ETV Bharat / state

Sonai Rupai Wildlife Sanctuary : সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ কেমেৰা ট্রেপিং

author img

By

Published : Dec 20, 2022, 8:04 PM IST

Tezpur
Tezpur

শোণিতপুৰ জিলাত অসমৰ বন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ । বন বিভাগে নিজাববীয়াকৈ স্থাপন কৰিছে বন্যপ্ৰাণী চিনাক্তকৰণৰ বাবে কেমেৰা ট্রেপিং । সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ নিজা কেমেৰা ট্রেপিং (camera trapping at Sonai Rupai Wildlife Sanctuary) ।

তেজপুৰ, ২০ ডিচেম্বৰ : অসমৰ বন বিভাগে (Assam forest department) শোণিতপুৰ জিলাত প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ স্থাপন কৰিছে বন্যপ্ৰাণী চিনাক্তকৰণৰ বাবে কেমেৰা ট্রেপিং (camera trapping to identify wild life) । এই কেমেৰা ট্রেপিঙৰ দ্বাৰা বাঘৰ গণনা কৰা হ'ব বুলিও জানিব পৰা গৈছে । বন বিভাগৰ সূত্ৰত জানিব পৰা মতে, পশ্চিম অসম বন সংমণ্ডলৰ অধীনত শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যত (Sonai Rupai Wildlife Sanctuary) এক মাহৰ বাবে 56 টা কেমেৰা ট্রেপ স্থাপন কৰা হৈছে মুঠ ১২০ বৰ্গকিলোমিটাৰ এলেকাত ।

পশ্চিম অসম বন সংমণ্ডলৰ (West Assam Forest Division) বিষয়া ইৰাই ছুডান বিৰ (Eirai Soodan B) নেতৃত্বত অত্যাধুনিক কেমেৰা ট্রেপিঙৰ জৰিয়তে বনাঞ্চলখন প্ৰকৃততে কি কি জীৱ-জন্তুৰ বিচৰণ ভূমি সেয়া নিশ্চিত হ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে (camera trapping at Sonai Rupai Wildlife Sanctuary) । দৰাচলতে বনাঞ্চলত বা অভয়াৰণ্যত কেমেৰা ট্রেপিঙৰ বাবে বন্যপ্ৰাণী সংৰক্ষণ সংস্থাসমূহক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হয় আৰু বন বিভাগৰ লোকে তদাৰক কৰে ।

সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ কেমেৰা ট্রেপিং
সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ কেমেৰা ট্রেপিং

কিন্তু প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলাৰ বহুচৰ্চিত সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগে নিজাববীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে । অভয়াৰণ্যখনত ২০০০ চনৰ তথ্য মতে, 156 টা বনৰীয়া হাতী আৰু 12 টা ঢেকীয়াপতীয়া আছে । হাতীৰ সংখ্যা বৰ্তমান বহুখিনি বৃদ্ধি পাইছে এই বনাঞ্চলত । আনহাতে, অভয়াৰণ্যখনত বনৰীয়া ম'হ, লতামেকুৰী, বিভিন্ন দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই থকাৰ উপৰি ধনেশ পক্ষীৰো (Indian Hornbil) ৰম্যভূমি । অভয়াৰণ্যখনত পূৰ্বে অধিকাংশ এলেকা বেদখলকাৰীৰ কবলত পৰিছে আৰু বৰ্তমান উক্ত এলেকাক চৰকাৰে বনগাঁও হিচাপে পৰিগণিত কৰি ভূমিপট্টা প্ৰদান কৰিছে ।

সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ কেমেৰা ট্রেপিং
সোণাই ৰূপাই অভয়াৰণ্যত বন বিভাগৰ কেমেৰা ট্রেপিং

উল্লেখ্য, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য হৈছে অসমত অৱস্থিত এক সংৰক্ষিত এলেকা । এই বন্যপ্ৰাণী অভয়াৰণ্যখনে ১৭৫ কিলোমিটাৰ অঞ্চলজুৰি আৱৰি আছে । ই গ্ৰেট হিমালয় ৰেঞ্জৰ পাদদেশত অৱস্থিত (Great Himalayan Range) । ১৯৯৮ চনত উক্ত অঞ্চলটোক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় । সোণাই ৰূপাই অভয়াৰণ্য তেজপুৰ চহৰৰ পৰা ৫২ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ১৯৩ কিলোমিটাৰ দূৰৈত অৱস্থিত । অভয়াৰণ্যখনৰ মাজেৰে চাৰিখন নদী বৈ গৈছে । সেইকেইখন হৈছে গাভৰু, গেলগেলি, সোণাই আৰু ৰূপাই নৈ ।

লগতে পঢ়ক :Warning to Drink and Drive : সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ বাৰ্তা অসম আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.