ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 14, 2021, 7:05 PM IST

TOP 10 NEWS AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

অসম আৰক্ষীত পুনৰ ৰদ-বদল । অসম আৰক্ষীৰ সাতগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক ৰদ-বদল কৰা হৈছে ৷ ৰদ-বদল কৰিলে ৰাজ্যৰ গৃহ বিভাগে । সেই অনুসৰি কোকৰাঝাৰৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে বদলি কৰা হৈছে ।

পুনৰ সাংসদ হ’ব সুস্মিতা দেৱ !

2024 চনৰ লোকসভা নিৰ্বাচনৰ আগেয়েই সাংসদ হ’ব সুস্মিতা দেৱ ৷ জানো আহক বৰাকৰ নেতৃ গৰাকীয়ে কেনেদৰে লাভ কৰিব এই সুযোগ ৷

ঢেকীয়াখোৱা বৰনামঘৰত আশিস ল’লে সাংসদ গৌৰৱ গগৈয়ে

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভাদমহীয়া পালনামত অংশগ্ৰহণ কৰে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সাংসদগৰাকীয়ে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা চৰকাৰৰ হেমাহীৰ ফলতে সংঘটিত হৈছে বুলি অভিযোগ কৰে ৷

BSFৰ পূব কামাণ্ডৰ ADGৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ

ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ(India-Bangladesh International Border) অসমৰ লগত সংলগ্ন সীমাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা । আৰক্ষী আৰু বি এছ এফে(BSF) সীমান্তত সহযোগিতাৰে কাম কৰাৰ লগতে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহমত প্ৰকাশ ।

বিশ্বনাথত শতাধিক ছাত্র-ছাত্রী নামভর্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা

ক'ভিড পৰিস্থিতিৰ বাবে চলিত বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰা হয় । অসমৰ শৈক্ষিক ইতিহাসত নজিৰ সৃষ্টি কৰি পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাত উত্তীৰ্ণৰ হাৰে এইবাৰ অভিলেখ ৰচনা কৰিছিল । অভিলেখ সৃষ্টিকাৰী এই ফলাফলৰ পাছতে নামভৰ্তিৰ প্ৰসংগকলৈ চৰ্চা চলিছিল ।

অখিল গগৈৰ বাবেই থাওৰাত জয়ী হ’ব বিজেপি !

উপ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসমূহৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ কংগ্ৰেছ দল আৰু ৰাইজৰ দলে এই নিৰ্বাচনত একলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰা হৈছিল ৷ কিন্তু শেষ মূহুৰ্তত দল দুটাৰ মাজত মিত্ৰতা নোহোৱাত থাওৰাত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ৰাইজৰ দলে ৷

কা' আইন বাতিলৰ দাবীত তিনিচুকীয়াত এজেপিৰ প্ৰতিবাদ

অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে কা' আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

নাও দুৰ্ঘটনাৰ ছদিন পিছতহে নিমাতীঘাট পৰিদৰ্শন লুৰিণৰ

নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এগৰাকীক বাদ দি আনগৰাকী মন্ত্ৰী, বিষয়া, নেতাৰ সোঁত বৈছে নিমাতীঘাটলৈ ৷ মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হয় নিমাতীঘাটত ৷ লুৰিণজ্যোতি গগৈয়ে নিমাতীঘাটত চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে ৷

তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

সোমবাৰে দলীয় এক ৰেলীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছ আৰু চিপিআই(এম)ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ দুয়োটা দলে ৰাজ্যখনত সাম্প্ৰদায়িকতা বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ বিপ্লৱ দেৱৰ ৷

মই তোমাক Topper বনাই দিম...

অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাগ্ৰহণ এতিয়া আৰু কোনো নতুন বিষয় নহয় ৷ কিন্তু জানেই নহয় অনলাইন মানেই যেন কিবা জংক-পংক ৷ ইয়াতো হ’ল সেয়াই...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.