মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিলে ধেমাজিৰ ভগ্ন মথাউৰি

By

Published : Sep 11, 2021, 4:27 PM IST

Updated : Sep 11, 2021, 5:25 PM IST

thumbnail

ক্ৰমাৎ কিছু শান্ত হৈছে ধেমাজিৰ বান পৰিস্থিতি ৷ বান পৰিস্থিতি কিছু শাম কটাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে ধেমাজিৰ কেইবাটাও ভগ্ন মথাউৰি পৰিদৰ্শন কৰি মথাউৰি কেইটাৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে পুৱা 10 বজাত ধেমাজি ষ্টেডিয়ামত হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজানস্থিত কুমতীয়া সোঁ-পাৰ আৰু বাওঁপাৰৰ মথাউৰি দুটা পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে সোঁ-পাৰৰ কুমতীয়া মথাউৰিৰে গৈ ৰেল লাইন পাৰ হৈ দিহিৰি বৰ্মন গাঁৱৰ ভগ্ন মঠাউৰিটো পৰিদৰ্শন কৰে ৷ লগতে ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পৰা ধেমাজিৰ শেহতীয়া বান তথা মথাউৰি সমূহৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে বুজ লয় ৷ পৰিদৰ্শনৰ অন্তত ধেমাজিৰ মথাউৰিসমূহ পুনৰ নিৰ্মাণৰ লগতে স্থায়ীভাৱে নিৰ্মাণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ পৰিদৰ্শনৰ সময়ত পীযুষ হাজৰিকাক সংগ দিয়ে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগুৰ লগতে জলসম্পদ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ৷

Last Updated : Sep 11, 2021, 5:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.