Fraud arrested: বৰপেটাত জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰৰে জড়িত দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Aug 9, 2022, 3:31 PM IST

Fake Marksheet and Certificate

বৰপেটা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ চক্ৰৰ দুই অভিযুক্ত মইনুল হক আৰু চৈয়দ ইক্ৰামুল হুছেইন ৷ নলবাৰীৰ মছজিদ চ'কৰ এখন কম্পিউটাৰ দোকানৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই দুই অভিযুক্তক (Barpeta police arrested accused of fake marksheet and certificate) ৷

বৰপেটা, ৯ আগষ্ট : ৰাজ্যত ভয়াৱহ ৰূপত পুনৰ শিপাইছে বৃহৎ জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰ (fake marksheets and certificate making cycles in Assam) ৷ এইবাৰ জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰৰ লগত জড়িত দুই মূল অভিযুক্ত পৰিছে আৰক্ষীৰ জালত (accused involving in fake marksheets and certificate arrested) ৷

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে উক্ত চক্ৰটোৰ দুই অভিযুক্ত মইনুল হক আৰু চৈয়দ ইক্ৰামুল হুছেইন ৷ নলবাৰীৰ মছজিদ চ'কৰ এখন কম্পিউটাৰ দোকানৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই দুই অভিযুক্তক (Barpeta police arrested accused of fake marksheet and certificate) ৷ ধৃত দুই অভিযুক্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে জাল মাৰ্কশ্বীট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুতৰ কামত ব্যৱহাৰ কৰা কম্পিউটাৰ ছেট আৰু এটা প্ৰিণ্টাৰ ৷

বৰপেটাত জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰৰে জড়িত দুজনক গ্ৰেপ্তাৰ

উল্লেখ্য, ইয়াৰ পূৰ্বে বৰপেটা আৰক্ষীৰ জালত পৰিছিল জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰৰ সৈতে জড়িত আন ৫টাকৈ অভিযুক্ত ৷ ইয়াকে লৈ এতিয়ালৈকে ভুৱা মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ চক্ৰৰ সৈতে জড়িত মুঠ ৭ টাকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইজনৰ তথ্যৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে তদন্ত চলাই আছে ৷

উল্লেখ্য, মেট্ৰিকৰ জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰি বৰপেটাৰ গৰেমাৰীৰ জনপ্ৰিয় মহাবিদ্যালয়ত নামভৰ্তি কৰা কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহে ৰাজ্যত সক্ৰিয় হৈ থকা এই অপৰাধী চক্ৰটোৰ তথ্য ৷ উক্ত চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভুৱা মাৰ্কশ্বিট, প্ৰমাণ-পত্ৰ যোগান ধৰি সম্পূৰ্ণ শৈক্ষিক পৰিবেশ বিনষ্ট কৰা বুলি মন্তব্য কৰিছে বৰপেটা আৰক্ষীয়ে ৷

আনহাতে, আৰক্ষীয়ে জনোৱা মতে ভুৱা মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত কৰা বৃহৎ চক্ৰৰ সৈতে জড়িত কেইবাজনেও ইতিমধ্যে আত্মগোপন কৰিছে ৷ এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক :Income tax raid at Athgaon : ব্যৱসায়ী জে পি আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.