আৰু চিৰাঙৰ মাজৰ এই ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ কাম ইতিমধ্যে 70 শতাংশ সম্পূৰ্ণ হৈছে ৷ 52 কিলোমিটাৰ দৈৰ্ঘৰ এই ৰেলপথত চাৰিটাকৈ ষ্টেচন থাকিব ৷ ষ্টেচনকেইটা হৈছে কানপুই, হৰতকি, মুৱালকং আৰু চাইৰাং ৷ ৰেল পথটোত 55 খন ডাঙৰ দলং, মুঠ 12.63 কিলোমিটাৰ দৈৰ্ঘৰ 32 টা সুৰংগ আৰু 87 খন সৰু দলং আছে ৷

মিজোৰাম চৰকাৰৰ প্ৰতিনিধি, ৰেলৱে কৰ্তৃপক্ষ আৰু মিজোৰামৰ মুখ্য সচিব ৰেণু শৰ্মাই ৰেলপথ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰে ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱে’ৰ কাৰ্যবাহী অভিযন্তা মলয় বৰুৱা, উপমুখ্য অভিযন্তাগৰাকীয়ে মিজোৰামৰ মুখ্য সচিবক ৰেলপথ নিৰ্মাণ আৰু ইয়াৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰে ৷

মুখ্য সচিবগৰাকীয়ে কয় যে, এই ৰেলপথেৰে ৰেল চলাচল আৰম্ভ হ’লে কেৱল মিজোৰামেই লাভান্বিত নহয় বৰঞ্চ সমগ্ৰ দেশেই অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব ৷

2008-2009 চনত কেন্দ্ৰীয় চৰকাৰে ভৈৰৱীৰ পৰা চাইৰাঙলৈ ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছিল ৷ আৰম্ভণিতে পুঁজি যোগান ধৰা হৈছিল 2,384.34 কোটি টকা ৷ 2015 চনত এই ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ ৰাজধানী বৰ্তমানলৈকে ৰেলপথৰে সংযুক্ত হৈছে ৷ ত্ৰিপুৰাৰ আগৰতলা,অসমৰ গুৱাহাটী আৰু অৰুণাচলৰ নাহৰলগুনলৈ আছে ৰেলপথ ৷

লগতে পঢ়ক : বালিমাহী কবি ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰীক পদ্মশ্ৰী সন্মান প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.