পুনৰ সাংসদ হ’ব সুস্মিতা দেৱ !

author img

By

Published : Sep 14, 2021, 5:28 PM IST

trinamool-congress-nominates-sushmita-dev-to-rajya-sabha

2024 চনৰ লোকসভা নিৰ্বাচনৰ আগেয়েই সাংসদ হ’ব সুস্মিতা দেৱ ৷ জানো আহক বৰাকৰ নেতৃ গৰাকীয়ে কেনেদৰে লাভ কৰিব এই সুযোগ ৷

নেশ্বনেল ডেস্ক, 14 ছেপ্টেম্বৰ : পুনৰ সাংসদ হ’ব সুস্মিতা দেৱ ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই এতিয়া প্ৰাক্তন সাংসদ গৰাকীৰ ভাগ্যৰ চকৰি পুনৰ ঘূৰিবলৈ লোৱা বুলি বিশ্বাস কৰা হৈছে ৷ হয়, ঠিকেই 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই পুনৰ সাংসদ হোৱাৰ সুযোগ লাভ কৰিব সুস্মিতা দেৱে ৷

  • I am overwhelmed. I Thank my leader @MamataOfficial from the bottom of my heart.

    Her conviction to see more women in parliament is exemplary. To give someone from North East is path breaking.

    I will do my very best. 🙏🏻 https://t.co/tuTSYwrjnm

    — Sushmita Dev সুস্মিতা দেব (@SushmitaDevAITC) September 14, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে, এই সুযোগ তেওঁ অসমৰ পৰা নহয় পশ্চিম বংগৰ পৰা লাভ কৰিব ৷ উল্লেখযোগ্য যে, পশ্চিম বংগৰ এখন খালী হৈ থকা ৰাজ্যসভাৰ আসন দখল কৰি সাংসদ হোৱাৰ সুযোগ পাব সুস্মিতাই ৷ বৰ্তমান পশ্চিম বংগ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতা ড৹ মানস ৰঞ্জন ভুনিয়নৰ বাবে খালী হৈ থকা ৰাজ্যসভাৰ আসনখনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ লাভ কৰিব সুস্মিতা দেৱে ৷

ইতিমধ্যে, এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছে টুইটাৰ যোগে নিশ্চিতি প্ৰদান কৰিছে ৷ সুস্মিতা দেবেও এই সুযোগ লাভ কৰি দলটোক ধন্যবাদ জ্ঞাপন কৰিছে ৷

তেওঁ উল্লেখ কৰিছে যে, তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আদৰ্শত চলি সেই মতে কৰ্তব্য পালন কৰি যাব ৷ উল্লেখ যোগ্য যে, সুস্মিতাৰ পিতৃ সন্তোষ মোহন দেব এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী আছিল ৷ পিতৃৰ পদাংক অনুকৰণ কৰি কংগ্ৰেছ দলৰ মজিয়াত এগৰাকী শীৰ্ষ নেতৃ হিচাপে পৰিচালিত হৈছিল সুস্মিতা দেব ৷ সম্প্ৰতি অসম আৰু ত্ৰিপুৰাৰ ৰাজনীতিত সুস্মিতাই তৃণমূল কংগ্ৰেছক নতুন মাত্ৰা প্ৰদান কৰিব বুলি দেশৰ ৰাজনীতিত চৰ্চিত হৈছে ৷

লগতে পঢ়ক : নাও দুৰ্ঘটনাৰ ছদিন পিছতহে নিমাতীঘাট পৰিদৰ্শন লুৰিণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.