ETV Bharat / city

GMC election manifesto: গুৱাহাটীবাসীক ১০০ দিনৰ ভিতৰত খোৱাপানী দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

author img

By

Published : Apr 12, 2022, 6:01 PM IST

মঙলবাৰে মুকলি কৰা হয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ (Congress releases GMC election manifesto) । জানো আহক কি কি বিষয় অন্তৰ্ভুক্ত হৈ আছে এই নিৰ্বাচনী ইস্তাহাৰত ৷

congress-releases-gmc-election-manifesto
GMC election manifesto: গুৱাহাটীবাসীক ১০০ দিনৰ ভিতৰত খোৱাপানী দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ

গুৱাহাটী, 12 এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মঙলবাৰে মুকলি কৰা হয় (Election manifesto of congress)। গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰা হয় । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেব্ৰৱত শইকীয়া, কংগ্ৰেছ নেতা শৰৎ বৰকটকী, মীৰা বৰঠাকুৰ, অকন বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, ৰেকিবুদ্দিন আহমেদ, নীলমণিসেন ডেকা আদিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ।

গছ-গছনিৰে ভৰা, খোৱাপানীৰ সমস্যাহীন এখন নিকা গুৱাহাটী গঢ়ি তোলাৰ শ্ল’গানৰে ১২ টা প্ৰতিশ্ৰুতি দি কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, নৰেন্দ্ৰ মোডীয়ে দেশৰ শাসন ক্ষমতাত বহি গুৱাহাটীলৈ আহি গুৱাহাটীবাসীৰ সকলোকে খোৱাপানী দিব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি ধোঁৱাচাঙত উঠিল ।

ভূপেন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৱা ২০ বছৰৰ অসমৰ অঘোষিত মুখ্যমন্ত্ৰী বুলি কটাক্ষ (Bhupen Borah takes a dig at CM Himanta) কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত বহুত প্ৰতিশ্ৰুতি দিয়ে । মানুহক মিছা সপোন দেখুৱায় । তেওঁ কয় - ''মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি অহা জুন মাহত গুৱাহাটীবাসীক খোৱাপানী দিম বুলি মিছা সপোন দেখুৱাইছে (Drinking water issue of Guwahati people)’’ ।

তেওঁ লগতে কয় ''আমি গুৱাহাটীৰ উন্নয়নৰ বাবে কাম কৰিব পৰা প্ৰাৰ্থী দিছোঁ । ৰাইজৰ, বিশেষজ্ঞৰ মতামত লৈ এই ইস্তাহাৰ প্ৰস্তুত কৰিছো । আমি নিৰ্বাচনত জয়ী হ'লে ১০০ দিনত গুৱাহাটীবাসীক খোৱা পানী দিম । এই নিৰ্বাচন কংগ্ৰেছৰ নতুন নেতৃত্বৰ প্ৰথম নিৰ্বাচন । ৰাইজে আমাক আস্থাত লৈ ভোট দিয়াৰ বাবে আহ্বান জনালোঁ" ৷

বিৰোধী দলৰ দলপতি দেব্ৰৱত শইকীয়া কয় যে জুলাই মাহত মাত্ৰ ৫০০০ মানুহক খোৱা পানী দিব বুলি বিধানসভাত কোৱা মুখ্যমন্ত্ৰীয়ে আকৌ এতিয়া জুনত খোৱাপানী দিব বুলি কৈছে । এয়া নিবাচনী প্ৰচাৰ মাত্ৰ । তেওঁ কয়, ''মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি গুৱাহাটী অপৰাধ মুক্ত কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু অপৰাধ কেনেদৰে নিয়ন্ত্ৰণ কৰিব সেইবিষয়ে কোনো কথা স্পষ্ট কৰা নাই" ৷

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত বিষয়বোৰ হ’ল

  • গুৱাহাটী পানী যোগান প্রকল্প ২ টা বছৰৰ ভিতৰত কার্যক্ষম কৰি পানীযােগান সম্ভৱ কৰি তোলা
  • গুৱাহাটী মহানগৰীক এখন সর্বাংগসুন্দৰ আৰু বানমুক্ত, মহমুক্ত, প্রদূষণমুক্ত সেউজ মহানগৰী হিচাপে গঢ়ি তোলা
  • মালিগাঁও, উজানবজাৰ, ভৰলুমুখ, চানমাৰী, শিলপুখুৰী, নুনমাটি, নাৰেংগী, ছয়মাইল, বেলতলা আৰু হাতীগাঁৱত উন্নত, স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত পর্যাপ্ত আয়তনৰ আধুনিক দৈনিক বজাৰগৃহ স্থাপন কৰা
  • মহানগৰীৰৰ চুবুৰীয়ে চুবুৰীয়ে ক্লিনিক স্থাপন কৰি নাগৰিকৰ স্বাস্থ্য পৰীক্ষা, সৰু-সুৰা চিকিৎসাৰ ব্যৱস্থা সহজলভ্য কৰি তোলা আদি

লগতে পঢ়ক : উত্তৰ-পূৱৰ নদীৰ উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে লৈছে বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.