ETV Bharat / city

Recruitment scam in Health department: অনুসন্ধানৰ আওঁতালৈ শিৱসাগৰ জিলাৰ ৯১ গৰাকী স্বাস্থ্য কৰ্মচাৰী

author img

By

Published : Aug 9, 2022, 1:29 PM IST

Recruitment scam in Health department
Recruitment scam in Health department

শিক্ষক নিযুক্তিৰ পাছত এইবাৰ শিৱসাগৰত স্বাস্থ্যকৰ্মী নিযুক্তি কেলেংকাৰী (Recruitment scam in Health department) ৷ 91 গৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অনুসন্ধানৰ আওঁতালৈ ৷ নিযুক্তিৰ তথ্য দাখিলৰ নিৰ্দেশ স্বাস্থ্য সঞ্চালকালয়ৰ ৷ তথ্য লাভৰ পিচত সম্পন্ন হ'ব অনুসন্ধান ৷

শিৱসাগৰ, 9 আগষ্ট: শিৱসাগৰ জিলাত নাবালক শিক্ষক নিযুক্তি কেলেংকাৰীৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তিত কেলেংকাৰী ধৰা পৰিছে (Recruitment scam in Health department) ৷ বিভাগটোত স্বাস্থ্য প্ৰশিক্ষক, নিম্নবৰ্গৰ সহায়ক, এমপিডব্লিউ, ফাৰ্মাচিষ্ট, ৰেডিঅ’গ্ৰাফাৰ, লেপ্ৰচি পৰীক্ষক, লেবৰেটৰী টেকনিচিয়ান আদি বিভিন্ন পদৰ ৯১ সংখ্যক নিয়োগক লৈ বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে (Allegation against health workers) ।

Recruitment scam in Health department
শিৱসাগৰত স্বাস্থ্যকৰ্মী নিযুক্তি কেলেংকাৰী

ইতিমধ্যে গুৱাহাটীৰ স্বাস্থ্য সঞ্চালকালয়ে প্ৰেৰণ কৰিছে ৯১ গৰাকী কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত এখন দীঘলীয়া তালিকা ৷ ইয়াৰ পাচতে স্বাস্থ্য সঞ্চালকালয়ৰ নিৰ্দেশত শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে আদেশ নং JTDHS/Enquiry/RTI/2022/03-08/03/08/22 যোগে এই ৯১ গৰাকী কৰ্মচাৰীক ১২ আগষ্টৰ ভিতৰত তেওঁলোকৰ নিয়োগৰ সকলো তথ্য তথা যাৱতীয় প্ৰতিলিপি প্ৰদানৰ নিৰ্দেশ দিছে ।

এই সমূহ তথ্য শিৱসাগৰৰ স্বাস্থ্য বিভাগে বিশেষ তদন্তৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰি বুলি জানিব পৰা গৈছে (Probe against health workers in Sivsagar) ।

অনুসন্ধানৰ আওঁতালৈ শিৱসাগৰ জিলাৰ ৯১ গৰাকী স্বাস্থ্য কৰ্মচাৰী

উল্লেখযোগ্য যে, শিৱসাগৰৰ এগৰাকী আৰটিআই কৰ্মীৰ আৱেদনত শিৱসাগৰ জিলাত স্বাস্থ্য বিভাগৰ এনে কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য উন্মোচন হৈছিল ।যাৰ বাবে এতিয়া স্বাস্থ্য সঞ্চালকালয়ে এনে নিয়োগৰ তদন্ত ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে । কংগ্ৰেছ চৰকাৰৰ দিনত বিজ্ঞাপন, সাক্ষাৎকাৰ, নিযুক্তি পত্ৰৰ অবিহনে কেৱল বদলিকৰণৰ কাগজৰ ভিত্তিত এই সকল কৰ্মচাৰীয়ে নিয়োগ লাভ কৰি বছৰ বছৰ ধৰি চৰকাৰী দৰমহা ভোগ কৰি অহাৰ সন্দেহ কৰা হৈছে । ধনৰ বিনিময়ত কেৱল বদলিৰ কাগজ লৈয়ে এনে নিয়োগ হোৱাৰ অভিযোগে এতিয়া শিৱসাগৰ জিলাৰ লগতে চৰাইদেউ জিলাতো জোঁকাৰণি তুলিছে ।

লগতে পঢ়ক : Sonari Health Department Recruitment Scam: নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.