ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jun 10, 2021, 5:22 PM IST

top ten at 5 pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

হোজাইৰ উদালিত এজন কৰ'ণা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাঃ সেউজ সেনাপতিসহ এগৰাকী স্বাস্থ্যকৰ্মীক প্ৰহাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ বিশ্বনাথত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা ৷ বুধবাৰে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত একাংশ উদণ্ড যুৱকে প্ৰহাৰ কৰিলে বাগিচাখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকক ৷

মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

২০ দিনৰ ভিতৰত নিৰ্মাণ কৰা হ'ল ক'ভিড হাস্পতাল । দেশৰ প্ৰতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’ৰ (DRDO) সহযোগত নিৰ্মাণ কৰা ক'ভিড চিকিৎসালয়খন ৩০০ খন বিচনাযুক্ত । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন চিকিৎসালয়ৰূপে স্বীকৃত এইখন চিকিৎসালয়ত অক্সিজেনৰ সুবিধাৰ সৈতে ২০০ খন বিচনাযুক্ত সাধাৰণ ৱাৰ্ড আছে । তদুপৰি ভেণ্টিলেটৰ/মনিটৰৰ সৈতে আছে ১০০ খন আইচিইউযুক্ত বিচনা আছে ।

নিচা আৰু অপৰাধমুক্ত অসম গঢ়াৰ পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিজিপি, এডিজিপিকে প্ৰমুখ্যে কৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে কাজিৰঙাত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । শেহতীয়াকৈ ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়কে আদি কৰি বহু অপৰাধমূলক কাৰ্যকলাপক অসম আৰক্ষীয়ে অধিক তৎপৰতা আগবঢ়োৱাক লৈ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্র সংহতি দিৱস পালন

বৃহস্পতিবাৰে সদৌ গুৱাহাটী ছাত্র সন্থাই গুৱাহাটীৰ নেহৰু পার্কস্থিত শ্বহীদ বেদীত ছাত্র সংহতি দিৱস পালন কৰে । প্ৰতি বছৰে ছাত্র সন্থাই এই দিনটো ছাত্র সংহতি দিৱস হিচাপে পালন কৰি আহিছে । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি ক'ভিড প্ৰটক’ল মানি বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিলে ছাত্ৰ সংহতি দিৱস।

ধাৰষাৰ বৰষুণৰ ফলত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

54 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ গৰ্ভৱতী মহিলা লৈ অহা এম্বুলেঞ্চ দুঘণ্টালৈকে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

কাৰ্বি আংলঙত সন্ন্যাসীৰ ৰূপত গাড়ীচোৰ: উদ্ধাৰ বিলাসী বাহন

কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ গাড়ী চোৰ । সন্ন্যাসীৰ বেশত আহিছিল গাড়ী চোৰটো । এখন বিলাসী বাহনসহ জগা সিং নামৰ চোৰটো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

বঙাইগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুজন লোক

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পৰা হস্তনিৰ্মিত পিস্তলসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে ৷ লোক দুজনৰ নাম কলবাৰীৰ আবুল হুছেইন আৰু মিনাৰুল আলী বুলি জানিব পৰা গৈছে ৷

মুম্বাইত অট্টালিকা খহি ১১ জনৰ মৃত্যু

বুধবাৰে নিশা মুম্বাইৰ পশ্চিম মালাডত এটা আৱাসিক অট্টালিকা খহি(Building collapse) প্ৰাণ হেৰুৱালে ১১ জন লোকে । আহত হ'ল ৭ জন লোক । আহত লোকসকলক নিশা বিডিবিএ হাস্পতাললৈ নিয়া হয় ।

কৃষক সংগঠনৰ পক্ষত থাকিব পশ্চিমবংগ চৰকাৰ...

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে ৰাকেশ টিকাইত আৰু যুধবীৰ সিঙৰ নেতৃত্বত হোৱা বৈঠকত কৃষক নেতাসকলক সমৰ্থন জনোৱাৰ আশ্বাস দিয়ে । নীতিগত বিষয়বোৰ আলোচনা কৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে থিয় দিবলৈ ৰাজ্যসমূহক আহ্বান মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ।

১৯ ছেপ্তেম্বৰৰ পৰা আৰৱত IPLৰ পৰৱৰ্তী খেল

আঠটা ফ্ৰেঞ্চাইজিৰ চাৰিটা শিবিৰত ক'ভিড আক্ৰান্ত ধৰা পৰাৰ পিছতে ৪ মে'ত স্থগিত ৰখা হৈছিল আইপিএল (IPL)। এতিয়াও প্ৰতিযোগিতাৰ ৩১ খন খেল খেলিবলৈ বাকী আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.