ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 30, 2021, 7:24 PM IST

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

মুষলধাৰ বৰষুণ অব্যাহত থকাৰ বাবে ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰিছে ব্ৰহ্মপুত্ৰ । মহানগৰীত বিপদ সীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে । জলসম্পদ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে সম্প্ৰতি মহানগৰীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

অৱশেষত শিৱসাগৰত নগৰত দোকান ঘৰ দখল কৰা দুই ব্যৱসায়ীৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ননী দেৱীয়ে ৷ এজাহাৰ দাখিল কৰাৰ সময়ত অকলশৰীয়া বিধৱা মহিলা গৰাকীক সংগ দিয়ে বীৰ লাচিত সেনাই ৷

কাৰ্বি আংলঙত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড

কাৰ্বি আংলঙৰ চকীহোলাত অৰ্দ্ধ উলংগ অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ ৷ শনিবাৰৰে পৰা ভুক্তভোগী কিশোৰী গৰাকী আন এগৰাকী কিশোৰীৰ সৈতে সন্ধানহীন অৱস্থাত আছিল ৷

আছাম ৰাইফলছৰ পোচাক, গাড়ী নকল কৰি আৰক্ষীৰ জালত বৃহৎ চক্ৰ

নিজকে আছাম ৰাইফলছৰ জোৱান তথা স্বয়ম্ভু বিষয়া হিচাপে চিনাকি দি অপৰাধত লিপ্ত হৈছে অসমৰ এটা চক্ৰ ৷ পিছে এতিয়া ইটোৰ পিছত সিটোকৈ এই চক্ৰটোৰ সৈতে জড়িত অপৰাধী পৰিছে আৰক্ষীৰ জালত ৷ সবিশেষ জানো আহক ৷

কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ৰাজ্যবাসীৰ বাবে সাময়িকভাৱে হ’লেও আহিছে আশাৰ বতৰা ৷ ৰাজ্যৰ দুয়োটা কাগজ কল নিলামত স্থগিতাদেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷

কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

লুইতৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যান খনৰ প্ৰায় ৭৫% অঞ্চল এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলাইছে । সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ যাতায়াতত শেনচকু ৰখাৰ উদ্দেশ্যে মুকলি কৰিছে টাইম কাৰ্ড ব্যৱস্থা ৷

বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ শেহতীয়াকৈ ধুবুৰীতো ব্ৰহ্মপুত্ৰৰ জলস্তৰে অতিক্ৰম কৰিছে বিপদসীমা ৷

কলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

কলিয়াবৰৰ বৰঘূলীত নিশা বন্যাৰ্তৰ কাষত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । উল্লেখ্য যে, সম্প্ৰতি ভদীয়া বানৰ কৱলত পৰিছে ৩ নং বৰঘূলিৰ কেইবাটাও অঞ্চল । অঞ্চলকেইটাৰ প্ৰায় দুই শতাধিক পৰিয়াল বৰ্তমান বানৰ কৱলত পৰিছে ।

বিধায়ক জিতু গোস্বামীক উভতি ধৰিলে AJYCPৰ নেতৃত্বই

মিকিৰ বামুণী গ্ৰাণ্টৰ উচ্ছেদিত ভূমিক লৈ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । দেওবাৰে সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে দুৰ্নীতি সংঘটিত হ'লেই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । সংগঠনটোৱে ৰজাঘৰীয়াৰ ৰঙা চকুলৈ কেৰেপ নকৰে বুলিও সকীয়াই দিয়ে ।

গাঁওবুঢ়াসকলক ম’বাইল ফোন বিতৰণ বিটিআৰ প্ৰধানৰ

বাক্সা জিলাৰ জালাহস্থিত বি বি কিষাণ মহাবিদ্যালয়ত শনিবাৰে মুছলপুৰ জিলা ইউপিপিএল সমিতিৰ উদ্যোগত চাপাগুৰি বিধানসভা সমষ্টিৰ বাক্সা আৰু জালাহ ৰাজহ চক্ৰৰ গাঁওবুঢ়াসকলৰ মাজত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ম’বাইল ফোন বিতৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.