ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ভূপেন বৰাৰ

আইন-শৃংখলা নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ । চামগুৰি সমষ্টিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসা সন্দৰ্ভত এই মন্তব্য বৰাৰ ৷

Samaguri Assembly constituency
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 10, 2024 at 9:40 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমত শান্তিপূৰ্ণ গণতান্ত্ৰিক বাতাবৰণ বিনষ্ট কৰি ক্ষমতা দখলৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাত ভূপেন বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

গণতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত আখ্য়া

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় , "চামগুৰি বিধানসভা সমষ্টিত বিজেপিৰ একাংশ গুণ্ডা প্ৰকৃতিৰ লোকে কিছুদিনৰ পৰা কংগ্ৰেছৰ সমৰ্থকৰ ওপৰত আক্ৰমণ চলাই আহিছিল । শেহতীয়াকৈ দেওবাৰে দিনৰ ১১ বজাত চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ ওপৰত শাৰীৰিক আক্ৰমণ চলায় । এয়া গণতন্ত্ৰৰ ওপৰত কুঠাৰাঘাত । গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (v)

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, "চামগুৰিত বৰ্তমান আৰক্ষীৰ অস্তিত্ব নোহোৱা হৈ পৰিছে । বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ স্বাৰ্থত চৰকাৰ আৰু প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে জড়িত কৰিছে । দেশৰ সাংবিধানিক অধিকাৰৰ পৰা সাধাৰণ ৰাইজক বঞ্চিত কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই । নিৰ্বাচনী হিংসা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলা হ’ব ।"

ইফালে, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন নকৰিবলৈ আহ্বান জনাই কয়, "সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ গৰিহণা দিছে যদিও একে সময়তে বিজেপিৰ সমৰ্থক তথা দুৰ্বৃত্তৰ গুলীত আহত হোৱা কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা নাই । কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰা, আফতাবুদ্দিন মোল্লা, আব্দুছ ছোৱাহনকে ধৰি কেবাজনো নেতা আৰু আজি চামগুৰি সমষ্টিৰ প্ৰাৰ্থী, মুখ্যমন্ত্ৰীৰ পুত্ৰসম তানজিল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰীয়ে নেদেখাৰ ভাও ধৰিছে আৰু এয়া গণতন্ত্ৰৰ প্ৰতি এক ভেঙুচালি ।"

ৰাইজৰ সামাজিক ন্যায় নোহোৱা হৈছে

মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদবীত থাকি একপক্ষীয় দৃষ্টিভংগীৰে সমঅধিকাৰৰ বিৰুদ্ধে থিয় দিছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে কয় ," সাধাৰণ ৰাইজৰ এতিয়া সামাজিক ন্যায় নোহোৱা হৈ গৈছে । ২০২৬ৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীজনৰ এনে অগণতান্ত্ৰিক কাৰ্যকলাপৰ হিচাপ ৰাইজে সঠিকভাৱে কৰিব ।"

লগতে পঢ়ক:ধলাইত বিজেপিৰ বাংলাদেশী প্ৰাৰ্থী ! মুখ্য়মন্ত্ৰীৰ পৰা উত্তৰ লাগে ভূপেন বৰাক

গৌৰৱ গগৈ হ’ব নেকি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধান মুখ !