মই তোমাক Topper বনাই দিম...

author img

By

Published : Sep 14, 2021, 10:04 AM IST

professors obscene gesture to a girl student

অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাগ্ৰহণ এতিয়া আৰু কোনো নতুন বিষয় নহয় ৷ কিন্তু জানেই নহয় অনলাইন মানেই যেন কিবা জংক-পংক ৷ ইয়াতো হ’ল সেয়াই...

পশ্চিম বিলাসীপাৰা, 14 ছেপ্তেম্বৰ : এতিয়া বিজ্ঞানৰ যুগ ৷ এই যুগত আপোনাৰ, মোৰ সকলোৰে ইচ্ছা থাকে দিয়কচোন যাতে আনতকৈ অকণমান হ’লেও আগত থাকিব পাৰো ৷ আৰে নাথাকিবই বা কিয় ? যিহে দিনকাল পৰিছে জীয়াই থকাটোৱে মস্কিল হৈ পৰিছে ৷

তাকে ভাবিয়ে ভালদৰে পঢ়া-শুনা কৰো বুলি আজিকালি ল’ৰা-ছোৱালীয়ে বিদ্যালয়ৰ শিক্ষাৰ উপৰিও অভিজ্ঞ শিক্ষকৰ ওচৰত টিউচন(Tution) গ্ৰহণ কৰে ৷ কিন্তু টিউচন ছাৰসকলৰ একাংশইহে এই ব্যৱস্থাত আকৌ কলংক সানিবলৈ চায় ৷ কিয় মনত নাই জানো অংক ছাৰৰ কথা ? মনত নাথাকিবইনো কিয়, কমখন কাণ্ড কৰিছিলনে বাৰু ৷ বাদ দিয়ক, বাদ দিয়ক অংক ছাৰৰ কথা ৷

বিলাসীপাৰা কলেজৰ প্ৰৱক্তাৰ অশ্লীল ইংগিত

এইবেলি ঘটনা কিছু বেলেগ ৷ এইবাৰৰ কাহিনীৰ মূল নায়ক শিক্ষা বিভাগৰ(Education Department) ছাৰহে ৷ মানে কথাটো এনেকুৱা, সকলোৱে জানেই সম্প্ৰতি অনলাইনৰ যুগ ৷ ক’ভিডৰ(Covid) বাবে সকলো প্ৰকাৰৰ ক্লাছ অনলাইনযোগে হৈ আছে ৷ বিদ্যালয় খুলিবৰ বৰ এটা বেছি দিন হোৱা নাই ৷ তেনেকৈয়ে অনলাইনৰ জৰিয়তে ক্লাছ চলি আছিল বিলাসীপাৰা মহাবিদ্যালয়ৰ(Bilasipara College) ৷

পিছে শিক্ষা বিভাগৰ ছাৰেহে শিক্ষাদানত লগালে অথন্তৰ ৷ ছাৰৰ মেছেজ নহা হ’লে কোনেও নাজানিলে হয় এই কথা ৷ মানে কথাটো এনেধৰণৰ ৷ ঐতিহ্যমণ্ডিত কলেজ হিচাপে বিলাসীপাৰা মহাবিদ্যালয়ৰ এটা নাম আছে ৷ কিন্তু এই নামতে কালিমা সানিলে আমাৰ Education ৰ ছাৰে ৷ অনলাইন শিক্ষাৰ সদ ব্যৱহাৰ কৰাৰ সলনি ছাৰে অশ্লীল ইংগিত প্ৰদান কৰিলে এগৰাকী ছাত্ৰীক ৷ কেৱল সেয়া নহয় মেছেজো দিলে ছাত্ৰীক ৷

মেছেজত আছিল ছাৰৰ কথাত মান্তি হ’লে ছাত্ৰীগৰাকীক বনাই দিয়া হ’ব Topper ৷ তাৰপাচতে আৰম্ভ হুলস্থূল ৷ বিষ্ণুপদ ৰায় নামৰ ছাৰগৰাকীৰ এনে মেছেজ লাভ কৰি ছাত্ৰীয়ে সমস্ত ঘটনা বিৱৰি ক’লে পৰিয়ালক ৷ পৰিয়ালৰ লোকে ছাৰক বিচাৰি উপস্থিত হ’ল মহাবিদ্যালয়ত ৷

অকল পৰিয়ালৰ লোকে নহয়, লগত আহিল বহুকেইটা দল-সংগঠনৰ বিষয়ববীয়া ৷ সকলোৱে ছাৰক বিচাৰি মহাবিদ্যালয় চৌহদ চলাথ কৰাতহে পোহৰলৈ আহিল সকলো কথা ৷ তাৰপিছতে উত্তপ্ত হৈ পৰে কলেজ চৌহদ ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি ৷

ৰাইজৰ উগ্ৰমূৰ্তি দেখি উপায়ন্তৰ মহাবিদ্যালয়খন কৰ্তৃপক্ষই মুহুৰ্ততে এমাহৰ বাবে ছাৰক কৰিলে নিলম্বন ৷ বেচেৰা ছাৰৰ ছাত্ৰীক টপাৰ বনোৱাৰ আশা মনতে থাকিল ৷

লগতে পঢ়ক: টকা নিদিলে কাম নচলে গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.