Sivasagar Municipal Board: এফালে ধাৰৰ বোজা, আনফালে দিনে-ৰাতিয়ে সমানে লাইট জ্বলাইছে শিৱসাগৰ পৌৰ সভাই

author img

By

Published : Aug 9, 2022, 6:39 PM IST

Sivasagar Municipal Board

পৰিশোধ কৰিবলৈ আছে ১ কোটি ১২ লাখ টকাৰ বিদ্যুৎ মাচুল, অথচ দিনে-ৰাতিয়ে সমানে জ্বলাই ৰাখিছে হাইমাক্স লাইট ৷ শিৱসাগৰ পৌৰসভাই সংঘটিত কৰিছে এই অবিবেচকী কাণ্ড ৷ ইফালে যিকোনো মূহুৰ্ততে পৌৰ সভাখনৰ বিদ্যুৎ কৰ্তন কৰিবলৈ সাজু হৈ আছে শক্তি বিতৰণ কেন্দ্ৰ(Power cut in Sivasagar town) ৷

শিৱসাগৰ, 9 আগষ্ট: ডিঙিলৈকে ধাৰ থকাৰ পাছতো শুভ বুদ্ধি উদয় হোৱা নাই শিৱসাগৰ পৌৰসভাৰ (Sivasagar Municipal Board)৷ পৰিশোধ কৰিবলৈ আছে ১ কোটি ১২ লাখ টকাৰ বিদ্যুৎ মাচুল, অথচ দিনে-ৰাতিয়ে সমানে জ্বলাই ৰাখিছে হাইমাক্স লাইট ৷ বেলিৰ পোহৰ থাকোতেও লাইট জ্বলাই ৰখা পৌৰসভাখনৰ এক অবিবেচক কাণ্ড ৷

পূৰ্বেও আমি উল্লেখ কৰি আহিছিলো শিৱসাগৰ পৌৰসভাৰ অনাদায় বিদ্যুৎ মাচুলৰ ভাৰ (Electricity bill of Sivasagar Municipal Board) । যাৰ বাবে শিৱসাগৰ বিদ্যুৎ সংমণ্ডলে এসপ্তাহৰ পূৰ্বে শিৱসাগৰ নগৰৰৰ ২২ টা হাইমাক্স লাইটৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিবলৈ বাধ্য হৈছিল । কিন্তু গুৱাহাটীৰ পৌৰ সঞ্চালকৰ কাৰ্যালয়ে আগন্তুক স্বাধীনতা দিৱসৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ আগষ্টলৈকে বিদ্যুৎ সংযোগ বাহাল ৰখাৰ আহ্বান জনোৱাৰ বাবে শিৱসাগৰ বিদ্যুৎ সংমণ্ডলে উক্ত লাইটসমূহৰ বিদ্যুৎ সংযোগ বাহাল ৰাখে ।

দিনে-ৰাতিয়ে সমানে লাইট জ্বলাইছে শিৱসাগৰ পৌৰ সভাই

কোটি টকাৰ বিদ্যুৎ মাচুলৰ বোজা লৈ থকা পৌৰসভাখনে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ হ’ব লাগিছিল যদিও শেহতীয়াকৈ পৌৰসভাৰ দিনে-ৰাতিয়ে লাইট জ্বলাই ৰখাৰ দৰে অবিবেচক কাণ্ডত চকু কপালত উঠিছে নগৰবাসীৰ । যিসমূহ হাইমাক্স লাইটৰ বাবদ পৌৰসভাই বিদ্যুৎ বিভাগক বুজন পৰিমানৰ মাচুল পৰিশোধ কৰিবলৈ আছে, সেই সময়ত হাইমাক্স লাইটসমূহ পৌৰসভাই দিনতে জ্বলাই ৰখাৰ যুক্তি ক’ত? যাৰ ফলত অতিৰিক্তভাৱে বৃদ্ধি হৈ গৈ আছে বিলৰ পৰিমাণ । অৱশ্যে ১৫ আগষ্টৰ পাছত বিদ্যুৎ মাচুল পৰিশোধ নকৰিলে পৌৰসভাৰ সকলো বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ভাবুকি দিছে বিদ্যুৎ বিভাগে ।

আনহাতে দিনতে উচ্চ ক্ষমতাসম্পন্ন লাইট এইদৰে জ্বলাই ৰাখি কোটি টকাৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিব নোৱাৰা শিৱসাগৰ পৌৰসভাই পুনৰ এবাৰ নিজৰ দায়িত্বহীনতাকে প্ৰমাণ কৰা বুলি একাংশই সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Recruitment scam in Health department: অনুসন্ধানৰ আওঁতালৈ শিৱসাগৰ জিলাৰ ৯১ গৰাকী স্বাস্থ্য কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.