ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 11, 2021, 5:05 PM IST

top ten news at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিলে ধেমাজিৰ ভগ্ন মথাউৰি

ক্ৰমাৎ কিছু শান্ত হৈছে ধেমাজিৰ বান পৰিস্থিতি ৷ বান পৰিস্থিতি কিছু শাম কটাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে ধেমাজিৰ কেইবাটাও ভগ্ন মথাউৰি পৰিদৰ্শন কৰি মথাউৰি কেইটাৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে পুৱা 10 বজাত ধেমাজি ষ্টেডিয়ামত হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজানস্থিত কুমতীয়া সোঁ-পাৰ আৰু বাওঁপাৰৰ মথাউৰি দুটা পৰিদৰ্শন কৰে ৷

অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা:অফলামুখ ঘাটত নচলিল জাহাজ

যোৱা বুধবাৰে সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ (Majuli Ferry accident) পাছতে বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । মাজুলীবাসীৰ অসুবিধাৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী আৰু যোৰহাটৰ মাজত অতি শীঘ্ৰে জাহাজৰ চলাচল হ'ব বুলি ঘোষণা কৰিছিল ।

বিশাল চৌধুৰীৰ এনকাউণ্টাৰ : আদালতত গোচৰ পৰিয়ালৰ

কোকেইন সৰবৰাহৰ অভিযোগত অভিযুক্ত বিশাল চৌধুৰীক আৰক্ষীয়ে কৰা এনকাউণ্টাৰক ভুৱা আখ্যা দিছে বিশালৰ পৰিয়ালে ৷ আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰাৰ অভিযোগ তুলি ন্যায়ালয়ৰ কাষ চাপিছে বিশালৰ পৰিয়াল ৷

নুমলীগড় শংকৰ বৰুৱা সেঁতুত বৃহৎ ফাট

নুমলীগড় শংকৰ বৰুৱা সেঁতুত মেলিছে বৃহৎ ফাট । যিকোনো মুহুৰ্ততে হ’ব পাৰে অঘটন ৷ মাজুলী-নিমাতীঘাট সংযোগী দলঙৰ প্ৰসংগৰ পাচতেই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে নুমলীগড়ত ধনশিৰী নৈৰ ওপৰত থকা নুমলীগড় শংকৰ বৰুৱা সেঁতুৱে ৷ ধনশিৰী নদীৰ ওপৰত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নুমলীগড় দলঙৰ ফাটে চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজৰ তথা দল-সংগঠন সমূহক । শীৰ্ঘ্ৰেই এই দলংখন মেৰামতি নকৰিলে হ’ব পাৰে দুৰ্ঘটনা ৷ সেয়ে এই দলঙখন শীৰ্ঘ্ৰে মেৰামতি কৰি দিবলৈ চৰকাৰক দাবী জনাইজে নুমলীগড়ৰ জাতীয় সংগঠন সমূহে ৷

বোকাখাতৰ CWRC ত সম্পন্ন কাছৰ অস্ত্ৰোপ্ৰচাৰ

বোকাখাত পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সফলতা ৷ শুকুৰবাৰে কেন্দ্ৰটোত সফলতাৰে সম্পন্ন হয় এটা কাছৰ অস্ত্ৰোপ্ৰচাৰ । কিছুদিন পূৰ্বে তেজপুৰত উদ্ধাৰ হৈছিল এই দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো । উদ্ধাৰ হোৱা কাছটোৰ ডিঙিত এটা বৰশী প্ৰত্যক্ষ কৰিছিল উদ্ধাৰ কৰা লোকসকলে ।

নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ

বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটোক লৈ সমগ্ৰ বিশ্বনাথত তীব্ৰ চাঞ্চল্য ৷ মৃতদেহটো বুধবাৰে যোৰহাট নিমাতীঘাটত সংঘটিত নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা জান বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে ৷

আৰক্ষীৰ পোচাকত চেকা; আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

আৰক্ষীৰ পোচাকত লাগিছে দাগ ৷ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগত আটক হৈছে কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰা ৷ শুকুৰবাৰে ২৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে ধৰা পৰে হিমানজ্যোতি ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

ত্ৰিপুৰাৰ বিক্ষিপ্ত ঘটনাৰ বাবে মানিক সৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰাত সংঘটিত বিক্ষিপ্ত ঘটনাৰ বাবে দায়ী মানিক সৰকাৰ নেতৃত্বৰ চিপিএম দল । অস্তিত্ব হেৰুওৱাৰ ভয়ত হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় লৈছে চিপিএম দলে । এই গুৰুতৰ অভিযোগ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।

বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস 2021: প্ৰাথমিক চিকিৎসা আৰু পথ সুৰক্ষা

প্ৰাথমিক চিকিৎসাৰ বিষয়ে সজাগতা বিয়পাবলৈ আৰু প্ৰাথমিক চিকিৎসাৰ দ্বাৰা কেনেদৰে এগৰাকী লোকক সংকটজনক অৱস্থাৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি, সেইবিষয়ে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস (World First Aid Day) উদযাপন কৰা হয় ।

লক্ষ্য পেৰিছ অলিম্পিক : পুনৰ অনুশীলনত ব্যস্ত লাভলীনা

দেশবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে সাজু হৈছে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা ৷ পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে এতিয়া পুনৰ বাংগালুৰুত কঠোৰ অনুশীলনত ব্যস্ত হৈছে লাভলীনা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.