ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 21, 2022, 9:02 AM IST

TOP 10 AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Mission Kurukshetra in Assam : যান-বাহন নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আৰম্ভ হ’ল কুৰুক্ষেত্ৰ অভিযান

ৰাজ্যত আৰম্ভ হ’ল কুৰুক্ষেত্ৰ অভিযান ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ 10 হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰিও 3 মাহৰ পৰা 6 মাহ পৰ্যন্ত চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব ৷

One time financial grants: ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়ালৈ চৰকাৰৰ এককালীন অনুদান প্ৰদান

চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মঙলবাৰে জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যখনৰ পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান আগবঢ়োৱা । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত আৰু নামঘৰীয়ালৈ এই এককালীন অনুদান আগবঢ়ায় ।

JB College ragging incident: জগন্নাথ বৰুৱাৰ মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িতৰ বিৰুদ্ধে শাস্তি ঘোষণা এন্টি ৰেগিঙ কমিটিৰ

যোৰহাটৰ জে বি কলেজৰ ৰেগিং কাণ্ডৰে জড়িত ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ শাস্তি ঘোষণা ৷ ছৈয়দ আব্দুল মালিক ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী অংকুৰ চাউদাঙক ছাত্ৰাবাসত আজীৱন প্ৰৱেশ নিষেধ ৷

Leopard tranquilized at Umananda:অৱশেষত পিঞ্জৰাত বন্দী হ’ল উমানন্দত আতংকৰ সৃষ্টি কৰা বনৰজা

অৱশেষত দিনটোৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটিল উমানন্দত ৷ মঙলবাৰে পুৱাৰে পৰা আতংকৰ সৃষ্টি কৰি আহিছিল এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়াই ৷ শেষত দিনজোৰা প্ৰচেষ্টাৰ অন্তত বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ লোকে বাঘটোক বিয়লি প্ৰায় ৫ বজাত ট্ৰেংকুলাইজ কৰি চিৰিয়াখানালৈ লৈ যাবলৈ সক্ষম হয় ৷

Child Kidnapping incident in Charaideo: মাতৃক হত্যা কৰি কোলাৰ কেঁচুৱা লৈ উধাও হোৱা 4 অপৰাধীক আটক

মাতৃক হত্যা কৰি কোলাৰ কেঁচুৱা লৈ উধাও হত্যাকাৰী (Accused of killing mother and kidnapping child arrested) ৷ বহিঃৰাজ্যলৈ নিয়াৰ সময়তে যোৰহাটত কেঁচুৱাসহ আটক হত্যাকাৰীৰ দল ৷

CNG bus in Guwahati : CNG বাছৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

নতুন বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন চমক ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটীত চলিব ২০ খন CNG বাছ । এই বাছৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে গুৱাহাটী পালেহি ১০০ খন CNG বাছ ।

Sonai Rupai Wildlife Sanctuary : সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ কেমেৰা ট্রেপিং

শোণিতপুৰ জিলাত অসমৰ বন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ । বন বিভাগে নিজাববীয়াকৈ স্থাপন কৰিছে বন্যপ্ৰাণী চিনাক্তকৰণৰ বাবে কেমেৰা ট্রেপিং । সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ নিজা কেমেৰা ট্রেপিং ।

Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

সন্ত্ৰাসবাদ, ড্ৰাগছ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ সৈতে ভাৰত আৰু বহিঃৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ 11 টা গোচৰৰ অনুসন্ধান অব্যাহত ৰাখিছে NIA ই ৷ কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰণালয়ে লোকসভাত সদৰী কৰিছে এই কথা ৷

Kerala Records in Liquor Sell: বিশ্বকাপ ফুটবলৰ উন্মাদনাৰ মাজতে কেৰালাৰ সুৰাপায়ীয়ে গঢ়িলে ৰেকৰ্ড

মেচী, এমবাপ্পৰ দৰেই যাদু দেখুৱালে কেৰালাৰ সুৰাপ্ৰেমীয়েও ৷ বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলৰ দিনটোত কলহৰ মুখেৰে গিলিলে মদ ৷ সুৰাবিক্ৰীৰ ইতিহাসত গোট গোট আখৰেৰে লিপিবদ্ধ কৰিলে 50 কোটি টকাৰ মদৰ বিক্ৰীৰ ৰেকৰ্ড ৷

ছাচপেন্স থ্ৰিলাৰ Kuttey ৰে চিত্ৰ নিৰ্মাতা হিচাপে প্ৰথম খোজ আসমান ভৰদ্বাজৰ

মুক্তি পালে Kuttey ৰ ট্ৰেইলাৰ । আসমান ভৰদ্বাজৰ দ্বাৰা পৰিচালিত এই ছবিখন ডাৰ্ক কমেডী হিচাপে পৰিগণিত হৈছে য'ত অৰ্জুন কাপুৰ, টাবু, কংকনা সেনশৰ্মা, নাছিৰুদ্দিন শ্বাহে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.