ETV Bharat / state

কাৰ্বি আংলঙত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড

author img

By

Published : Aug 30, 2021, 6:01 PM IST

Updated : Sep 1, 2021, 5:03 AM IST

minor-girl-murder-case-in-karbi-anglang
কাৰ্বি আংলঙত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড

কাৰ্বি আংলঙৰ চকীহোলাত অৰ্দ্ধ উলংগ অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ ৷ শনিবাৰৰে পৰা ভুক্তভোগী কিশোৰী গৰাকী আন এগৰাকী কিশোৰীৰ সৈতে সন্ধানহীন অৱস্থাত আছিল ৷

ডিফু, ৩০ আগষ্ট : কাৰ্বি আংলং জিলাৰ চকীহোলাত অৰ্দ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ ৷ প্ৰাপ্ত খবৰ অনুসৰি চকীহোলা আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীৰাম গাৱঁত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে বিয়লি গাঁও খনৰ দুগৰাকী কিশোৰীয়ে মাছ মাৰিবলৈ গৈ আকস্মিক ভাৱে নিৰুদ্দেশ হৈ পৰাত চাঞ্চল্যই বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলটোত ৷

নিৰুদ্দেশ হৈ থকা ইয়াৰে কিশোৰী দুগৰাকীৰ মাজৰে এগৰাকী কিশোৰীৰ মৃতদেহ দেওবাৰে আবেলি এইদৰে কৰা উদ্ধাৰ হৈছিল । এই অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ ব্যাপক ৰহস্যৰ সৃষ্টি হৈছিল । গাওঁবাসীয়ে এতিয়া কিশোৰী গৰাকীক কোনো অচিনাক্ত দূৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ।

কাৰ্বি আংলঙত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড

উল্লেখযোগ্য মৃত কিশোৰী গৰাকীৰ মূৰত এক আঘাতৰ চিন দেখা গৈছে ৷ ইতিমধ্যে ভুক্তভোগী কিশোৰী গৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে ৷ ইফালে, একেলগে নিৰুদ্দেশ হোৱা আনগৰাকী কিশোৰী এতিয়াও সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

Last Updated :Sep 1, 2021, 5:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.