বিশ্বনাথত শতাধিক ছাত্র-ছাত্রী নামভর্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা

author img

By

Published : Sep 14, 2021, 5:26 PM IST

Hundreds of students in biswanath feared deprived of admission

ক'ভিড পৰিস্থিতিৰ বাবে চলিত বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰি বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰা হয় । অসমৰ শৈক্ষিক ইতিহাসত নজিৰ সৃষ্টি কৰি পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাত উত্তীৰ্ণৰ হাৰে এইবাৰ অভিলেখ ৰচনা কৰিছিল । অভিলেখ সৃষ্টিকাৰী এই ফলাফলৰ পাছতে নামভৰ্তিৰ প্ৰসংগকলৈ চৰ্চা চলিছিল ।

বিশ্বনাথ, 14 ছেপ্টেম্বৰ : এইবাৰ বিশ্বনাথ জিলাত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ নামভৰ্তি পৰা বঞ্চিত হ'ব কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী ৷ এই অভিযোগ বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অনিল বণিয়াৰ । সোমবাৰে বিহালীৰ কেটেলা গড়কাপ্তানী পৰিদর্শন বাংলোত অনুষ্ঠিত সংবাদমেলত বনিয়াই জানিবলৈ দিয়া মতে, জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় 9 হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৬ হাজাৰ ছাত্ৰ-ছাত্ৰীয়েহে বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰিব পাৰিব ৷

বিশ্বনাথত শতাধিক ছাত্র-ছাত্রী নামভর্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা

ইয়াৰে প্ৰায় ২ হাজাৰ ছাত্ৰ-ছাত্ৰীয়েহে জিলাখনৰ বাহিৰত নামভৰ্তি কৰিব । এনে পৰিস্থিতিত জিলাখনত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে ৷ ছাত্ৰ মুক্তিৰ সম্পাদকগৰাকীয়ে লগতে অসমৰ শিক্ষামন্ত্ৰীয়ে পৰীক্ষাৰ ফলাফল দিয়াৰ সময়ত এজনো ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত নহ'ব বুলি ঘোষণা কৰি প্ৰয়োজন হ'লে ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ'ব বুলি কৈছিল যদিও এতিয়ালৈকে এনে ব্যৱস্থা নকৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

লগতে পঢ়ক : মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত

অনিল বণিয়াই সদৰি কৰা অনুসৰি, স্নাতক পর্যায়ত এইবাৰ প্ৰায় 11 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিছে তাৰ ভিতৰত প্ৰায় 7,500 ৰ পৰা 8 হাজাৰ ছাত্ৰ-ছাত্ৰীয়েহে নামভৰ্তিৰ সুযোগ লাভ কৰিব । বাক‌ী 3 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব বুলি ছাত্ৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ লগতে 2021 চনৰ 15 মার্চত বিহালীৰ বেঙাবাৰ‌ীৰ এখন ৰাজহুৱা সভাত তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বর্তমানৰ মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসভাৰ প্ৰথম বাজেট অধিবেশনত বেদেতীত এখন স্নাতক মহাবিদ্যালয় স্থাপন কথা উল্লেখ কৰিছিল যদিও এতিয়ালৈ এই ঘোষণা কাৰ্যকৰী নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ ছাত্ৰনেতাগৰাকীয়ে সংবাদমেলতেই চৰকাৰক শীঘ্ৰে বেদেতী স্নাতক মহাবিদ্যালয় ঘোষণা কৰাৰ দাবী জনায় । তাৰোপৰি জিলাখনৰ বিভিন্ন উচ্চ আৰু উচ্চতৰ আৰু মহাবিদ্যালয়ৰ খালী হোৱা পদসমূহ পূৰণ কৰাৰ বাবেও চৰকাৰক দাবী জনাই অনিল বনিয়াই ।

আনহাতে বিশ্বনাথ ৰাজহ চক্ৰৰ কার্যালয়ত অনলাইনযোগে জাতিগত প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ আদিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰাৰ পিছত কার্যালয়ৰ কর্মচাৰীয়ে নিজে নিজেই কাম কৰিব লাগে যদিও কাম নকৰা অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে । এই সমগ্ৰ বিষয়ত জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰিছে বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অনিল বনিয়াই ৷

লগতে পঢ়ক : টকা নিদিলে কাম নচলে গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.