ETV Bharat / state

Guwahati Smart City Project : ১৫ আগষ্টৰ ভিতৰত মহানগৰীত ২০টা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম স্থাপনৰ লক্ষ্য

author img

By

Published : Jul 18, 2022, 8:31 PM IST

a
a

মহানগৰীৰ পল্টনবজাৰ, নেপালী মন্দিৰ, উলুবাৰী, ভঙাগড়, এ বি চি পইণ্ট, শ্ৰীনগৰ পইণ্ট, গণেশগুৰি, ছুপাৰ মাৰ্কেট, ছয়মাইল, ভিআইপি ৰোড, খানাপাৰা উৰণ সেতু ,লাষ্ট গে'ট ,জয়ানগৰ পইণ্ট, গণেশ মন্দিৰ, ৰাজধানী মছজিদকে ধৰি মুঠ ২০ টা স্থানত প্ৰথম পৰ্যায়ত ইণ্টিগ্ৰেটেট ট্ৰেফিক ছিষ্টেম সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা হৈছে (Total 20 locations targeted to integrated traffic systems) । ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনটোতে মহানগৰীৰ ২০ টা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু ট্ৰেফিক কণ্ট্ৰোল চেণ্টাৰটো উদ্বোধন কৰাৰ পৰিকল্পনা কৰা হৈছে (ITMS and traffic control centre inaugurated on 15th August)।

গুৱাহাটী, ১৮ জুলাই : গুৱাহাটী মহানগৰীত ১৫ আগষ্টৰ ভিতৰত ২০ টা স্থানত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম (Integrated traffic management system) চমুকৈ ITMS সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে । মহানগৰীৰ পল্টনবজাৰ, নেপালী মন্দিৰ, উলুবাৰী, ভঙাগড়, এ বি চি পইণ্ট, শ্ৰীনগৰ পইণ্ট, গণেশগুৰি, ছুপাৰ মাৰ্কেট, ছয়মাইল, ভিআইপি ৰোড, খানাপাৰা উৰণ সেতু ,লাষ্ট গে'ট ,জয়ানগৰ পইণ্ট, গণেশ মন্দিৰ, ৰাজধানী মছজিদকে ধৰি মুঠ ২০ টা স্থানত প্ৰথম পৰ্যায়ত ইণ্টিগ্ৰেটেট ট্ৰেফিক ছিষ্টেম সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা হৈছে (Total 20 locations targeted to integrated traffic systems) ।

এই ট্ৰেফিক পইণ্টসমূহৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ (Guwahati Smart City Ltd) এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, ১৫ আগষ্টৰ পূৰ্বে মহানগৰীত ২০ টা স্থানত ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু ট্ৰেফিক কণ্ট্ৰোল চেণ্টাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে । ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনটোতে মহানগৰীৰ ২০ টা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু ট্ৰেফিক কণ্ট্ৰোল চেণ্টাৰটো উদ্বোধন কৰাৰ পৰিকল্পনা কৰা হৈছে (ITMS and traffic control centre inaugurated on 15th August)।

আনহাতে, ২০২৩ চনৰ মাৰ্চৰ ভিতৰত এই প্ৰকল্পৰ অন্তৰ্গত ৭৪ টা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম স্থাপনৰ লক্ষ্য গ্ৰহণ কৰা হৈছে । ইয়াৰে ভিতৰত ৭২ টা গুৱাহাটীৰ বিভিন্ন স্থানত আৰু এটা বাইহাটা চাৰিআলি, এটা মিৰ্জাত স্থাপন কৰা হ'ব । এই প্ৰকল্পৰ বাবে 78, 44,42,213 টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে । ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ নিৰ্মাণৰ কাম M/S Technosys Security Systems Pvt Ltd নামৰ কোম্পেনীটোক দিয়া হৈছে ।

ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমসমূহৰ ৫ বছৰ চোৱা-চিতাৰ দায়িত্বও তেওঁলোকক দিয়া হৈছে । আনহাতে, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কণ্ট্ৰোল চেণ্টাৰ এটা থাকিব (Traffic management system have control centre at assam police headquarters) বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰে ।

লগতে পঢ়ক :Career counseling program: নিয়োগ তথা স্ব-সংস্থাপনৰ পৰামৰ্শৰ উদ্দেশ্যে গোৰেশ্বৰত কেৰিয়াৰ কাউঞ্চিলিং প্ৰগ্ৰেম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.