গুৱাহাটী, ২০ ডিচেম্বৰ: সমাগত 31 ডিচেম্বৰৰ বাবে সাজু হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ ৷ পুৰণি বছৰটোক বিদায় দিয়াৰ লগতে নতুন বছৰক আদৰণি জনোৱাৰ সময়ত যাতে পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে পৰিবহণ বিভাগে ৷
বিগত বৰ্ষৰ 31 ডিচেম্বৰৰ তুলনাত এই বৰ্ষৰ 31 ডিচেম্বৰত পথ দুৰ্ঘটনাৰ সংখ্যা যাতে অতিকমেও 20 শতাংশ কম হয় তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ বিগত বৰ্ষসমূহত বৰ্ষটোৰ অন্তিম দিনটোৰ লগতে 1 জানুৱাৰীৰ দিনটো(New year 2023) উদযাপন কৰাৰ সময়ত সংঘটিত হৈ আহিছে বহু পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাসমূহত প্ৰাণ হেৰুৱাইছে বহু লোকে ৷
সেয়েহে বিগত বৰ্ষসমূহৰ দৰে এইবৰ্ষও নতুন বছৰক আদৰাৰ সময়ত যাতে কোনো দুৰ্ঘটনা নহয়, তাৰ বাবে পৰিবহণ বিভাগে লৈছে বিশেষ পদক্ষেপ ৷ ইতিমধ্যে মহানগৰীৰ বিভিন্ন স্থানত পৰিবহণ বিভাগে আৰম্ভ কৰিছে অভিযান ৷ ইখনৰ পাছত সিখন সজাগতামূলক সভা অনুষ্ঠিত কৰিছে ৷ পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ পৰিবহণ বিভাগে মঙলবাৰৰ পৰা আৰম্ভ কৰিছে অপাৰেচন কুৰুক্ষেত্ৰ (Operation Kurukhetra in Guwahati)।
উল্লেখ্য যে, সোমবাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জিলা পৰিবহণ বিষয়াসকললৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই মঙলবাৰে আৰম্ভ কৰা হয় অপাৰেচন কুৰুক্ষেত্ৰ ৷ কুৰুক্ষেত্ৰ অভিযানৰ বাবে ৫ গৰাকীকৈ নতুন পৰিবহণ বিষয়াৰ লগতে শতাধিক পথ সুৰক্ষা মিত্ৰ(Path Suraksha Mitra) নিয়োগ কৰা হৈছে ।
পথ সুৰক্ষা মিত্ৰসকলে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত তৎকালে উপস্থিত হৈ সকলো ধৰণৰ সহায় আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিবহণ আয়ুক্ত তথা কামৰূপ(ম) জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ মহানগৰীৰ বেতকুচিস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত নিয়োগ কৰা পথ সুৰক্ষা মিত্ৰসকলক লৈ মঙলবাৰে এক বিশেষ কৰ্মশালাও অনুষ্ঠিত কৰা হয় ।
উক্ত কৰ্মশালাতেই পথ সুৰক্ষা মিত্ৰসকলক প্ৰদান কৰ হয় পথ সুৰক্ষা সামগ্ৰী বেগ (Path Suraksha Mitra Kit)। প্ৰথম পৰ্যায়ত প্ৰদান কৰা হয় প্ৰায় ২০ টাকৈ পথ সুৰক্ষা সামগ্ৰীৰ বেগ । কৰ্মশালাখনত সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসৰ(DTO Gautam Das) লগতে স্বাস্থ্যকৰ্মী-বিষয়া, অসামৰিক প্ৰতিৰক্ষা-স্কাউট গাইডৰ বিষয়া-কৰ্মচাৰী আদি উপস্থিত থাকে ।
উল্লেখ্য যে, তীব্ৰবেগত বাহত চলোৱাৰ লগতে সুৰাপান কৰাৰ চালকৰ ক্ষেত্ৰত কঠোৰ হৈছে পৰিবহন বিভাগ ৷ যান-বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 185 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি 10 হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰিও 3 মাহৰ পৰা 6 মাহ পৰ্যন্ত চালকৰ অনুজ্ঞাপত্ৰ বাতিল হ’ব বুলি জানিবলৈ দিয়ে পৰিবহণ বিষয়া গৌতম দাসে ৷
লগতে পঢ়ক: Warning to Drink and Drive : সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ বাৰ্তা অসম আৰক্ষীৰ