ETV Bharat / bharat

ত্ৰিপুৰাৰ বিক্ষিপ্ত ঘটনাৰ বাবে মানিক সৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 10, 2021, 5:45 PM IST

Updated : Sep 11, 2021, 10:54 AM IST

Tripura
ত্ৰিপুৰাৰ বিক্ষিপ্ত ঘটনাৰ বাবে মানিক চৰকাৰক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰাত সংঘটিত বিক্ষিপ্ত ঘটনাৰ বাবে দায়ী মানিক সৰকাৰ নেতৃত্বৰ চিপিএম দল । অস্তিত্ব হেৰুওৱাৰ ভয়ত হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় লৈছে চিপিএম দলে । এই গুৰুতৰ অভিযোগ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।

আগৰতলা,১০ ছেপ্টেম্বৰ : শেহতীয়াকৈ ত্ৰিপুৰাত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে । বিজেপি কৰ্মীক আক্ৰমণৰ পৰা আৰম্ভ কৰি সংবাদ প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ আক্ৰমণ আদি ঘটনাই ৰাজ্যখনত উত্তেজনাৰ সৃষ্টি কৰিছে । এনে ঘটনা সন্দৰ্ভত এইবাৰ মুখ খুলিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Kumar Deb)।

ৰাজ্যখনৰ শান্তি শৃংখলা বিঘ্নিত কৰাৰ বাবে বিৰোধী চিপিআইএম নেতা মানিক সৰকাৰক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ধনপুৰৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে মানিক সৰকাৰক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে ৬ ছেপ্টেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ (Manik Sarkar) নেতৃত্বত ড্ৰাগছ মাফিয়াৰ এটা দলে সোনামুৰাত বিজেপি কৰ্মীসকলক আক্ৰমণ কৰিছিল । এই ঘটনাত কেইবাজনো বিজেপি কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু কেইবাজনো এতিয়াও জিবি চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।

  • For past 3 years, Tripura has seen all round peace & prosperity with radical improvements in law & order situation. Political opposition led by CPM have been rattled by this. In their desperation to regain lost political ground, they attempted to plunge Tripura into lawlessness. pic.twitter.com/E9CllQyUI3

    — Biplab Kumar Deb (@BjpBiplab) September 10, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীৰ অভিযোগ এয়া চিপিএম দলৰ ৰাজনৈতিক ষড়যন্ত্ৰ । সেয়ে চিপিএমক সোঁৱৰাই দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন ত্ৰিপুৰাত এনে ধৰণৰ হিংসাত্মক ৰাজনৈতিক আচৰণ ইয়াৰ লোকসকলে সহ্য নকৰে । দীঘলীয়া টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে ত্ৰিপুৰাত এনে ধৰণৰ হিংসাত্মক ৰাজনৈতিক সংঘৰ্ষ কেতিয়াও সহ্য কৰা নহ'ব । দেৱে লগতে কয় যে, বিৰোধীয়ে তেওঁলোকৰ জনপ্ৰিয়তা প্ৰতিদিনে হ্ৰাস হোৱাত শংকিত হৈছে যাৰ বাবে বিৰোধীয়ে এই ধৰণৰ হিংসাত্মক কৌশল অৱলম্বন কৰিছে । মুখ্যমন্ত্ৰীৰ মতে যোৱা ৩ বছৰ ধৰি ত্ৰিপুৰাত আইন-শৃংখলাৰ আমূল পৰিৱৰ্তন হোৱাৰ লগতে চাৰিওফালে শান্তি আৰু সমৃদ্ধি দেখা গৈছে ।

চিপিএমৰ নেতৃত্বই হেৰুওৱা ৰাজনৈতিক স্থান পুনৰ লাভ নকৰাৰ ভয়ত হতাশাত ভুগিছে সেয়ে তেওঁলোকে ত্ৰিপুৰাক অশান্ত কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে আইনৰ অধীনত প্ৰতিজন দুৰ্বৃত্তক চিনাক্ত কৰি শাস্তি দিয়াটো তেওঁৰ প্ৰধান কৰ্তব্য হ'ব । বিজেপি সমৰ্থক আৰু সংবাদ প্ৰতিষ্ঠানসমূহত হোৱা আক্ৰমণক গৰিহণা দিয়াৰ লগতে ত্ৰিপুৰাত শান্তি স্থাপনৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।

তেওঁ লগতে কয় যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু সংবাদমাধ্যমক সকলোৱে সন্মান কৰা উচিত । সেয়ে সংবাদমাধ্যমৰ ওপৰত আক্ৰমণ কৰা সকলকো অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ সংবাদ প্ৰতিষ্ঠানত আক্ৰমণ: ঘটনাৰ তদন্ত কৰিব অপৰাধ শাখাই

Last Updated :Sep 11, 2021, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.