ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 9, 2022, 7:06 PM IST

top-10-at-7am
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Bhupen Borah counter reply to Prashanta Phukan: চটফটনিৰ সীমা নোহোৱা হৈছে প্ৰশান্ত ফুকনৰ

বিজেপি বিধায়ক প্ৰশান্ত ফুকনে শেহতীয়াকৈ কংগ্ৰেছ দলক লৈ কৰা মন্তব্যৰ ৰাজহুৱা প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Borah criticizes Prashanta Phukan)। প্ৰশান্ত ফুকনক ক্ষমতাৰ বাহিৰে আন একো চিনি নোপোৱা মূল্যবোধহীন নেতা আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷


NEDFI House in Assam : গুৱাহাটীত নেডফি মাইক্ৰ' লেণ্ডিং আঁচনিৰ শুভাৰম্ভ

মঙলবাৰে শুভাৰম্ভ নেডফি মাইক্ৰ' লেণ্ডিং আঁচনিৰ । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেডফি হাট ৱেবছাইট মুকলি কৰে (NEDFI Haat website launched)। নেডফি হাট ৱেবছাইট মুকলি কৰি অগ্নিবীৰ আঁচনিৰ অধীনত আবেদনকাৰীৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে ।


Azadi Ka Amrit Mahotsav : মহান অসমীয়া স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাস

এইগৰাকী মহান অসমীয়া স্বাধীনতা সংগ্ৰামী তথা দেশপ্ৰেমিকৰ জীৱনজোৰা সামাজিক আৰু ৰাজনৈতিক অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক স্বাধীনতা সংগ্ৰামী বঁটাৰ তাম্ৰপত্ৰৰে সন্মানিত কৰে । কিন্তু আজীৱন সমাজসেৱিকা এইগৰাকী মহান অসমীয়াই এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি তেওঁ কৈছিল কোনো বিনিময়ৰ আশা নকৰাকৈ তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল (freedom fighter Pushpalata Das) ।

Drugs Peddler Arrested: বৰপেটাত কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ড্ৰাগছৰ অবৈধ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ অসামৰিক পোছাকত বৰপেটা আৰক্ষীৰ অভিযান ৷ এই অভিযানত আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীসহ কেবাটাও ব্ৰাউন ছুগাৰৰ কণ্টেইনাৰ জব্দ কৰে (Brown Sugar seized at palhazi)৷


Lightning struck Lakhimpur: চিয়াজুলীত বজ্ৰ পৰি গোধনসহ নিহত চুনু ৰৌতিয়া

লখিমপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ লখিমপুৰত বজ্ৰপাতৰ ফলত এজন কৃষকে মৃত্যুক সাৱটি ল'বলগীয়া হয় (Man died in lightning strike in Lakhimpur) । মৃত লোকজন চিয়াজুলী অঞ্চলৰ ভোকালা বস্তিৰ নিবাসী চুনু ৰৌতিয়া বুলি জানিব পৰা গৈছে ।

Sivasagar Municipal Board: এফালে ধাৰৰ বোজা, আনফালে দিনে-ৰাতিয়ে সমানে লাইট জ্বলাইছে শিৱসাগৰ পৌৰ সভাই

পৰিশোধ কৰিবলৈ আছে ১ কোটি ১২ লাখ টকাৰ বিদ্যুৎ মাচুল, অথচ দিনে-ৰাতিয়ে সমানে জ্বলাই ৰাখিছে হাইমাক্স লাইট ৷ শিৱসাগৰ পৌৰসভাই সংঘটিত কৰিছে এই অবিবেচকী কাণ্ড ৷ ইফালে যিকোনো মূহুৰ্ততে পৌৰ সভাখনৰ বিদ্যুৎ কৰ্তন কৰিবলৈ সাজু হৈ আছে শক্তি বিতৰণ কেন্দ্ৰ(Power cut in Sivasagar town) ৷

Smuggled beef seized: তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ চোৰাংকৈ সৰবৰাহ কৰা গো-মাংস

তেজপুৰৰ দোলাবাৰীত আৰক্ষীৰ গো-মাংস বিৰোধী অভিযান । অভিযানত জব্দ কুইণ্টলে কুইণ্টলে গো-মাংস(Smuggled beef seized at Dolabari in Tezpur) ।এখন বলেৰ পিক আপ ভানত কঢ়িয়াই আনি থকা অৱস্থাত বৰঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে গো মাংসখিনি । দীৰ্ঘদিন ধৰি ব্ৰইলাৰ আৰু মাছৰ কাৰ্টনত গোপনে গো-মাংস সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু সেই সূত্ৰেই আৰক্ষীয়ে অভিযান চলাই গো-মাংসসহ বাহনখন জব্দ কৰাৰ লগতে আটক কৰে দুজনকৈ লোকক । আটকাধীন লোক দুজনৰ এজনৰ নাম মুজিবুৰ ৰহমান আৰু আনজনৰ নাম বচন টামাং বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সৰবৰাহৰ চেষ্টা চলাইছিল দুই সৰবৰাহকাৰীয়ে ।

Fraud arrested: বৰপেটাত জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰৰে জড়িত দুজনক গ্ৰেপ্তাৰ

বৰপেটা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ চক্ৰৰ দুই অভিযুক্ত মইনুল হক আৰু চৈয়দ ইক্ৰামুল হুছেইন ৷ নলবাৰীৰ মছজিদ চ'কৰ এখন কম্পিউটাৰ দোকানৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই দুই অভিযুক্তক (Barpeta police arrested accused of fake marksheet and certificate) ৷

Bihar Political Crisis : বিহাৰৰ ৰাজনীতিত নাটকীয় মোৰ, ৰাজ্যপালক সাক্ষাতৰ সময় বিচাৰিলে নীতিশ কুমাৰে

নীতিশ কুমাৰৰ জেডিইউৰ সৈতে বিজেপিৰ স্নায়ু যুদ্ধৰ বিষয়টোক লৈ বহু দিনৰ পৰাই ৰাজনীতিৰ ময়দানত গুঞ্জন উঠিছিল । সম্প্রতি দুয়ো শিবিৰৰ মাজত সম্পর্কৰ ফাঁট আৰু স্পষ্ট হৈছে । নৰেন্দ্র মোডী নেতৃত্বাধীন নিটি আয়োগৰ (NITI Aayog meeting led by Narendra Modi) বৈঠকত অংশগ্ৰহণ নকৰিলৈ নীতিশ কুমাৰে । তাক কেন্দ্ৰ কৰিয়ে আৰম্ভ হয় নতুন চৰ্চা ।

Militant ambush at Changlang: উগ্ৰপন্থীৰ আক্ৰমণত আহত অসম ৰাইফলছৰ এজন JCO

পুৱতি নিশা ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত অসম ৰাইফলছৰ এজন JCO সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা তথ্য সদৰী কৰিছে ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা বিভাগে (JCO injured in Militant Attack in Changlang)। অৰুণাচলৰ পাংচুপাছ, নাকনৌ আৰু নাগালেণ্ডৰ চেৰামতাসহ তিনিটা স্থানত সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ উগ্ৰপন্থীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.