ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 22, 2022, 10:56 AM IST

TOP 10 at 11 am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

ICUত ভৰ্তি বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱা

স্বনামধন্য চিত্রশিল্পী নীলপৱন বৰুৱা অসুস্থ ৷ বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত 24 ঘণ্টা নিৰীক্ষণৰ পিছত শিল্পীগৰাকী বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে (Neel Pawan Baruah admitted in hospital)৷

সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হ’ল যুৱক

ৰাজ্যজুৰি সোপাধৰাৰ আতংক (Mob lynching case in Cachar) ৷ একাংশ লোকে সোপাধৰাৰ উৰা বাতৰি প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্ত কিছুদিনৰ পৰা গণপ্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে ৷ সোপাধৰাৰ আতংকত বুধবাৰে একেদিনাই ৰাজ্যৰ তিনি ঠাইত লোকক প্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে ৷ কাছাৰ জিলাতো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷


গোলাঘাটত সোপাধৰাৰ আতংক; এজনক আটক

গোলাঘাট জিলাত সোপাধৰাৰ সন্দেহত স্থানীয় ৰাইজে আটক কৰে এজনক । আটকাধীন লোকজন উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বাসিন্দা লক্ষণ বুলি জানিব পৰা গৈছে ৷


মৰাণত আলফাৰ লিংকমেন আটক

ৰাজ্যত পুনৰ সক্ৰিয় হৈছে আলফা স্বাধীন ৷ মৰাণৰ বেজপথাৰ গাঁৱৰ পৰা আটক বিৰাজ গগৈ নামৰ সন্দেহজনক আলফা লিংকমেন ৷ মৰাণ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা আটক কৰে বিৰাজ গগৈক(ULFA Linkman arrested by Moran Police) ৷

সোপাধৰাৰ সন্দেহত সোণাৰিত আটক এজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোপাধৰাৰ আতংকই বিৰাজ কৰি থকা সময়তে চৰাইদেউ জিলা সোণাৰিৰ জবকা চাহ বাগিছাত বুধবাৰে নিশা সোপাধৰাৰ সন্দেহত আটক কৰা হয় এজন লোকক (Police arrested a unknown person at Joboka tea estate of Sonari) । স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত আটক কৰা হয় সন্দেহজনক লোকজনক ৷ পাচত স্থানীয় ৰাইজে আটক কৰা লোকজনক গতাই দিয়ে আৰক্ষীক । নিশা সন্দেহজনকভাৱে ঘূৰি ফুৰা লোকজনৰ দেহত তেজৰ চেকুৰা লাগি থকাক লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ । সমগ্ৰ ৰাজ্যতে সোপাধৰাৰ আতংকই আতংকিত কৰা সময়তে জবকা অঞ্চলত অচিনাক্ত ব্যক্তি এনেধৰণে ধৰা পৰাত নিৰাপত্তাহীনতাত ভুগিছে এতিয়া স্থানীয় ৰাইজ ৷

বৰ্তমান সময়ত ভাৰতত শিক্ষাৰ্থীৰ বাবে স্বৰ্ণিল কাল চলি আছে : অশোক সিংহাল

গোৱালপাৰা মহাবিদ্যালয়ত আয়োজন আন্তঃমহাবিদ্যালয় মাণ্ডলিক যুৱ মহোৎসৱ (Inter College Mandalik Youth Festival 2022) ৷ মহোৎসৱত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অভিভাৱক মন্ত্ৰী অশোক সিংহাল ।


নীতি অনুসৰণ নকৰা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব চৰকাৰে

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিভাগীয় বিষয়াৰে বৈঠক । নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ (Review meeting on De addiction centre management)বাবে প্ৰস্তুত হৈ থকা নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী হাজৰিকাই । ৰাজ্যখনত গুণগত মানৰ নিচামুক্তি কেন্দ্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব ।


গৰ্ভপাতৰ পাছতে মৃত্যু হোৱা কিশোৰীক পুতি থৈ পলায়ন পিতৃসহ পৰিয়ালৰ লোক

অনাৰ কিলিঙৰ বলি হ’ল ডিফুৰ বকলীয়াঘাটৰ ১৬ বছৰীয়া কিশোৰী ৷ গৰ্ভপাতৰ পাছতে মৃত্যু হোৱা কিশোৰীক পিতৃ, খুড়াক আৰু বৰদেউতাকে মিলি পুতি থ’লে মৃতদেহ (Honour killing in Diphu) ৷


তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ছাত্ৰৰ আত্মহত্যা

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অঘটন ৷ এজন ছাত্ৰই কৰিলে আত্মহত্যা (Student committed suicide) ৷ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ৭ ম ষান্মাসিকত অধ্যয়ণৰত আছিল ছাত্ৰজন ৷

দুৰ্গা পূজাৰ পাছতে আছুসহ 30 সংগঠনৰ আন্দোলনৰ কাৰ্যসূচী

তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত কৰাৰ বিৰোধিতাৰে একত্ৰিত হ’ল আছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু এবছু ৷ দুৰ্গা পূজাৰ পাছতে এলানি আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি জনালে আছুৰ নেতৃত্বই (Protest against decision of Assam govt) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.