ETV Bharat / state

Ashok Dhanuka controversy: অশোক ধানুকাক মুখ্যমন্ত্রীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Aug 8, 2022, 9:09 PM IST

‘‘অশোক ধানুকাৰ কাৰ্যালয়টো বহু দুৰ্নীতিৰ অভিকেন্দ্ৰ ৷ ভূমি কেলেংকাৰী, অবৈধ ধনৰ লেনদেন আৰু সৰবৰাহ, আৰ বি এছ ৰিয়েলটৰ্চৰ দুৰ্নীতি আদি অনেক কেলেংকাৰীৰ লগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ অশোক ধনোকাৰ জড়িত হৈ আছে ৷’’ এনে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিলে লুৰীণজ্যোতি গগৈয়ে ৷

CID summons businessman Ashok Dhanuka
অশোক ধানুকাক মুখ্যমন্ত্রীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ

গুৱাহাটী, 8 আগষ্ট: পশ্চিমবংগৰ চিআইডিয়ে জেৰাৰ বাবে চমন দিয়া গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাক অসম চৰকাৰে ৰক্ষণাবেক্ষণ দিছে বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সোমবাৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ঝাৰখণ্ডৰ বিধায়কৰ গাড়ীত লক্ষ লক্ষ টকা উদ্ধাৰ কৰা গোচৰৰ তদন্ত কৰা পশ্চিমবংগ আৰক্ষীৰ চি আই ডিয়ে জেৰাৰ বাবে গুৱাহাটীৰ ব্যৱসায়ী ধানুকাক চমন দিছে (CID summons businessman Ashok Dhanuka)।

ধানুকা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, ধানুকাক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰক্ষণাবেক্ষণ দিয়াৰ সৰ্বোতোপ্ৰকাৰে চেষ্টা চলাই আছে । তেওঁ কয় যে হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হিমন্ত বিশ্ব শর্মাৰ অতি ব্যৱসায়ী অশোক ধানুকা আৰু ঘনশ্যাম ধানুকাৰ লগত লগ লাগি কোভিডকালীন সময়ত ছেনিটাইছাৰ, পি পি কিট(PPE Kit scam) আৰু দৰৱ যোগানৰ নামত সংঘটিত কৰা কেংলেকাৰী ইতিমধ্য পোহৰলৈ আহিছে ।

অশোক ধানুকাক মুখ্যমন্ত্রীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ লুৰীণজ্যোতি গগৈৰ

ছেনিটাইজাৰ, পিপিই কিট কেলেংকাৰীৰ পাছত এতিয়া ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচাৰ কামত গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকা জড়িত হৈ পৰা তথ্য পোহৰলৈ আহিছে । তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছত শেহতীয়াকৈ অসমৰ দুনীতিৰ ইতিহাসত অশোক ধানুকাৰ পৰিয়ালৰ নাম চৰ্চাত আহিছে । অশোক ধানুকাৰ পৰিয়ালৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অশোক ধানুকাক ৰাজনৈতিকভাবে ৰক্ষণাবেক্ষণ দি আছে বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে (AJP president Lurinjyoti Gogoi)।

লগতে পঢ়ক: Jharkhand MLAs cash seizure: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাক চিআইডিৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.