ETV Bharat / bharat

Kerala Records in Liquor Sell: বিশ্বকাপ ফুটবলৰ উন্মাদনাৰ মাজতে কেৰালাৰ সুৰাপায়ীয়ে গঢ়িলে ৰেকৰ্ড

author img

By

Published : Dec 20, 2022, 9:40 PM IST

মেচী, এমবাপ্পৰ দৰেই যাদু দেখুৱালে কেৰালাৰ সুৰাপ্ৰেমীয়েও ৷ বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলৰ দিনটোত কলহৰ মুখেৰে গিলিলে মদ ৷ সুৰাবিক্ৰীৰ ইতিহাসত গোট গোট আখৰেৰে লিপিবদ্ধ কৰিলে 50 কোটি টকাৰ মদৰ বিক্ৰীৰ ৰেকৰ্ড (Kerala sells Rs 50 crore worth liquor)৷

Kerala Records in Liquor Sell
কেৰালাৰ সুৰাপায়ীয়ে গঢ়িলে ৰেকৰ্ড

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : বিশ্বকাপ ফুটবল মানেই অবৰ্ণনীয় উন্মাদনা ৷ চাৰিটা বছৰৰ উৎসুকতাৰে সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰমী ৰৈ থাকে এই উন্মাদনাময় মূহুৰ্তৰ সাক্ষী হ’বলৈ ৷ সকলো উন্মাদনা একাশৰীয়া কৰি এইবাৰৰ বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলৰ দিনটোত কেৰালাই গঢ়িলে ৰেকৰ্ড(Kerala sells Rs 50 crore worth liquor)৷

ফাইনেল খেলৰ দিনটোত কাটাৰৰ নিৰ্দিষ্ট ষ্টেডিয়ামখনত ফুটবলপ্ৰেমীয়ে শাৰী পতাৰ দৰেই কেৰালাৰ ফুটবলপ্ৰেমীয়ে শাৰী পাতিলে ৱাইনশ্বপৰ সন্মুখত (Liquor sell record of Kerala) ৷ দীঘলীয়া শাৰী পাতি চৰকাৰক কৰ দিবলৈ উঠিপৰি লগা দেখা গ’ল কেৰালাৰ ফুটবলপ্ৰেমীক ৷ কলহৰ মুখেৰে গিলিলে মদ ৷

কাটাৰৰ ষ্টেডিয়ামত মেচী, এমবাপ্পে(Kylian Mbappe) দুভৰিৰ যাদু দেখুৱাই থকাৰ সময়তে কেৰালাৰ সুৰা আৰু ফুটবলপ্ৰেমীয়েও যেন দেখুৱালে যাদু ৷ অভূতপূৰ্ব ৰেকৰ্ড গঢ়ি গিলিলে 50 কোটি টকাৰ মদ ৷ যাক লৈ সৰ্বত্ৰে এতিয়া চৰ্চাৰ ৰাজ্য হৈ পৰিছে কেৰালা ৷ আৰ্জেন্টিনাৰ জয়ৰ সুখ আৰু ফ্ৰান্সৰ বিফলতাৰ শোকৰ যেন সমভাগী হ’ল কেৰালাৰ সুৰাপায়ী ৷

অৱশ্যে কেৰেলাত দৈনিক সুৰা বিক্ৰীৰ হিচাপতকৈ বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলৰ দিনা বিক্ৰী 17 কোটি টকা অধিক বুলি জানিব পৰা গৈছে (Liquor sell on World Cup final day in Kerala)৷

লগতে পঢ়ক: বৃদ্ধাৱস্থাত মদ্যপানে দেহত ক্ৰিয়া কৰে সক্ৰিয়ভাৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.