ETV Bharat / state

One time financial grants: ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়ালৈ চৰকাৰৰ এককালীন অনুদান প্ৰদান

author img

By

Published : Dec 20, 2022, 9:38 PM IST

চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মঙলবাৰে জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যখনৰ পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান আগবঢ়োৱা (One time financial grants to puruhit and Namgharias)। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Dr Himanta Biswa Sarma) পুৰোহিত আৰু নামঘৰীয়ালৈ এই এককালীন অনুদান আগবঢ়ায় ।

Assam govt provides one time financial grant to temple priests and Namghorias of Assam
হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান আগবঢ়ায়

হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান আগবঢ়ায়

গুৱাহাটী, 20 ডিচেম্বৰ: চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত মঙলবাৰে জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান আগবঢ়োৱা হয় (One time financial grants to puruhit and Namgharias)। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Dr Himanta Biswa Sarma) পুৰোহিত আৰু নামঘৰীয়ালৈ এই এককালীন অনুদান আগবঢ়ায় ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,"আমাৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত পুৰোহিত আৰু নামঘৰীয়াসকলে যি বৰঙণি যোগাই আহিছে তাৰ জৰিয়তে সনাতন ধৰ্মই এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে (Assam Govt Scheme Temple Priests Namghorias) ৷ ৰাজ্যখনৰ মাননীয় পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ ।"

তেওঁ লগতে কয় যে ক’ভিডকালীন সময়ত প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াসকলক আৰ্থিক সকাহ দিয়াৰ বাবে চৰকাৰে বিশেষ অনুদান প্ৰদানৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে । নামঘৰীয়াৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ৯,৯৮৭ গৰাকীৰ পৰা ৬,১২৪ গৰাকীক বাছনি কৰা হৈছে ৷ আনহাতে পুৰোহিতৰ মুঠ আবেদনকাৰী ৫,৯৩৩ গৰাকীৰ ভিতৰত ২,৪৩৮ গৰাকীক বাছনি কৰা হৈছে৷ পুৰোহিত আৰু নামঘৰীয়াসকলক এই শুভক্ষণত তেওঁ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে (Assam govt to provides financial help to temple priests) ।

মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে অসমীয়া মানুহৰ সংস্কৃতিয়ে হ’ল নাম আৰু কীৰ্তন । আনফালে নামঘৰ আৰু মন্দিৰৰ দৰে ধৰ্মীয় অনুষ্ঠানবোৰ হ’ল সভ্যতা, সংস্কৃতি আৰু স্থাপত্যবিদ্যাৰ নিদৰ্শন । অনুষ্ঠানত আদৰণি ভাষণ দি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল‌ বৰাই কয় যে কলা-সংস্কৃতি এটা জাতিৰ সত্তাৰ পৰিচয় । আনহাতে ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তাই সমাজৰ হকে কাম কৰাৰ বাবে উদ্ধুদ্ধ কৰে । আধ্যাত্মিক কেন্দ্ৰ হ’ল মন্দিৰ আৰু নামঘৰ । ক’ভিডকালত এই আধ্যাত্মিক কেন্দ্ৰবোৰ পৰিচালনা কৰা নামঘৰীয়া আৰু পুৰোহিতসকল সমস্যাৰ‌ সম্মুখীন হৈছিল । তেওঁলোকক সকাহ দিয়াৰ বাবে এই ব্যৱস্থা কৰা হৈছে ।

অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী যোগেন মহন, বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, বিদ্যাছিং ইংলেঙকে ধৰি ভালকেইগৰাকী বিধায়ক, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী তথা ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Assembly Winter Session : বিধানসভা অধিবেশনৰ প্ৰথম দিনটোত কেইবাখনো বিধেয়ক উত্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.