ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Jun 5, 2021, 3:02 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

বিশ্ব পৰিৱেশ দিৱসত কি ক’লে বৃক্ষবন্ধু লীলা হাজৰিকাই ?

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন সেউজীয়া মনৰ মানুহ ৷ নাম লীলা হাজৰিকা ৷ দীৰ্ঘ সময় ধৰি এখন সেউজীয়া পৃথিৱী গঢ়াত নিয়োজিত হৈ আছে এইগৰাকী ব্যক্তি ৷ নিজৰ ব্যতিক্ৰমী কামৰ বাবে ইতিমধ্যেই সমাজত প্ৰশংসাৰ পাত্ৰ হৈছে মনে প্ৰাণে প্ৰকৃতিক ভালপোৱা এই গৰাকী লীলা হাজৰিকা ৷

কোন হ’ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

বিজেপি দলৰ এক শীৰ্ষ সূত্ৰৰ মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়া ৰাজ্যিক সভাপতি আসনৰ বাবে আগ্ৰহী । এই কথা তেওঁ জনাইছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো । গতিকে বিষয়টো দলৰ মজিয়াত আছে ।

নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰী সদৰ থানাত উপস্থিত হৈ মুগকুছি চ’কত ডকাইত আৰু আৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাৰ বুজ লয় ৷ ইয়াৰ লগতে থানাত উপস্থিত হৈ জয়ন্ত মল্ল বৰুৱাই অভিযানৰ লগত জড়িত আটাইকেইগৰাকী আৰক্ষীক গামোচাৰে সম্বৰ্ধনা জনায় ৷

থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

বিশ্ব পৰিৱেশ দিৱস(WORLD ENVIRONMENTAL DAY)ৰ দিনটোৰ পুৱা থুৰাজান চাহ বাগিচা(Thurajan tea estate)ত দেখা গ'ল হাতী-মানুহৰ সংঘাতৰ বিপৰীতে মিলাপ্ৰীতিৰে সহাৱস্থান কৰা এক বিৰল দৃশ্য ৷ এই দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷

পুনৰুদ্ধাৰ হ’ল ভেংকয়া নাইডুৰ ব্যক্তিগত টুইটাৰৰ ব্লু টীক

উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ টুইটাৰ একাউণ্টৰ পৰা ‘ভেৰিফাইড ব্লু টিক’ আঁতৰাই পৰৱৰ্তী সময়ত পুনৰুদ্ধাৰ কৰে টুইটাৰে ৷ দীৰ্ঘসময় ধৰি তেওঁক ব্যক্তিগত একাউণ্টটো নিস্ক্ৰিয় হৈ থকা বাবে ব্লু টীক আঁতৰাইছিল টুইটাৰে ৷

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত গছপুলি ৰোপণ

বিশ্ব পৰিৱেশ দিৱস(World Environment Day)ৰ লগত সংগতি ৰাখি ধিঙত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে আৰোগ্য কেয়াৰ ফাউণ্ডেচন আৰু ধিং সাৰ্বজনীন পূজাবাড়ীয়ে । অঞ্চলটোৰ বহুকেইটা সামাজিক অনুষ্ঠানত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় ।


টীয়কত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

গছপুলি ৰোপনৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাৰে টীয়কত বিশ্ব পৰিৱেশ দিৱস(world environment day) উদযাপন । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান যোৰহাটস্থিত 'বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ' (Rainforest Research Centre) ৰ সহযোগত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, আৰক্ষী থানাকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মুষলধাৰ বৰষুণত কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ

শনিবাৰে নলবাৰী চহৰৰ প্ৰতিটো ৰাজপথ পানীৰে উপচি পৰাত সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থা ৷ শীঘ্ৰে এই সমস্যা সমাধানৰ কৰিবৰ বাবে স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী জনতাই ৷

ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী

হোজাইত আক্ৰমণৰ বলি হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন । শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় । ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে ।

পথাৰতে মৰহি গৈছে ৰাজ্যৰ কৃষকৰ স্বপ্ন

ভয়াৱহ আৰ্থিক সমস্যাৰ দিশে ধাৱমান হৈছে ৰাজ্যৰ কৃষক ৰাইজ ৷ বছৰজোৰা সাধনাৰ অন্তত উৎপাদিত শস্য এতিয়া গেলিবলৈ লৈছে পথাৰতে ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰৰ অভাৱত কৃষকসকল সন্মুখীন হৈছে এনে সমস্যাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.