ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 26, 2022, 8:59 AM IST

top 10 at 9 am
9 বজাৰ শীৰ্ষ দহটা বাতৰি

9 বজাৰ শীৰ্ষ দহটা বাতৰি

ৰাছিয়াৰ সামৰিক বিমান ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ সামৰিক বাহিনীৰ

পেৰাট্ৰুপাৰ সহিতে ৰাছিয়াৰ এখন সামৰিক বিমানলৈ গুলীবৰ্ষণ কৰি বিমানখন ধ্বংস কৰাৰ দাবী কৰিছে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে (Ukraine says it has shot down military plane) ৷

সপত্নীক হিমন্ত বিশ্ব শৰ্মাক ৪০০০ টকাৰ জৰিমনা আদালতৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী ৰিণিকী ভূঞা শৰ্মালৈ দুহেজাৰকৈ মুঠ চাৰি হাজাৰ টকা জৰিমনা বিহিলে আদালতে (Court fined Himanta Biswa Sharma along with wife) ৷

অতিথিক কিদৰে আদৰিব লাগে সেয়া অসমীয়াৰ পৰা শিকা উচিত: ৰামনাথ কোবিন্দ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অসম ভ্ৰমণৰ আজি প্ৰথমটো দিন (Ram Nath Kovinds Assam visit) ৷ প্ৰথমদিনটোত ৰাষ্ট্ৰপতিগৰাকীয়ে অমসবাসীৰ পৰা লাভ কৰা আদৰণিত আপ্লুত হৈ ক’লে, ‘‘অতিথিক কিদৰে আদৰিব লাগে সেয়া সমগ্ৰ দেশে অসমীয়া মানুহৰ পৰা শিকা উচিত।‘‘ অসমীয়াতে ক’লে, ‘‘অসমবাসী ৰাইজলৈ মোৰ নমস্কাৰ ৷‘‘

নিৰ্মীয়মান গুৱাহাটী এইমছত কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ ভাৰতী প্ৰবীণ পাৱাৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে শুকুৰবাৰে বিয়লি চাংসাৰিত নিৰ্মীয়মান গুৱাহাটী এইমছ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতি বুজ লয় (Dr. Bharati Praveen Pawar oversee the progress work of AIIMS in Changsari) ৷

Russia Ukraine war: যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাঁহাকাৰ

যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাঁহাকাৰ । নিৰাপত্তাহীনতাত ভুগিছে শিক্ষাৰ্থী সকলে । মহাৰাষ্ট্ৰৰ আহমেদ নগৰৰ ১৮ গৰাকী শিক্ষাৰ্থীয়ে স্থানান্তৰ বিছাৰি প্ৰেৰণ কৰিলে SOS (Russia Ukraine war)।

Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে (Modi speaks to Putin over Ukraine situation)৷

Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তনৰ চেষ্টা ৰাজ্য চৰকাৰৰ

ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী (Assamese students in Ukraine) ৷

Russia Ukraine war: ইউক্ৰেইনত আৱদ্ধ যোৰহাটৰ প্ৰয়াস

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ (Russian Ukraine war) ৰ ফলত ইউক্ৰেইনত বিৰাজ কৰিছে এক শ্বাসৰুদ্ধ পৰিৱেশে ৷ ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতৰ তথা অসমৰ বহুসংখ্যক নাগৰিকৰ লগতে শিক্ষাৰ্থী ৷

Fake Encounter allegation: আৰক্ষী সঞ্চালক প্ৰধান, মানৱ অধিকাৰ আয়োগলৈ ন্যায়ালয়ৰ জাননী

ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী (Court issues notice to Assam police and Human rights Commission) ৷ চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ ।

Sensational murder at Diphu: বিড়ি নিদিয়াৰ বাবেই প্ৰাণ ললে পিটলিৰ

আপোনাৰ বাৰু আছে নেকি বদ অভ্যাস ? আপুনি বাৰু সেৱন কৰে নেকি বিড়ি, চিগাৰেট বা অন্য মাদক দ্ৰব্য ? যদি কৰে তেন্তে সাৱধান ৷ আপুনিও কেতিয়াবা পৰিব পাৰে আপুনাৰ বন্ধু-বান্ধৱৰ ৰোষত ৷ সবিশেষ এই প্ৰতিবেদনত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.