ETV Bharat / state

Sensational murder at Diphu: বিড়ি নিদিয়াৰ বাবেই প্ৰাণ ললে পিটলিৰ

author img

By

Published : Feb 25, 2022, 10:06 PM IST

Brutally murdered a person for bidi at diphu
বিড়ি নিদিয়াৰ বাবেই প্ৰাণ গ’ল পিটলিৰ

আপোনাৰ বাৰু আছে নেকি বদ অভ্যাস ? আপুনি বাৰু সেৱন কৰে নেকি বিড়ি, চিগাৰেট বা অন্য মাদক দ্ৰব্য ? যদি কৰে তেন্তে সাৱধান ৷ আপুনিও কেতিয়াবা পৰিব পাৰে আপুনাৰ বন্ধু-বান্ধৱৰ ৰোষত ৷ সবিশেষ এই প্ৰতিবেদনত...

ডিফু, ২৫ ফেব্ৰুৱাৰী : এটা বিড়িয়েই কাল হ’ল পিটলি গড়ৰ বাবে ৷ বিড়িয়ে প্ৰাণ কাঢ়িলে পিটলিৰ ৷ আপুনি হয়তু ভাবিছে, মাত্ৰাধিক বিড়ি সেৱন কৰে পিটলিয়ে, যাৰ বাবে মৃত্যু হ’ল পিটলিৰ ৷

যদি এনে ভাৱিছে, তেন্তে আপোনাৰ ধাৰণা ভুল হৈছে ৷ কিয়নো অত্যাধিক বিড়ি সেৱন কৰাৰ বাবে নহয়, আনক বিড়ি নিদিয়াৰ বাবেই অকাল মৃত্যুক সাৱতিৱ লগা হ’ল পিটলি ৷ এই বাক্যশাৰীয়ে আপোনাক হয়তো দোমোজাত পেলাইছে ৷

ক’ত কেনেকৈ মৃত্যু হ’ল পিটলি গড়ৰ (Sensational murder at Diphu) ৷

এতিয়া আহিছো প্ৰকৃত ঘটনাৰ মাজলৈ ৷ ঘটনাৰ স্থান কাৰ্বি আংলং জিলাৰ মাঞ্জা ৷ মাঞ্জাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ হিদিম তেৰাং গাঁৱত এটা বিড়িৰ বাবে এজন লোকক হত্যা কৰা হৈছে (Brutally murdered a person for bidi at diphu) ৷

কাহিনী অনুসৰি, বিগত ২৩ ফেব্ৰুৱাৰীত মাঞ্জাৰ হিদিম তেৰাং গাঁৱৰ এখন বিয়ালৈ গৈছিল পিটলি গড় ওৰফে জংগলী সিং ৷ সেই বিয়াস্থলীতে মনিধন মেইথেই নামৰ এজন ৪৫ বছৰীয়া লোকক এটা বিড়ি খোজিছিল পিটলিয়ে ৷ আৰু তাতেই লাগে অথন্তৰ ৷ সৰু ল'ৰা হৈ কিয় বিড়ি খুজিছ বুলি কৈ পিটলি গড়ক এটা কাণতলিয়া চৰ সোধায় মনিধন মেইথেইয়ে ৷

চৰ মাৰি দিয়াটোৱেই কাল হ'ল মনিধন মেইথেইৰ বাবে ৷ তাৰ পাচত চৰৰ পোতক তুলিবলৈ বুলি পিটলি গড়ে লগৰ আন চাৰিজন লগৰীয়া ক্ৰমে সঞ্জীত টেৰণ, সন্তোষ সিং, চলিদ ইংতি আৰু এজন বন্ধুক লগত লৈ বুধবাৰে পুৱতি নিশা প্ৰায় 1:30 মিনিটত কাষতে থকা ৰবৰ বাগানলৈ মাতি নিয়ে ৷ তাতে দলবদ্ধভাৱে চন্দ্ৰ তিমুঙক লাঠিৰে মৰিয়াই মৰিয়াই মৰিয়াই হত্যা কৰে পিটলি আৰু তেওঁৰ সতীৰ্থই ৷

এই খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জু গগৈৰ নেতৃত এটা আৰক্ষীৰ দল ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে মনিধন মেইথেইৰ নিথৰ দেহটো ৷ লগতে হত্যাকাণ্ডত জড়িত ৫ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় মাঞ্জা আৰক্ষীয়ে ৷ জানিব পৰা মতে, ইয়াৰে এটা অভিযুক্ত নাবালক ৷

শুকুৰবাৰে দণ্ডাধীশৰ উপস্থিতিত মাঞ্জা আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাত ব্যৱহৃত লাঠি জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত কেইটাই দণ্ডাধীশৰ সন্মূখতে উক্ত লোমহৰ্ষক হত্যাকাণ্ডৰ কথা নিজে স্বীকাৰ কৰে ৷ এটা বিড়িৰ বাবে জিলাখনত সংঘটিত হোৱা এনে নৃশংস হত্যাকাণ্ডক সচেতন মহলে ধিক্কাৰ দিয়াৰ লগতে দোষীৰ উপযুক্ত শাস্তি বিহাৰো দাবী কৰিছে ৷

লগতে পঢ়ক : Bride commits suicide on wedding day: বিয়াৰ এদিন পূৰ্বে অতি ৰহস্যজনকভাৱে আত্মহত্যা কন্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.