ETV Bharat / state

Bhupen Borah counter reply to Prashanta Phukan: চটফটনিৰ সীমা নোহোৱা হৈছে প্ৰশান্ত ফুকনৰ

author img

By

Published : Aug 9, 2022, 2:21 PM IST

বিজেপি বিধায়ক প্ৰশান্ত ফুকনে শেহতীয়াকৈ কংগ্ৰেছ দলক লৈ কৰা মন্তব্যৰ ৰাজহুৱা প্ৰত্যুত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Borah criticizes Prashanta Phukan)। প্ৰশান্ত ফুকনক ক্ষমতাৰ বাহিৰে আন একো চিনি নোপোৱা মূল্যবোধহীন নেতা আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷

Bhupen Borah counter reply to Prashanta Phukan
Bhupen Borah counter reply to Prashanta Phukan

বিহপুৰীয়া, 9 আগষ্ট: ‘‘ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়াৰ বাবেই আজিকোপতি মন্ত্ৰী হ’ব নোৱাৰিলে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷ বিধায়কজনৰ এই কাৰ্যৰ বাবে আনকি টিকটো কাটিব খুজিছিল সৰ্বানন্দ সোণোৱালে ৷’’ বিহপুৰীয়াত এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁ লগতে কয় যে, বিজেপিয়ে বাৰে বাৰে বাধা দিয়াৰ পাচতো অপ্ৰতিৰোধ্যভাৱে কংগ্ৰেছে বিৰোধ কৰি অহা দেখি চটফটনিৰ সীমা নোহোৱা হৈছে প্ৰশান্ত ফুকনৰ (Bhupen Kumar takes a dig on MLA Prashanta Phukan) ৷

চটফটনিৰ সীমা নোহোৱা হৈছে প্ৰশান্ত ফুকনৰ

উল্লেখ্য যে, সোমবাৰে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে, আঠজনকৈ কংগ্ৰেছ বিধায়কে শীঘ্ৰেই বিজেপিত যোগদান কৰিব ৷ অতি ধুমধামেৰে এই যোগদান অনুষ্ঠান হ’ব বুলিও তেওঁ জনায় (Prashanta Phukan against congress)৷ অৱশ্যে আঠ বিধায়কৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে প্ৰশান্ত ফুকন ৷ বিজেপি বিধায়কজনৰ এই মন্তব্যৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ প্ৰশান্ত ফুকনক ক্ষমতাৰ বাহিৰে আন একো চিনি নোপোৱা মূল্যবোধহীন নেতা আখ্যা দি তেওঁৰ কথা গুৰুত্বহীন বুলি কয় সভাপতি বৰাই ৷

মঙলবাৰে বিহপুৰীয়াত কংগ্ৰেছৰ এক কাৰ্যসূচীত অংশ লয় ভূপেন বৰাই ৷ তেওঁ কয় যে, মহাত্মা গান্ধীয়ে আৰ এছ এছৰ দৰে বৃটিছৰ চোৰাংচোৱাগিৰি কৰাহেতেন আজি ভাৰতে স্বাধীনতা নাপালেহেতেন ৷ স্বাধীনতা দিৱস আৰু জাতীয় পতাকাৰ অভিযান সন্দৰ্ভত বিজেপিক সমালোচনা কংগ্ৰেছ সভাপতি গৰাকীৰ ৷

লগতে পঢ়ক : Ashok Dhanuka controversy: অশোক ধানুকাক মুখ্যমন্ত্রীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.