ETV Bharat / state

Child Kidnapping incident in Charaideo: মাতৃক হত্যা কৰি কোলাৰ কেঁচুৱা লৈ উধাও হোৱা 4 অপৰাধীক আটক

author img

By

Published : Dec 20, 2022, 10:30 PM IST

Killer arrested in Sivasagar
জাবাৰী চাহ বাগিছাৰ নলাত উদ্ধাৰ মহিলাৰ মৃতদেহ

মাতৃক হত্যা কৰি কোলাৰ কেঁচুৱা লৈ উধাও হত্যাকাৰী (Accused of killing mother and kidnapping child arrested) ৷ বহিঃৰাজ্যলৈ নিয়াৰ সময়তে যোৰহাটত কেঁচুৱাসহ আটক হত্যাকাৰীৰ দল ৷

উদ্ধাৰ হ’ল অপহৃত 10 মহীয়া শিশু

চৰাইদেউ, 20 ডিচেম্বৰ : মঙলবাৰে চৰাইদেউ জিলাৰ লাকুৱাৰ ৰজাবাৰী চাহ বাগিছাৰ নলাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ (Body found at Rajabari Tea Estate) ৷ উদ্ধাৰ হোৱা মৃতদেহটো শিৱসাগৰ জিলাৰ শিমলুগুৰি কেন্দুগুৰিৰ বাইলুং গাঁৱৰ নিতুমণি লুখুৰাখনৰ বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

ঘটনাৰ বিৱৰণি অনুসৰি, 10 মহীয়া এটি কণমানিৰ মাতৃ নিতুমণি লুখুৰাখনে কণমানিটিৰ আধাৰ কাৰ্ড বনোৱাৰ উদ্দেশ্যে সোমবাৰে ঘৰৰ পৰা উলাই গৈছিল ৷ টেঙাপুখুৰীৰ এগৰাকী মহিলাই শিমলুগুৰি নগৰলৈ মাতি আধাৰ কাৰ্ড বনোৱাৰত সহায় কৰি দিম বুলি নিতুমণি লুখুৰাখনক মাতি পঠিয়াইছিল ৷

তাৰ পিচৰে পৰাই নিৰুদ্দেশ হৈ আছিল নিতুমণি লুখুৰাখন আৰু তেওঁৰ 10 মহীয়া শিশুটি ৷

বহু বিচাৰ খচাৰ কৰাৰ পাচতো নিতুমণি লুখুৰাখন আৰু তেওঁৰ কণমানিটোৰ কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে শিমলুগুৰি আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়েও আৰম্ভ কৰে তদন্ত ৷ ইফালে এই ঘটনাৰ বাতৰি সৰ্বত্ৰে বিয়পি পৰাত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ৷

মঙলবাৰে স্থানীয় একাংশ ৰাইজে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰা অভিযুক্ত মহিলাগৰাকীসহ দুজন লোকক ৰে’ল ষ্টেচনত প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীৰ তৎপৰতাত অভিযুক্ত মহিলাগৰাকীসহ দুজন লোকক আটক কৰি আৰক্ষীয়ে সোধ-পোচ কৰে (Accused of killing mother and kidnapping child arrested) ৷ আৰক্ষীৰ সোধ-পোচৰ অন্তত আটকাধীন অভিযুক্ত মহিলাগৰাকী আৰু দুজন লোকে শিশুটি অপৰহৰণ কৰি নিশাই এক দম্পত্তিৰ হাতত যোৰহাটলৈ প্ৰেৰণ কৰা বুলি নিশ্চিত হয় ৷

সেই তথ্যৰ আধাৰতে শিমলুগুৰি আৰু আমগুৰি আৰক্ষীয়ে অভিযুক্ত দম্পত্তিৰ ম’বাইল ফোন ট্ৰেচ কৰি যোৰহাটৰ আই এছ বি টিত উপস্থিতিৰ উমান লাভ কৰে ৷ তাৰ পাচতে যোৰহাট আৰক্ষীৰ সৈতে শিমলুগুৰি আৰু আমগুৰি আৰক্ষীয়ে সংযোগ স্থাপন কৰি যোৰহাট আই এছ বি টিৰ পৰা উদ্ধাৰ কৰে অপহৃত 10 মহীয়া শিশুটি ৷ লগতে এই ঘটনা সন্দৰ্ভত আটক কৰে এগৰাকী নাবালিকাক (Human traffickers detain from Jorhat)৷

চৰাইদেউৰ পৰা লাভ কৰা তথ্য অনুসৰি, আটক হোৱা নাবালিকাগৰাকীৰ পিতৃ-মাতৃয়ে শিৱসাগৰৰ এটা ৰে’ল ষ্টেচনৰ পৰা আটকাধীন অভিযুক্ত মহিলাগৰাকীৰ সহযোগত যোৰহাটলৈ শিশুটি প্ৰেৰণ কৰিছিল ৷ পৰৱৰ্তী পৰ্যায়ত হিমাচল প্ৰদেশলৈ শিশুটিক সৰবৰাহ কৰাৰ লক্ষ্য আছিল অপহৰণকাৰী দলটোৰ ৷ কিন্তু শিৱসাগৰ আৰু যোৰহাট আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় 10 মহীয়া শিশুটি ৷

ইতিমধ্যে উদ্ধাৰ হোৱা শিশুটিক পিতৃৰ হাতত চমজাই দিয়া বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই ঘটনাৰ উচিত তদন্ত বিচাৰি শিমলুগুৰি আৰক্ষীৰ থানাত উপস্থিত হয় শিমলুগুৰিৰ কেন্দুগুৰি বাইলুং গাঁৱৰ বহু ৰাইজ । এই ঘটনাৰ সঠিক তদন্তৰে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে ৷ এগৰাকী মাতৃক হত্যা কৰি তেওঁৰ বুকুৰ পৰা সন্তান কাঢ়ি নিয়া এই ভয়াৱহ ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : Human traffickers detain : মানৱ সৰবৰাহকাৰী চক্ৰ পৰা উদ্ধাৰ আমগুৰিৰ অপহৃত শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.