ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 12, 2022, 7:05 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-7-pm
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Rangali Utsav 2022 at Tingkhong: সাংস্কৃতিক মন্ত্ৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ টিংখঙত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰঙালী উৎসৱ ২০২২ (Rangali Utsav 2022 at Tingkhong) ।

GMC election manifesto: গুৱাহাটীবাসীক ১০০ দিনৰ ভিতৰত খোৱাপানী দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

মঙলবাৰে মুকলি কৰা হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ (Congress releases GMC election manifesto) । জানো আহক কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে এই নিৰ্বাচনী ইস্তাহাৰত ৷

টিংখাঙত পৰ্যটন বিভাগৰ উদ্যোগত ৰঙালী উৎসৱ ২০২২

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত হোৱা ৰঙালী উৎসৱ(Rangali Utsav 2022 held at Tingkhong) ৰ মঙলবাৰে সামৰণি পৰিব ৷ সোমবাৰে ৰঙালী উৎসৱ 2022 ৰ উদ্বোধন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ৷

জুবিন-পাপনৰ গীত আৰু কেকে-মোহনৰ কৌতুকেৰে মুখৰিত হ’ব টিংখাং

টিংখাঙত উপস্থিত হ’ল অসমৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্ত আৰু জুবিন গাৰ্গ (Zubeen Papon latest news) ৷ অসম পৰ্যটন নিগমে অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠান মুখৰিত হৈ পৰিব দুয়োগৰাকী শিল্পীৰ সুললিত কণ্ঠত ৷

Trikut ropeway mishap : উদ্ধাৰ অভিযানৰ মাজতে পুনৰ এগৰাকী মহিলাৰ দুৰ্ভাগ্যজনক মৃত্যু

ঝাৰখণ্ডৰ দেওঘৰত ৰ’পৱেৰ কেবল কাৰত আবদ্ধ যাত্ৰীসকলক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনাই অভিযান অব্যাহত ৰাখিছে (Rescue operation of IAF at Deoghar)। এই অভিযানৰ মাজতে আন এক অঘটন ।

আম্বানী-আদানীক দেশ বিক্ৰী কৰাসকল কি ধৰণৰ ৰাষ্ট্ৰীয়তাবাদী : কানহাইয়া কুমাৰ

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা চহৰৰ দশৰা খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত কংগ্ৰেছৰ যুৱ নেতা কানহাইয়া কুমাৰে (congress leader Kanhaiya Kumar) পুনৰ আক্ৰমণৰে থকা-সৰকা কৰে কেন্দ্ৰত অধিস্থিত বিজেপি চৰকাৰখনক ৷

উত্তৰ-পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লৈছে বিশেষ পদক্ষেপ

দীৰ্ঘদিন ধৰি উত্তৰ-পূৱৰ নদীসমূহৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে । ত্ৰিপুৰাৰ দুখনকৈ নৈৰ সন্দৰ্ভত নতুনকৈ অধ্যয়ন চলাব ব'ৰ্ডে ।

তিনিচুকীয়াত অস্ত্ৰসহ গ্ৰেপ্তাৰ APLA কেডাৰ

APLA ৰ বিৰুদ্ধে ৰূপাই বেটেলিয়ানৰ অভিযান । অভিযানত আটক APLA (Adivasi People's Liberation Army)ৰ এজন কেডাৰ ।

তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ ভিৰ অভিভাৱকৰ

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিপৰীতে এখন চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী আৰু অভিভাৱকৰ ভিৰ ৷ কিয়নো সকলোকে পঢ়িবলৈ লাগে ৰঙিয়াৰ তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Tulsibari Bahumukhi Higher Secondary School) ৷

নগাঁৱত গৰুসহ আটক দুই চোৰাং সৰবৰাহকাৰী

অপৰাধ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় নগাঁও আৰক্ষী (Nagaon police active against crime offenders)। গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত ৰাখিছে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীৰ তৎপৰতাত পুনৰ জব্দ গৰুভৰ্তি দুখনকৈ ট্ৰাক(Nagaon Police seized two trucks full of cows) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.